ETV Bharat / sitara

এছ শংকৰৰ পৰৱৰ্তী ছবিত ৰাম চৰণ আৰু কিয়াৰা আদৱানী

author img

By

Published : Jul 31, 2021, 3:24 PM IST

প্ৰযোজক শ্ৰী ভেংকটেশ্বৰ ক্ৰিয়েশ্যনে (Sri Venkateswara Creation) আদৱানীৰ ২৯তম জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এই বিশেষ দিনটোত ছবিখনৰ বাবে তেওঁৰ নাম ঘোষণা কৰে । টুইটযোগে অভিনেত্ৰীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ছবিখনৰ কাষ্টিঙৰ বাবে আদৰণি জনায় ক্ৰিয়েশ্যনে ।

Kiara Advani opposite Ram Charan
RC15 ত ৰাম চৰণৰ সৈতে দেখা যাব কিয়াৰা আদৱানীক

চিটাৰা ডেস্ক, ৩১ জুলাই : ভাৰতীয় চলচ্চিত্ৰ জগতৰ চৰ্চিত পৰিচালক এছ শংকৰৰ আহিবলগীয়া আন এখন ছবি হৈছে 'আৰচি ১৫' (RC15) । এই ছবিখনত দক্ষিণৰ তাৰকা ৰাম চৰণৰ(Ram Charan) বিপৰীতে দেখা যাব অভিনেত্ৰী কিয়াৰা আদৱানীক (Kiara Advani) । ছবি নিৰ্মাতা গোটটোৱে শনিবাৰে ছবিখনৰ বাবে অভিনেত্ৰীগৰাকীৰ নাম ঘোষণা কৰে । উল্লেখ্যে ২০১৯ চনৰ তেলেগু একচন ছবি 'বিনয় বিধেয়া ৰামা'ৰ পিছত এই ছবিখনত দুয়োগৰাকী অভিনেতা অভিনেত্ৰীক একেলগে দেখা যাব ।

প্ৰযোজক শ্ৰী ভেংকটেশ্বৰ ক্ৰিয়েশ্যনে (Sri Venkateswara Creation) আদৱানীৰ ২৯তম জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এই বিশেষ দিনটোত ছবিখনৰ বাবে তেওঁৰ নাম ঘোষণা কৰে । টুইটযোগে অভিনেত্ৰীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ছবিখনৰ কাষ্টিঙৰ বাবে আদৰণি জনায় ক্ৰিয়েশ্যনে । কিছুদিন পিছতে অভিনেত্ৰীগৰাকীৰ পৰৱৰ্তী ছবি 'শ্বেৰশ্বাহ' মুক্তি পাব ।

ইফালে 'আৰচি ১৫'ৰ বাবে চুক্তিবদ্ধ হোৱাৰ পাচতে অভিনেত্ৰীগৰাকীয়ে কয় যে, তেওঁ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ অভিজ্ঞ শিল্পীসকলৰ সৈতে কাম কৰিবলৈ উৎসাহিত আৰু উদ্বিগ্ন হৈ আছে । তেওঁ দৃশ্যগ্ৰহণ আৰম্ভ হোৱা দিনটোলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে আৰু তেওঁ আশা কৰা মতে এই ছবিখনেও যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব ।

'আৰচি ১৫' ছবিখন তেলেগু, তামিল আৰু হিন্দী তিনিটা ভাষাত মুক্তি পাব । শ্ৰী ভেংকটেশ্বৰ ক্ৰিয়েশ্যনৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া ছবিখন দিল ৰাজু আৰু শিৰিষ গাৰুৰ দ্বাৰা যুটীয়াভাৱে প্ৰযোজনা কৰা হৈছে । এই চলচ্চিত্ৰখনৰ উপৰিও আদৱানীক কৰণ জোহৰৰ দ্বাৰা প্ৰযোজিত ছবি 'জুগ জুগ জীয়ো' আৰু আনিস বাজমী পৰিচালিত কমেডি 'ভুল ভুলাইয়া ২' দেখা যাব । ইফালে, ৰাম চৰণক এছ এছ ৰাজামৌলীৰ (S S Rajamouli) পিৰিয়ড একচন ড্ৰামা 'আৰআৰআৰ' (RRR) আৰু তেলেগু চলচ্চিত্ৰ 'আচাৰ্য'ত (Acharya) তেওঁৰ পিতৃ চিৰঞ্জিৱীৰ সৈতে দেখা যাব।

লগতে পঢ়ক :2 আগষ্টত ৰাজ কুন্দ্ৰাৰ জামিন আবেদনৰ ওপৰত আদেশ ঘোষণা কৰিব আদালতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.