ETV Bharat / international

US superfog : ৰাজপথত একেলগে জ্বলি নিঃশেষ বহু বাহন, ৭ গৰাকী যাত্ৰী নিহত

author img

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 10:40 AM IST

আমেৰিকাৰ দক্ষিণ লুইজিয়ানাত ভয়ংকৰ ঘটনা । একেলগে দুৰ্ঘটনাত পতিত বহু বাহন । মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা । উদ্ধাৰ অভিযান অব্যাহত আছে ।

US superfog
ৰাজপথত একেলগে জ্বলি নিঃশেষ বহু বাহন

ইণ্টাৰনেশ্যনেল ডেস্ক,২৪ অক্টোবৰ : আমেৰিকাৰ দক্ষিণ লুইজিয়ানাত বনজুইৰ ধোঁৱা আৰু ঘন কুঁৱলীৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । সাধাৰণ জীৱন যাত্ৰাত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে । ইফালে ঘন কুঁৱলীৰ ফলত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰিছে । ইয়াৰ মাজতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । সোমবাৰে হোৱা ভয়ংকৰ দুৰ্ঘটনাটোত প্ৰায় ৭ গৰাকী লোকৰ মৃত্যু হয় ।

লুইজিয়ানা ৰাজ্যিক আৰক্ষীয়ে জনোৱা মতে দুৰ্ঘটনাটোত ২৫ জন লোক আঘাতপ্ৰাপ্ত হৈছ আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে । ইফালে প্ৰকাশ পোৱা দুৰ্ঘটনাৰ ফটো আৰু ভিডিঅ'বোৰে সকলোকে বিচলিত কৰি তুলিছে । হ্ৰদৰ ওপৰত থকা দলং এখনত একেলগে জ্বলি ছাৰখাৰ বহু বাহন । আন্তঃৰাজ্যিক ৫৫ পথত সংঘটিত হৈছে এই দুৰ্ঘটনা । জানিব পৰা মতে ঘন কুঁৱলীৰ বাবে বাহনবোৰে ইখনে সিখনত খুন্দা মাৰিছিল । ফলস্বৰূপে বহু বাহন একেলগে দুৰ্ঘটনাত পতিত হয় । দুৰ্ঘটনাৰ পাছত বহনবোৰ জুই লাগে আৰু সেই জুইয়ে একেলগে ২০ খনৰো অধিক বাহন ক্ষতিগ্ৰস্ত কৰে ।

একাংশ লোকে জনোৱা মতে এখন তেলৰ টেংকাৰো দুৰ্ঘটনাত পতিত হৈছিল । যাৰ ফলত অগ্নিকাণ্ড অতি ভয়ংকৰ হৈ পৰিছিল । ইফালে মঙলবাৰে পুৱালৈ প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । বহু লোক এতিয়া আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে । একাংশ প্ৰত্যক্ষদৰ্শীৰ মতে দুৰ্ঘটনাটো অতি ভয়ংকৰ আছিল । অৱশ্যে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে । অৱশ্যে প্ৰশাসনে জনোৱা মতে ঘন কুঁৱলী আৰু বনজুইৰ ধোঁৱাৰ ফলত প্ৰায় হ্ৰদৰ কাষৰ পথটোত যান-বাহনৰ চলাচল প্ৰভাৱিত হয় । সম্প্ৰতি পথটো সম্পূৰ্ণ বন্ধ হৈ পৰিছে ।

লগতে পঢ়ক :Bangladesh train collision: বাংলাদেশত দুৰ্ঘটনাগ্ৰস্ত এগাৰোসিন্ধু গোধূলি এক্সপ্ৰেছ; অতিকমেও 15 জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.