ETV Bharat / international

ভাৰতৰ বিৰুদ্ধে মন্তব্য কৰি সংসদীয় কমিটিৰ ৰোষত পৰিব পাৰে মালদ্বীপৰ বিদেশমন্ত্ৰী

author img

By ANI

Published : Jan 9, 2024, 10:24 AM IST

Maldivian MP Mickail Naseem : ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ বিৰুদ্ধে মালদ্বীপৰ এজন ৰাজনৈতিক নেতাই কৰা অসন্মানজনক মন্তব্য কৰাৰ পাচতে বিপদত পৰিব পাৰে দেশখনৰ বিদেশ মন্ত্ৰী আৰু চৰকৰী বিষয়া ৷
mp from maldives has called on the parliament to summon the foreign minister
ভাৰতৰ বিৰুদ্ধে মন্তব্য কৰি সংসদীয় কমিটিৰ ৰোষত পৰিব পাৰে মালদ্বীপৰ বিদেশমন্ত্ৰী

ইন্টাৰনেশ্যনেল ডেস্ক, 9 জানুৱাৰী : ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে মালদ্বীপৰ এজন নেতাই অসন্মানজনক মন্তব্যৰ পাছতে দুয়োখন দেশৰ মাজত থকা মধূৰ সম্পৰ্কত ফাঁট মেলিছে ৷ মালদ্বীপৰ এজন ৰাজনৈতিক নেতাজনৰ মন্তব্যৰ প্ৰতিক্ৰিয়াস্বৰূপে দায়বদ্ধতা আৰু দ্ৰুত পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মালদ্বীপৰ সংসদৰ সদস্য মিকাইল নাছিমে মালদ্বীপ চৰকাৰে দেখুওৱা নিষ্ক্ৰিয়তা আৰু তাৎক্ষণিকতাৰ অভাৱৰ বাবে বিদেশমন্ত্ৰীলৈ এখন চমন জাৰি কৰিছে ৷

ঘটনাৰ লগত জড়িত বিষয়াসকলক সোধা-পোছাৰ বাবে সংসদলৈ মাতিবলৈ অনুৰোধ জনাইছে সাংসদ নাছিমে। প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে মন্ত্ৰী আৰু চৰকাৰী বিষয়াসকলৰ দ্বাৰা অপমানজনক মন্তব্যৰ সন্দৰ্ভত চৰকাৰে দেখুওৱা নিষ্ক্ৰিয়তা আৰু তাৎক্ষণিকতাৰ অভাৱৰ পিছত বিদেশমন্ত্ৰীক প্ৰশ্নৰ বাবে সংসদলৈ মাতিবলৈ সংসদীয় সমিটিক আনুষ্ঠানিকভাৱে অনুৰোধ জনাইছে সাংসদগৰাকীয়ে।

লগতে সংসদীয় সমিতিলৈ উক্ত বিষয়াসকলক মাতিবলৈ অনুৰোধ প্ৰেৰণ কৰা হৈছে বুলি তেওঁ কয় ৷ উল্লেখ্য যে, মালদ্বীপৰ এজন উপ-মন্ত্ৰী, কেবিনেটৰ আন সদস্য আৰু চৰকাৰী বিষয়াই ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ লাক্ষাদ্বীপ ভ্ৰমণৰ বিষয়ে অপমানজনক মন্তব্য কৰাৰ পিছত দুয়ো দেশৰ মাজতে সংঘাত আৰম্ভ হৈছিল ৷

ইফালে ভাৰত আৰু মালদ্বীপৰ মাজত কূটনৈতিক বিবাদ যিমানে অব্যাহত আছে সিমানে পৰ্যটন ক্ষেত্ৰতো ব্যাপক প্ৰভাৱ পেলাইছে । ইয়াৰ মাজতে ট্ৰেভেল এজেন্সি কোম্পানী ইজমাইট্ৰিপে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

প্ৰতিষ্ঠানটোৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া নিশান্ত পিট্টিয়ে ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে মালদ্বীপৰ ৰাজনৈতিক নেতাই কৰা অপমানজনক মন্তব্যৰ পিচত মালদ্বীপলৈ সকলো বিমান বুকিং স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে ৷ ইফালে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অপমানজনক মন্তব্যই মালদ্বীপ চৰকাৰৰ অদূৰদৰ্শিতা প্ৰদৰ্শন কৰিছে বুলি উল্লেখ কৰি মালদ্বীপ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী মাৰিয়া আহমেদ দিদীয়ে ৷ তেওঁ কৈছিল, ‘‘আমাৰ বাবে ভাৰত এক নিৰ্ভৰযোগ্য সহযোগী ৷’’

লগতে পঢ়ক : আমাৰ বাবে ভাৰত এক বিশ্বাসী বন্ধু : মালদ্বীপৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.