ETV Bharat / international

আমাৰ বাবে ভাৰত এক বিশ্বাসী বন্ধু : মালদ্বীপৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী

author img

By ANI

Published : Jan 9, 2024, 8:30 AM IST

India-Maldives Row : ভাৰত-মালদ্বীপৰ মাজত হোৱা সংঘাতক লৈ উদ্বেগ প্ৰকাশ মালদ্বীপৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী মাৰিয়া আহমেদ দিদীৰ ৷ ‘‘ভাৰতক মালদ্বীপৰ বাবে 911 ক’ল হিচাপে বিবেচনা কৰা হয় ৷ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অপমানজনক মন্তব্যই মালদ্বীপ চৰকাৰৰ অদূৰদৰ্শিতা প্ৰদৰ্শন কৰিছে ’’ বুলি কয় প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷

Former maldives defence minister says india has been our 911 call
আমাৰ বাবে ভাৰত এক নিৰ্ভৰযোগ্য সহযোগী

ইন্টাৰনেশ্যনেল ডেস্ক : পৰ্যটক স্থানক কেন্দ্ৰ কৰি ভাৰত-মালদ্বীপৰ মাজত হোৱা সংঘাতৰ সময়তে মালদ্বীপৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী মাৰিয়া আহমেদ দিদীয়ে স্বীকাৰ কৰিলে ভাৰত-মালদ্বীপৰ মাজত থকা পুৰণি মিত্ৰতাৰ কথা ৷ সোমবাৰে সামাজিক মাধ্যম X ত তেওঁ কয়, ‘‘প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অপমানজনক মন্তব্যই মালদ্বীপ চৰকাৰৰ অদূৰদৰ্শিতা প্ৰদৰ্শন কৰিছে ৷ আমাৰ বাবে ভাৰত এক নিৰ্ভৰযোগ্য সহযোগী ৷ প্ৰতিৰক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰতে আমাক সহায় আগবঢ়াই আহিছে ৷ এনে দীৰ্ঘদিনীয়া সম্পৰ্কক কলুষিত কৰাৰ যিকোনো প্ৰচেষ্টা নিন্দনীয় ৷"

  • #WATCH | Male: On the row over Maldives MP's post on Prime Minister Narendra Modi, Former Maldives Defence Minister Mariya Ahmed Didi says, "... India has been our 911 call, whenever we need it, we give a call and you all come to our rescue. That kind of a friend. When you see… pic.twitter.com/9X64vqwWwg

    — ANI (@ANI) January 8, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতৰ বিৰুদ্ধে অপমানজনক মন্তব্যৰ বাবে হতাশা ব্যক্ত কৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘ভাৰতক মালদ্বীপৰ বাবে 911 ক’ল হিচাপে বিবেচনা কৰা হয় ৷ যেতিয়াই আমাক প্ৰয়োজন হয়, আমি এটা ফোন কৰো আৰু তেওঁলোকে আমাৰ উদ্ধাৰৰ বাবে আহে। তেনে ধৰণৰ বন্ধুৰ বিষয়ে এনে ধৰণৰ অপমানজনক মন্তব্য সকলোৰে বাবে দুখজনক হয় । "

ভাৰতৰ সৈতে বহু পুৰণি সম্পৰ্ক বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দুয়োখন ৰাষ্ট্ৰৰ মাজত বন্ধুত্বৰ ওপৰত এনে মন্তব্যই নেতিবাচক প্ৰভাৱৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি তেওঁ কয়, ‘‘ সদায় প্ৰয়োজনৰ সময়ত তেওঁলোকে আমাক উদ্ধাৰ কৰিবলৈ আহে । তেওঁলোকে আনকি প্ৰতিৰক্ষা খণ্ডতো আমাক সঁজুলি প্ৰদান কৰি আমাক শক্তিশালী কৰাত আৰু আমাক অধিক স্বাৱলম্বী কৰি তুলিবলৈ চেষ্টা কৰি আহিছে ৷ এইটো বৰ্তমানৰ প্ৰশাসনৰ অদূৰদৰ্শিতা । আমি এখন সৰু দেশ যি সকলোৰে সৈতে বন্ধুত্ব বজাই ৰখা উচিত ৷’’

ইফালে দুই দেশৰ সম্পৰ্কৰ মাজত সংঘাত বৃদ্ধি পোৱাৰ সময়তে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুৱে পাঁচদিনীয়া কাৰ্যসূচীৰে চীনত উপস্থিত হৈছে ৷ এই ক্ষেত্ৰত কূটনৈতিক বিশেষজ্ঞৰ মতে, মালদ্বীপৰ নতুনকৈ নিৰ্বাচিত ৰাষ্ট্ৰপতিয়ে প্ৰথমে ভাৰত ভ্ৰমণলৈ আহে ৷ কিন্তু বৰ্তমানৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ সলনি চীনহে ভ্ৰমণ কৰিছে ৷ এই কাৰ্যই ভাৰতৰ বাবে বৃহৎ প্ৰত্যাহ্বান হৈ পৰিব বুলি কূটনৈতিক বিশেষজ্ঞসকলে ক’ব খোজে ৷

লগতে পঢ়ক : ভাৰতৰ সৈতে কূটনৈতিক বিতৰ্কৰ মাজতে চীনত উপস্থিত মালদ্বীপৰ ৰাষ্ট্ৰপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.