ETV Bharat / international

অৱশেষত ক’ভেক্সিনলৈ অনুমোদন অষ্ট্ৰেলিয়াৰ

author img

By

Published : Nov 1, 2021, 2:25 PM IST

অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব ওলোৱা লোকসকলৰ বাবে আহিছে এক সুখবৰ ৷ দেশখনৰ চৰকাৰে অৱশেষত ভাৰত বায়’টেকৰ দ্বাৰা প্ৰস্তুত কৰা ক’ভেক্সিন প্ৰতিষেধকৰ ক্ষেত্ৰত জনাইছে অনুমোদন ৷ এতিয়াৰে পৰা প্ৰতিগৰাকী পৰ্যটকে বিনাদ্বিধাই ক’ভেক্সিন গ্ৰহণ কৰি যাব পাৰিব অষ্ট্ৰেলিয়ালৈ ৷

Australia adds Covaxin to list of 'recognised' COVID-19 vaccines
অৱশেষত ক’ভেক্সিনলৈ অনুমোদন অষ্ট্ৰেলিয়াৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, 1 নৱেম্বৰ : কৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে হায়দৰাবাদস্থিত ভাৰত বায়’টেকৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰতিষেধক ক’ভেক্সিনলৈ অনুমোদন অষ্ট্ৰেলিয়া চৰকাৰৰ ৷ অষ্ট্ৰেলিয়াৰ ঔষধ আৰু চিকিৎসা সঁজুলি নিয়ন্ত্ৰক সংস্থা TGA-য়ে এক টুইটত সোমবাৰে এই কথা প্ৰকাশ কৰে ৷ এতিয়াৰে পৰা 12 বছৰৰ ঊৰ্ধৰ প্ৰতিগৰাকী ক’ভেক্সিন গ্ৰহণকাৰী পৰ্যটকে অনায়াসে দেশখন ভ্ৰমণ কৰিবলৈ সুবিধা লাভ কৰিব ৷

সোমবাৰে ভাৰতত অষ্ট্ৰেলিয়াৰ উচ্চায়ুক্ত বেৰী অ'ফাৰেলে এই কথা প্ৰকাশ কৰিছে । অৱশ্যে প্ৰতিষেধকটোৱে এতিয়াও লাভ কৰা নাই বিশ্ব স্বাস্থ্য সংস্থাৰ সেউজ সংকেত ৷

এতিয়াৰে পৰা ক’ভেক্সিন গ্ৰহণ কৰা লোকসকলৰ অষ্ট্ৰেলিয়াত প্ৰৱেশৰ সময়ত সম্পূৰ্ণৰূপে টীকাকৰণ কৰা হোৱা বুলি বিবেচনা কৰা হ'ব, অ’ফাৰেলে আন এটা টুইটত প্ৰকাশ কৰে ৷

লগতে চাওক: কানপুৰত পুনৰ জিকা ভাইৰাছত আক্ৰান্ত 6

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.