ETV Bharat / bharat

কানপুৰত পুনৰ জিকা ভাইৰাছত আক্ৰান্ত 6

author img

By

Published : Nov 1, 2021, 1:52 PM IST

উত্তৰ প্ৰদেশৰ কানপুৰৰ চাকেৰী অঞ্চলত পুনৰ ছয়জন ব্যক্তি আক্ৰান্ত হৈছে জিকা ভাইৰাছত ৷ ৰাজ্যখনৰ কিং জৰ্জৰ চিকিৎসা বিশ্ববিদ্যালয়ৰ লেবৰেটৰীত কৰা পৰীক্ষাত চাৰিগৰাকী মহিলাৰ দেহত ভাইৰাছবিধৰ অৱস্থিতি ধৰা পৰিছে ৷ আক্ৰান্তসকলৰ ভিতৰত এগৰাকী গৰ্ভৱতী মহিলাও আছে ৷

কানপুৰত পুনৰ জিকা ভাইৰাছত আক্ৰান্ত 6
কানপুৰত পুনৰ জিকা ভাইৰাছত আক্ৰান্ত 6

নেশ্যনেল ডেস্ক, 1 নৱেম্বৰ : উত্তৰ প্ৰদেশৰ কানপুৰৰ চাকেৰী অঞ্চলত পুনৰ ছয়জন ব্যক্তি আক্ৰান্ত হৈছে জিকা ভাইৰাছত ৷ ৰাজ্যখনৰ কিং জৰ্জৰ চিকিৎসা বিশ্ববিদ্যালয়ৰ লেবৰেটৰীত দেওবাৰে কৰা পৰীক্ষাত চাৰিগৰাকী মহিলাৰ দেহত ভাইৰাছবিধৰ অৱস্থিতি ধৰা পৰিছে ৷ আক্ৰান্তসকলৰ ভিতৰত এগৰাকী গৰ্ভৱতী মহিলাও আছে ৷

উক্ত ঘটনাৰ পিছতে কানপুৰৰ জিলা দণ্ডাধীশ বিশাখা জি আয়াৰৰ লগতে স্বাস্থ্য বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অঞ্চলটোৰ পৰিস্থিতিৰ বুজ লয় ৷ স্বাস্থ্য বিভাগৰ দলটোৱে এতিয়ালৈকে চাকেৰীৰ জিকা ভাইৰাছত আক্ৰান্ত এলেকাৰ পৰা 645 গৰাকী শাৰিৰীকভাৱে অসুস্থ ব্যক্তিৰ নমুনা সংগ্ৰহ কৰিছে ৷

এই নমুনাবোৰ লক্ষ্ণৌৰ কিং জৰ্জৰ চিকিৎসা বিশ্ববিদ্যালয়ৰ পৰীক্ষাগাৰ আৰু পুনেৰ নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীলৈ প্ৰেৰণ কৰা হৈছে ৷ ইতিমধ্যে কানপুৰৰ কাঞ্চীৰাম চিকিৎসালয়ত এটা বিশেষ ৱাৰ্ড স্থাপন কৰি আক্ৰান্তসকলক ভৰ্তি কৰোৱা হৈছে ৷

ইফালে দীৰ্ঘদিনৰ পৰা শাৰিৰীক অসুস্থতাত ভূগি থকা যিসকল ব্যক্তিৰ দেহত সন্দেহজনক লক্ষণ পোৱা গৈছে, তেওঁলোকক আছুতীয়াকৈ ৰখা হৈছে ৷ ঘৰৰ আন আন সদস্যৰ পৰা নিলগত ৰখা ব্যক্তিসকলৰ বাসগৃহত ফগিঙৰ ব্যৱস্থা কৰাৰ লগতে শাৰিৰীক পৰীক্ষাৰ ফলাফল নহালৈকে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ আক্ৰান্তৰ বাসগৃহৰ পৰা কিছু নিলগলৈ থকা প্ৰায় 400 ঘৰ লোকক সামৰি কনটেইণ্টমেণ্ট জ’ন ঘোষণা কৰা হৈছে ৷

উল্লেখ্য যে, ৰাজ্যখনত বিগত 23 অক্টোবৰত প্ৰথমটো জিকা ভাইৰাছৰ দ্বাৰা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছিল ৷

লগতে চাওক: ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণ কৰিলে ভৰিব লাগিব অতিৰিক্ত ধন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.