ETV Bharat / bharat

ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণ কৰিলে ভৰিব লাগিব অতিৰিক্ত ধন !

author img

By

Published : Nov 1, 2021, 11:09 AM IST

ইণ্ডিয়ান অইলৰ ৱেবছাইট অনুসৰি, বৰ্তমান দিল্লীত একোটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হৈছে 2000.50 টকা ৷ একেদৰে কলকাতাত 19.2 কিল’গ্ৰাম যুক্ত চিলিণ্ডাৰৰ বৰ্তমান মূল্য হৈছে 2073.5 টকা, মুম্বাইত 1950 টকা আৰু লক্ষ্ণৌত 2093 টকা ৷

দেৱালীৰ পূৰ্বে দাম বঢ়াৰ সম্ভাৱনা বাণিজ্যিক চিলিণ্ডাৰৰত
দেৱালীৰ পূৰ্বে দাম বঢ়াৰ সম্ভাৱনা বাণিজ্যিক চিলিণ্ডাৰৰত

নেশ্যনেল ডেস্ক, 1 নৱেম্বৰ : অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য, ইন্ধনৰ মূল্য ধাৰাবাহিকভাৱে বাঢ়ি থকাৰ পিছত দেৱালীৰ পূৰ্বে আহিছে পুনৰ এক দুঃখবৰ ৷ উৎসৱৰ বতৰত ইবিধ সিবিধ প্ৰস্তুত কৰিবলৈ নাইবা বাহিৰলৈ গৈ পৰিয়ালৰ সৈতে এসাঁজ খাবলৈ কাৰনো মন নাথাকে ৷ পিছে হয়তো আপুনি এইবাৰ ৰেষ্টুৰেণ্টত মন পছন্দৰ এসাঁজ খাদ্য খাবলৈ ভৰিব লাগিব পাৰে অধিক মূল্য ৷ কিয়নো পুনৰবাৰ সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ শোধাই দেৱালীৰ পূৰ্বে পেট্ৰ'লিয়ামজাত কোম্পানীবোৰে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

সেই অনুসৰি, একোটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২৬৪ টকালৈ বৃদ্ধি কৰা হৈছে ৷ এই বৃদ্ধিৰ সৈতে ৰাজধানী দিল্লীত 19.2 কিল’গ্ৰামৰ একোটা নীলা চিলিণ্ডাৰৰ দাম হৈছে 2000.5 টকা ৷ অৱশ্যে, ৰঙা চিলিণ্ডাৰৰ ক্ষেত্ৰত কোনো মূল্যবৃদ্ধি হোৱা নাই ৷

উল্লেখ্য যে, বিগত ৬ অক্টোবৰত কৰা এক সমীক্ষা অনুসৰি দিল্লীত ১৯.২ কিল’গ্ৰামৰ চিলিণ্ডাৰৰ মূল্য আছিল ১৭৩৬.৫০ টকা, কিন্তু এই মাহৰ আৰম্ভণিতে অৰ্থাৎ সোমবাৰৰ দিনটোত প্ৰতিটো নীলা চিলিণ্ডাৰৰ বিপৰীতে বৃদ্ধি পাইছে ২৬৪ টকা ৷

Indian Oil ৰ ৱেবছাইটত প্ৰকাশিত তথ্য অনুসৰি, সোমবাৰৰ দিনটোত ৰাজধানী দিল্লীত 19.2 কিল’গ্ৰামৰ একোটা নীলা চিলিণ্ডাৰৰ দাম হৈছে 2000.5 টকা, কলকাতাত 2073.5 টকা, মুম্বাইত 1950 টকা আৰু লক্ষ্ণৌত বৃদ্ধি হৈছে 2093 টকা ৷

খোৱা-বোৱা হ'ব ব্যয়বহুল

নীলা চিলিণ্ডাৰৰ মূল্যবৃদ্ধিয়ে যিকোনো ৰেষ্টুৰেণ্টৰ খাদ্য অতি ব্যয়বহুল কৰি তুলিব ৷ ইতিমধ্যে খাদ্য সামগ্ৰী, শাক-পাচলি, মিঠাতেলৰ মূল্যই ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষক সমস্যাত পেলোৱাৰ সময়তে পুনৰ চিলিণ্ডাৰৰ মূল্যবৃদ্ধিয়ে যে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব, সেয়া একপ্ৰকাৰ নিশ্চিত ৷ ফলত যিকোনো এগৰাকী লোকে পূৰ্বৰ তুলনাত ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণৰ বাবদ ভৰিব লাগিব অতিৰিক্ত ধন ৷

100 টকাতকৈ অধিক লোকচান

এলপিজি চিলিণ্ডাৰৰ মূল্য ইতিমধ্যেই বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছিল ৷ যদিও পেট্ৰ'লিয়ামজাত কোম্পানীবোৰে এতিয়ালৈকে ঘৰুৱা গেছৰ মূল্য বৃদ্ধি নকৰি কিছু সকাহ দিছে, কিন্তু পৰৱৰ্তী সময়ত ইয়াৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ ইয়াৰ আগতে এলপিজিৰ মূল্য শেষবাৰৰ বাবে 6 অক্টোবৰত বৃদ্ধি কৰা হৈছিল ৷ তদুপৰি ১৪.২ কিল’গ্ৰামযুক্ত ঘৰুৱা এলপিজি চিলিণ্ডাৰত ১৫ টকা বৃদ্ধি কৰা হৈছিল ৷ জুলাই মাহৰ পৰা ক্ৰমাগতভাৱে ইয়াৰ মূল্য 90 টকা বৃদ্ধি কৰা হৈছে ৷ ৰাজ সাহায্যৰ ক্ষেত্ৰত চৰকাৰে এটা পৰিয়ালক বছৰত মাত্ৰ 12 টাহে চিলিণ্ডাৰ দিয়ে ৷

লগতে চাওক : ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ সম্পৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.