ETV Bharat / international

ভাৰতলৈ আমেৰিকাৰ শক্তিশালী MK-45(MOD 4) নৌ-টোপ

author img

By

Published : Nov 21, 2019, 7:32 PM IST

ভাৰতলৈ আমেৰিকাৰ শক্তিশালী MK-45(MOD 4) নৌ-টোপ

ভাৰতীয় নৌ-সেনাৰ বাবে চৰকাৰে আমেৰিকাৰ পৰা 1 বিলিয়ন ডলাৰৰ বিনিময়ত ক্ৰয় কৰিব 13টা 5 ইঞ্চি 62 কেলিবাৰৰ MK-45(MOD 4) নৌ-টোপ, 3,500টা D349 প্ৰজেক্টাইল,আৰু 54টা 5 ইঞ্চিৰ MK-92 MOD 1 বাৰুদ ৷

ইন্টাৰনেশ্যনেল ডেস্ক, 21 নৱেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শেহতীয়া ভ্ৰমণৰ পিচতেই আমেৰিকা যুক্তৰাষ্ট্ৰ ষ্টেট ডিপাৰ্টমেন্টে উন্নতমানৰ নৌ-টোপ বিক্ৰীৰ চুক্তিত অনুমতি প্ৰদান কৰিছে ৷ প্ৰায় 1 বিলিয়ন ডলাৰৰ বিনিময়ত আৰৱ সাগৰত ভাৰতীয় নৌ-সেনাৰ শক্তি বৃদ্ধিৰ বাবে আমেৰিকাই ভাৰতক প্ৰদান কৰিব ইয়াৰ MK ছিৰিজৰ অতি-উন্নত নৌ-টোপ ৷

লগতে পঢ়কঃ ভাৰত-আমেৰিকাৰ প্ৰথম উভচৰ সামৰিক অনুশীলন Exercise Tiger Triumph-2019 আৰম্ভ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতে সৰ্বমুঠ 1.0210 বিলিয়ন আমেৰিকান ডলাৰত ক্ৰয় কৰিব 13টা 5 ইঞ্চি 62 কেলিবাৰৰ MK-45(MOD 4) নৌ-টোপ, 3,500টা D349 প্ৰজেক্টাইল আৰু 54টা 5 ইঞ্চিৰ MK-92 MOD 1 বাৰুদ ৷ ইয়াৰ উপৰিও বাৰুদ,অস্ত্ৰৰ অতিৰিক্ত অংশ,নৌ-সেনাৰ লগতে অস্ত্ৰৰ প্ৰশিক্ষণ,প্ৰযুক্তিগত তথ্য আৰু প্ৰকাশন,যাতায়ত,আমেৰিকাৰ প্ৰযুক্তিগত সৰবৰাহকাৰীক সহযোগ আৰু অন্যান্য অনা-নিয়া বিষয়ক দিশসমূহো এই চুক্তিত অন্তৰ্ভুক্ত থাকিব ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক অংশীদাৰিৰ লগত সম্পৰ্ক উন্নত কৰাৰ লগতে বৈদেশিক নীতিৰ অধীনত এই চুক্তি সম্পন্ন কৰা হৈছে ৷ ইতিমধ্যে এই সম্পৰ্কে দেশখনৰ প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা সংস্থা (US Defence Security Cooperation Agency)ই প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে ৷ সংস্থাটোৱে প্ৰকাশ কৰা বিজ্ঞপ্তি অনুসৰি,বিগত 19 নৱেম্বৰতেই আমেৰিকা যুক্তৰাষ্ট্ৰ কংগ্ৰেছে ইয়াত অনুমতি প্ৰদান কৰিছে ৷

লগতে পঢ়কঃ আমেৰিকাৰ 13 টা nanosatelliteৰ সৈতে মহাকাশলৈ প্ৰেৰণৰ বাবে সাজু ইছৰোৰ Cartosat-3

চুক্তি সন্দৰ্ভত আমেৰিকাৰ প্ৰতিৰক্ষা বিশেষজ্ঞৰ মতে,দুয়োখন দেশৰ মাজত সম্পাদিত এই চুক্তিয়ে ভাৰতক চলিত আৰু ভৱিষ্যতৰ বাবে শত্ৰুপক্ষৰ বিভিন্ন অস্ত্ৰ প্ৰণালীৰ সৈতে শক্তিশালীভাৱে মুখামুখি হোৱাত সহায় কৰিব ৷ MK ছিৰিজৰ অতি উন্নত নৌ-টোপে ভাৰতীয় নৌ-সেনাক জলপৃষ্ঠৰ যুদ্ধনীতিৰ বিৰুদ্ধে আৰু বায়ু ক্ষেপণাস্ত্ৰ প্ৰণালীৰ বিৰুদ্ধে শক্তিশালী কৰি তুলিব ৷

লগতে পঢ়কঃ সফল পৰীক্ষণ বেলিষ্টিক মিচাইল ‘অগ্নি-2’ ৰ

চুক্তি অনুসৰি,আমেৰিকাৰ BAE Systems Land and Armamentsৰ লগতে Minneapolis আৰু Minnesota কোম্পানীয়ে এই অস্ত্ৰপ্ৰণালী ভাৰতক প্ৰদান কৰিব ৷ এই চুক্তিয়ে ভাৰতৰ আঞ্চলিক সামৰিক শক্তিত কোনোধৰণৰ সাল-সলনি নকৰিব আৰু ইয়ে ভাৰতক ইয়াৰ প্ৰতিবেশীৰ লগতে আঞ্চলিক পৰ্যায়ত শক্তিশালী কৰি তুলিব ৷

Intro:Body:

ভাৰতলৈ আমেৰিকাৰ 1 বিলিয়ন ডলাৰৰ নৌ-টোপ 



ভাৰতীয় নৌ-সেনাৰ বাবে চৰকাৰে আমেৰিকাৰ পৰা 1 বিলিয়ন ডলাৰৰ বিনিয়মত ক্ৰয় কৰিব 13টা 5 ইঞ্চি 62 কেলিবাৰৰ MK-45(MOD 4) নৌ-টোপ, 3,500টা D349 প্ৰজেক্টাইল, আৰু 54টা 5 ইঞ্চিৰ MK-92 MOD 1 বাৰুদ ৷ 



ইন্টাৰনেশ্বনেল ডেস্ক, 21 নৱেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শেহতীয়া ভ্ৰমণৰ পিচতেই আমেৰিকা যুক্তৰাষ্ট্ৰ ষ্টেট ডিপাৰ্টমেন্টে উন্নতমানৰ নৌ-টোপ বিক্ৰীৰ চুক্তিত অনুমতি প্ৰদান কৰিছে ৷ প্ৰায় 1 বিলিয়ন ডলাৰৰ বিনিময়ত আৰৱ সাগৰত ভাৰতীয় নৌ-সেনাৰ শক্তি বৃদ্ধিৰ বাবে আমেৰিকাই ভাৰতক প্ৰদান কৰিব ইয়াৰ MK ছিৰিজৰ অতি-উন্নত নৌ-টোপ ৷ 



আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতে সৰ্বমুঠ 1.0210 বিলিয়ন আমেৰিকান ডলাৰত ক্ৰয় কৰিব 13টা 5 ইঞ্চি 62 কেলিবাৰৰ MK-45(MOD 4) নৌ-টোপ, 3,500টা D349 প্ৰজেক্টাইল আৰু 54টা 5 ইঞ্চিৰ MK-92 MOD 1 বাৰুদ ৷ ইয়াৰ উপৰিও বাৰুদ, অস্ত্ৰৰ অতিৰিক্ত অংশ, নৌ-সেনাৰ লগতে অস্ত্ৰৰ প্ৰশিক্ষণ, প্ৰযুক্তিগত তথ্য আৰু প্ৰকাশন, যাতায়ত, আমেৰিকাৰ প্ৰযুক্তিগত সৰবৰাহকাৰীক সহযোগ আৰু অন্যান্য অনা-নিয়া বিষয়ক দিশসমূহো এই চুক্তিত অন্তৰ্ভুক্ত থাকিব ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক অংশীদাৰিৰ লগত সম্পৰ্ক উন্নত কৰাৰ লগতে বৈদেশিক নীতিৰ অধীনত এই চুক্তি সম্পন্ন কৰা হৈছে ৷ ইতিমধ্যে এই সম্পৰ্কে দেশখনৰ প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা সংস্থা (US Defence Security Cooperation Agency)ই প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে ৷ সংস্থাটোৱে প্ৰকাশ কৰা বিজ্ঞপ্তি অনুসৰি, বিগত 19 নৱেম্বৰতেই আমেৰিকা যুক্তৰাষ্ট্ৰ কংগ্ৰেছে ইয়াত অনুমতি প্ৰদান কৰিছে ৷ 



চুক্তি সন্দৰ্ভত আমেৰিকাৰ প্ৰতিৰক্ষা বিশেষজ্ঞৰ মতে, দুয়োখন দেশৰ মাজত সম্পাদিত এই চুক্তিয়ে ভাৰতক চলিত আৰু ভৱিষ্যতৰ বাবে শত্ৰুপক্ষৰ বিভিন্ন অস্ত্ৰপ্ৰণালীৰ সৈতে শক্তিশালীভাৱে মুখামুখি হোৱাত সহায় কৰিব ৷ MK ছিৰিজৰ অতি-উন্নত নৌ-টোপে ভাৰতীয় নৌ-সেনাক জলপৃষ্ঠৰ যুদ্ধনীতিৰ বিৰুদ্ধে আৰু বায়ু ক্ষেপনাস্ত্ৰ প্ৰণালীৰ বিৰুদ্ধে শক্তিশালী কৰি তুলিব ৷ 



চুক্তি অনুসৰি, আমেৰিকাৰ BAE Systems Land and Armamentsৰ লগতে Minneapolis আৰু Minnesota কোম্পানীয়ে এই অস্ত্ৰপ্ৰণালী ভাৰতক প্ৰদান কৰিব ৷ এই চুক্তিয়ে ভাৰতৰ আঞ্চলিক সামৰিক শক্তিত কোনোধৰণৰ সাল-সলনি নকৰিব আৰু ইয়ে ভাৰতক ইয়াৰ প্ৰতিৱেশীৰ লগতে আঞ্চলিক পৰ্যায়ত শক্তিশালী কৰি তুলিব ৷ 


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.