ETV Bharat / bharat

আমেৰিকাৰ 13 টা nanosatelliteৰ সৈতে মহাকাশলৈ প্ৰেৰণৰ বাবে সাজু ইছৰোৰ Cartosat-3

author img

By

Published : Nov 19, 2019, 3:20 PM IST

আন এক মহাকাশ অভিযানলৈ সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰো ৷ নৱেম্বৰ মাহৰ 25 তাৰিখে ইছৰোৱে মহাকাশলৈ প্ৰেৰণ কৰিব বিশেষ কৃত্ৰিম উপগ্ৰহ Cartosat-3 ৷ নক্সা অংকণকাৰী এই বিশেষ উপগ্ৰহটো PSLV-XLৰ দ্বাৰা মহাকাশলৈ প্ৰেৰণ কৰিব ইছৰোৱে ৷ ইয়াৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ 13টা বাণিজ্যিক কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিব ইছৰোৱে ৷

ইছৰোৰ Cartosat-3

নেশ্যনেল ডেস্ক,19 নৱেম্বৰঃ পুনৰ মহাকাশ অভিযানলৈ সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰো ৷ চলিত মাহৰ 25 তাৰিখত সংস্থাটোৱে মহাকাশলৈ প্ৰেৰণ কৰিব 14টা কৃত্ৰিম উপগ্ৰহ ৷ PSLV-XLৰ দ্বাৰা মহাকাশলৈ প্ৰেৰণ কৰিবলগীয়া উপগ্ৰহ সমূহৰ ভিতৰত অন্যতম হৈছে নক্সা অংকণকাৰী উপগ্ৰহ Cartosat-3 ৷ Cartosat-3ৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্য 13 টা বাণিজ্যিক ক্ষুদ্ৰ কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিব ইছৰোৱে ৷

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ তৃতীয় প্ৰজন্মৰ উন্নত মানৰ Earth Imaging and Mapping উপগ্ৰহ হৈছে Cartosat-3 ৷ Cartosat-3ৰ এখন ছবিৰ সৈতে ইছৰোৱে টুইটাৰযোগে প্ৰকাশ কৰিছে এই তথ্য ৷ ভাৰতৰ Polar Satellite Launch Vehicle C-47ৰ সহায়ত এই মহাকাশ অভিযান সম্পন্ন কৰিব ইছৰোৱে, যাক PSLV-XL বুলিও জনা যায় ৷ চলিত মাহৰ 25 তাৰিখত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধাৱান মহাকাশ চেন্টাৰৰ পৰা ভাৰতীয় সময় অনুসৰি,দিনৰ 9.28 বজাত মহাকাশলৈ প্ৰেৰণ কৰা হ'ব Cartosat-3ৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্য 13 টা বাণিজ্যিক ক্ষুদ্ৰ কৃত্ৰিম উপগ্ৰহ ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ বিভাগৰ বাণিজ্যিক নীতিৰ অধীনত নিউ ইণ্ডিয়া স্পেচ লিমিটেডে তৈয়াৰ কৰা 13টা বাণিজ্যিক ক্ষুদ্ৰ উপগ্ৰহ এইদৰে মহাকাশলৈ প্ৰেৰণ কৰা হ'ব ৷

লগতে পঢ়কঃচাপৰকাটাত কাৰ্বন উদ্যোগঃ সোণালী বান্দৰৰ জীৱনলৈ ভাবুকি

Intro:Body:



আমেৰিকাৰ 13 টা nanosatellitehৰ সৈতে মহাকাশলৈ প্ৰেৰণৰ বাবে সাজু ইছৰোৰ Cartosat-3 



আন এক মহাকাশ অভিযানলৈ সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰো ৷ নৱেম্বৰ মাহৰ 25 তাৰিখে ইছৰোৱে মহাকাশলৈ প্ৰেৰণ কৰিব বিশেষ কৃত্ৰিম উপগ্ৰহ Cartosat-3 ৷ নক্সা অংকণকাৰী এই বিশেষ উপগ্ৰহটো PSLV-XLৰ দ্বাৰা মহাকাশলৈ প্ৰেৰণ কৰিব ইছৰোৱে ৷ ইয়াৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ 13টা বাণিজ্যিক কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিব ইছৰোৱে ৷ 



নেশ্বনেল ডেস্ক, 19 নৱেম্বৰঃ পুনৰ মহাকাশ অভিযানলৈ সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰো ৷ চলিত মাহৰ 25 তাৰিখত সংস্থাটোৱে মহাকাশলৈ প্ৰেৰণ কৰিব 14টা কৃত্ৰিম উপগ্ৰহ ৷ PSLV-XLৰ দ্বাৰা মহাকাশলৈ প্ৰেৰণ কৰিবলগীয়া উপগ্ৰহসমূহৰ ভিতৰত অন্যতম হৈছে নক্সা অংকণকাৰী উপগ্ৰহ Cartosat-3 ৷ Cartosat-3ৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্য 13 টা বাণিজ্যিক ক্ষুদ্ৰ কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিব ইছৰোৱে ৷ 



ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ তৃতীয় প্ৰজন্মৰ উন্নতমানৰ earth imaging and mapping উপগ্ৰহ হৈছে Cartosat-3 ৷ Cartosat-3ৰ এখন ছবিৰ সৈতে ইছৰোৱে টুইটাৰযোগে প্ৰকাশ কৰিছে এই তথ্য ৷ ভাৰতৰ Polar Satellite Launch Vehicle C-47ৰ সহায়ত এই মহাকাশ অভিযান সম্পন্ন কৰিব ইছৰোৱে, যাক PSLV-XL বুলিও জনা যায় ৷ চলিত মাহৰ 25 তাৰিখত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধাৱান স্পেচ চেন্টাৰৰ পৰা ভাৰতীয় সময় অনুসৰি, দিনৰ 09:28 বজাত মহাকাশলৈ প্ৰেৰণ কৰা হ'ব Cartosat-3ৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্য 13 টা বাণিজ্যিক ক্ষুদ্ৰ কৃত্ৰিম উপগ্ৰহ ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ বিভাগৰ বাণিজ্যিক নীতিৰ অধীনত নিউ ইণ্ডিয়া স্পেচ লিমিটেডে তৈয়াৰ কৰা 13টা বাণিজ্যিক ক্ষুদ্ৰ উপগ্ৰহ এইদৰে মহাকাশলৈ প্ৰেৰণ কৰা হ'ব ৷ 


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.