ETV Bharat / international

ভাৰত-আমেৰিকাৰ প্ৰথম উভচৰ সামৰিক অনুশীলন Exercise Tiger Triumph-2019 আৰম্ভ

author img

By

Published : Nov 15, 2019, 4:23 AM IST

ভাৰত আৰু আমেৰিকাৰ মাজৰ প্ৰথমটো উভচৰ যুটীয়া সামৰিক অনুশীলন Exercise Tiger Triumph-2019 আৰম্ভ হৈছে ৷ অনুশীলনত ভাৰতীয় সৈন্যবাহিনীৰ তিনিওটা (স্থলসেনা, বায়ুসেনা আৰু নৌসেনা) অংগৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনা আৰু মেৰিণ ক'ৰে অংশগ্ৰহণ কৰিব ৷ আজিৰে পৰাই অন্ধ্ৰপ্ৰদেশৰ বিশাখাত আৰম্ভ হৈছে এই অনুশীলন ৷

সামৰিক অনুশীলন Exercise Tiger Triumph-2019

নেশ্বনেল ডেস্ক, 14 নৱেম্বৰঃ বিশ্বৰ অতিকে শক্তিশালী সামৰিক বল আমেৰিকান সৈন্যবাহিনীৰ নৌ-সেনা আৰু বিশেষ বাহিনী মেৰিন ক'ৰৰ সৈতে ভাৰতীয় সৈন্যবাহিনীয়ে আৰম্ভ কৰিছে প্ৰথমটো বিশেষ উভচৰ অনুশীলন ৷ এই অনুশীলনত ভাৰতীয় সৈন্যবাহিনীৰ স্থলসেনা, বায়ুসেনা আৰু নৌসেনাই আমেৰিকান সেনাৰ নৌ-সেনা আৰু বিশেষ বাহিনী মেৰিন ক'ৰৰ সৈতে যুটীয়া অনুশীলন সম্পন্ন কৰিব ৷ 14 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই অনুশীলন অন্ধ্ৰপ্ৰদেশৰ বিশাখা আৰু কাকিন্দাত চলিত মাহৰ 21 তাৰিখলৈ চলিব ৷

প্ৰথমবাৰৰ বাবে এইদৰে দুয়োখন দেশে অংশগ্ৰহণ কৰিবলগীয়া বহুমাত্ৰিক সৈন্য অভিযানত প্ৰাকৃতিক দুৰ্যোগ আৰু জৰুৰীকালীন অৱস্থাৰ সময়ত সৈন্যবাহিনীয়ে কিদৰে কাম কৰিব লাগে সেই বিষয়ত অভ্যাস অনুষ্ঠিত হ'ব ৷ অনুশীলনত ভাৰতীয় স্থলসেনাৰ লগতে বায়ুসেনা আৰু নৌসেনাৰ সকলো শক্তিয়ে ব্যৱহাৰ কৰা হ'ব ৷ বিশেষকৈ নৌসেনাৰ আইএনএছ (INS Jalaswa) জালাছৱা, বায়ুসেনাৰ C130 বিমান, আপাচি হেলিকপ্টাৰ আৰু স্থলসেনাৰ টাটা ল'কিৰ লগতে আমেৰিকান সেনাবাহিনীৰ F-16 যুদ্ধবিমানৰ লগতে যুদ্ধজাহাজ German Townক ব্যৱহাৰ কৰা হ'ব ৷

সৈনিকসকলক সম্বোধন কৰা সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চায়ুক্ত কেনেথ জাষ্টাৰ

অনুশীলন আৰম্ভ হোৱাৰ পূৰ্বে দুয়োখন দেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয় ৷ দুয়োখন দেশৰ সেনাৰ সামৰিক পেৰেডৰ অন্তত সৈনিকসকলক সম্বোধন কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চায়ুক্ত কেনেথ জাষ্টাৰে ৷ ইয়াৰ পিচতে সৈনিকসকলক সম্বোধন কৰে ভাৰতীয় নৌ-সেনাৰ বিষয়া তথা সমগ্ৰ অনুশীলনটোৰ দায়িত্বত থকা ৰিয়াৰ এডমিৰেল সুৰজ বেৰীয়ে ৷

সৈনিকসকলক সম্বোধন কৰা সময়ত ৰিয়াৰ এডমিৰেল সুৰজ বেৰী

দুয়োগৰাকী শীৰ্ষ বিষয়াই ভাৰত-আমেৰিকাৰ সামৰিক সম্পৰ্ক শক্তিশালী কৰি তোলাৰ লগতে জৰুৰীকালীন তথা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আৰ্তজনৰ কাষত থিয় দিয়াৰ কথা উল্লেখ কৰে ৷ ইয়াৰ উপৰিও আমেৰিকাৰ ৰাষ্ট্ৰদূতগৰাকীয়ে আগন্তুক ডিচেম্বৰ মাহত আৰু 2020 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত হায়দৰাবাদ আৰু লক্ষ্নৌত অনুষ্ঠিত হ'বলগীয়া প্ৰতিৰক্ষা এক্সপ'ৰ বিষয়ে মত বিনিময় কৰে ৷

Intro:Body:

ভাৰত-আমেৰিকাৰ প্ৰথম উভচৰ সামৰিক অনুশীলন Exercise Tiger Triumph-2019 আৰম্ভ

ভাৰত আৰু আমেৰিকাৰ মাজৰ প্ৰথমটো উভচৰ যুটীয়া সামৰিক অনুশীলন Exercise Tiger Triumph-2019 আৰম্ভ হৈছে ৷ অনুশীলনত ভাৰতীয় সৈন্যবাহিনীৰ তিনিওটা (স্থলসেনা, বায়ুসেনা আৰু নৌসেনা) অংগৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনা আৰু মেৰিণ ক'ৰে অংশগ্ৰহণ কৰিব ৷ আজিৰে পৰাই অন্ধ্ৰপ্ৰদেশৰ বিশাখাত আৰম্ভ হৈছে এই অনুশীলন ৷

নেশ্বনেল ডেস্ক, 14 নৱেম্বৰঃ বিশ্বৰ অতিকে শক্তিশালী সামৰিক বল আমেৰিকান সৈন্যবাহিনীৰ নৌ-সেনা আৰু বিশেষ বাহিনী মেৰিন ক'ৰৰ সৈতে ভাৰতীয় সৈন্যবাহিনীয়ে আৰম্ভ কৰিছে প্ৰথমটো বিশেষ উভচৰ অনুশীলন ৷ এই অনুশীলনত ভাৰতীয় সৈন্যবাহিনীৰ স্থলসেনা, বায়ুসেনা আৰু নৌসেনাই আমেৰিকান সেনাৰ নৌ-সেনা আৰু বিশেষ বাহিনী মেৰিন ক'ৰৰ সৈতে যুটীয়া অনুশীলন সম্পন্ন কৰিব ৷ 14 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই অনুশীলন অন্ধ্ৰপ্ৰদেশৰ বিশাখা আৰু কাকিন্দাত চলিত মাহৰ 21 তাৰিখলৈ চলিব ৷

প্ৰথমবাৰৰ বাবে এইদৰে দুয়োখন দেশে অংশগ্ৰহণ কৰিবলগীয়া বহুমাত্ৰিক সৈন্য অভিযানত প্ৰাকৃতিক দুৰ্যোগ আৰু জৰুৰীকালীন অৱস্থাৰ সময়ত সৈন্যবাহিনীয়ে কিদৰে কাম কৰিব লাগে সেই বিষয়ত অভ্যাস অনুষ্ঠিত হ'ব ৷ অনুশীলনত ভাৰতীয় স্থলসেনাৰ লগতে বায়ুসেনা আৰু নৌসেনাৰ সকলো শক্তিয়ে ব্যৱহাৰ কৰা হ'ব ৷ বিশেষকৈ নৌসেনাৰ আইএনএছ (INS Jalaswa) জালাছৱা, বায়ুসেনাৰ C130 বিমান, আপাচি হেলিকপ্টাৰ আৰু স্থলসেনাৰ টাটা ল'কিৰ লগতে আমেৰিকান সেনাবাহিনীৰ F-16 যুদ্ধবিমানৰ লগতে যুদ্ধজাহাজ German Townক ব্যৱহাৰ কৰা হ'ব ৷

অনুশীলন আৰম্ভ হোৱাৰ পূৰ্বে দুয়োখন দেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয় ৷ দুয়োখন দেশৰ সেনাৰ সামৰিক পেৰেডৰ অন্তত সৈনিকসকলক সম্বোধন কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চায়ুক্ত কেনেথ জাষ্টাৰে ৷ ইয়াৰ পিচতে সৈনিকসকলক সম্বোধন কৰে ভাৰতীয় নৌ-সেনাৰ বিষয়া তথা সমগ্ৰ অনুশীলনটোৰ দায়িত্বত থকা ৰিয়াৰ এডমিৰেল সুৰজ বেৰীয়ে ৷ দুয়োগৰাকী শীৰ্ষ বিষয়াই ভাৰত-আমেৰিকাৰ সামৰিক সম্পৰ্ক শক্তিশালী কৰি তোলাৰ লগতে জৰুৰীকালীন তথা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আৰ্তজনৰ কাষত থিয় দিয়াৰ কথা উল্লেখ কৰে ৷ ইয়াৰ উপৰিও আমেৰিকাৰ ৰাষ্ট্ৰদূতগৰাকীয়ে আগন্তুক ডিচেম্বৰ মাহত আৰু 2020 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত হায়দৰাবাদ আৰু লক্ষ্নৌত অনুষ্ঠিত হ'বলগীয়া প্ৰতিৰক্ষা এক্সপ'ৰ বিষয়ে মত বিনিময় কৰে ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.