ETV Bharat / entertainment

Shah Rukh Khan injured: শ্বাহৰুখ খানৰ অনুৰাগীৰ বাবে দুঃখবৰ, আমেৰিকাত আঘাতপ্ৰাপ্ত কিং খান

author img

By

Published : Jul 4, 2023, 4:35 PM IST

অন-চেট দুৰ্ঘটনাৰ সময়ত নাকত আঘাতপ্ৰাপ্ত হয় ছুপাৰষ্টাৰ শ্বাহৰুখ খান । অভিনেতাগৰাকীয়ে আমেৰিকাৰ লছ এঞ্জেলছত এটা অজ্ঞাত প্ৰজেক্টৰ শ্বুটিং কৰি থকাৰ সময়তে এই অপ্ৰিয় ঘটনাটি সংঘটিত হয় ।

Shah Rukh Khan injured during shoot in US, returns to India after minor surgery
শ্বাহৰুখ খানৰ অনুৰাগীৰ বাবে দুঃখবৰ, আমেৰিকাত আঘাতপ্ৰাপ্ত শ্বাহৰুখ খান

চিটাৰা ডেস্ক, 4 জুলাই: বলীউডৰ ‘পাঠান’ শ্বাহৰুখ খানৰ অনুৰাগীৰ বাবে এটা বেয়া খবৰ । শ্বাহৰুখ খানৰ চেটত দুৰ্ঘটনা সংঘটিত হয় । লছ এঞ্জেলছত এটা প্ৰজেক্টৰ শ্বুটিং কৰাৰ সময়ত চেটত আঘাতপ্ৰাপ্ত হোৱা শ্বাহৰুখক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয় । সংবাদ মাধ্যমৰ খবৰ অনুসৰি, দুৰ্ঘটনাৰ পিছৰে পৰা যেতিয়া শ্বাহৰুখ খানৰ নাকৰ পৰা তেজ বন্ধ হোৱা নাছিল, তেতিয়া তেওঁৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল ।

কোৱা হৈছে যে, অভিনেতাজনৰ নাকত আঘাত পোৱাৰ বাবে প্ৰচুৰ পৰিমাণে তেজ ওলাইছিল, তাৰ পিছত তেওঁৰ অপাৰেচন কৰিবলগীয়া হৈছিল । একে সময়তে শ্বাহৰুখ খানৰ অস্ত্ৰোপচাৰ কৰা চিকিৎসকসকলে এতিয়া চিন্তাৰ কোনো কাৰণ নাই বুলি কৈছে ।

চিকিৎলসকে কয় যে, শ্বাহৰুখ খানে এই আঘাতৰ পৰা অতি সোনকালে আৰোগ্য লাভ কৰিব । একে সময়তে শ্বাহৰুখ খানৰ নাকত বেণ্ডেজ বান্ধি থোৱা দেখা যায় । কোৱা হৈছে যে এই দুৰ্ঘটনাৰ পিছত শ্বাহৰুখ খান ভাৰতলৈ উভতি আহিছে ।

চিকিৎসকে প্ৰকল্পৰ দলটোক জনাইছে যে অভিনেতাজন বিপদৰ পৰা আঁতৰি আছে আৰু তেওঁৰ নাকৰ পৰা অবিৰত ৰক্তক্ষৰণ বন্ধ কৰিবলৈ সামান্য অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল । উল্লেখ্য যে, আজিকালি শ্বাহৰুখ খানৰ আগন্তুক ছবি জৱন আৰু ডাংকীক লৈ চৰ্চা চলি আছে ।

একে সময়তে ৭ ছেপ্টেম্বৰত মুক্তি পাবলৈ গৈ আছে ছবি জৱান আৰু ২০২৩ চনৰ ডিচেম্বৰত ডংকি । ‘পাঠান’ ছবিখনৰ পৰা ১০০০ কোটিতকৈ অধিক উপাৰ্জন কৰি ধুমুহাৰ সৃষ্টি কৰাৰ পিছত এতিয়া তেওঁ দুয়োখন ছবিৰে বক্স অফিচত ধামাকা কৰিবলৈ সাজু হৈছে ।

উল্লেখ্য যে, জৱানত প্ৰথমবাৰৰ বাবে শ্বাহৰুখ খানে দক্ষিণৰ পৰিচালক এটলী কুমাৰৰ সৈতে কাম কৰি আছে । এই ছবিখনত শ্বাহৰুখ খানৰ বিপৰীতে নয়নতাৰাক দেখিবলৈ পোৱা যাব । কেৱল এয়াই নহয়, ছবিখনত দেখা যাব সানায়া মালহোত্ৰা আৰু দীপিকা পাডুকনক ।

লগতে পঢ়ক: Jawan Trailer Update: শ্বাহৰুখ খানৰ জোৱানৰ ট্ৰেইলাৰৰ টম ক্ৰুজৰ মিছন ইম্প’চিবলৰ সৈতে ওলাল এক ডাঙৰ সম্পৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.