ETV Bharat / entertainment

Jawan Trailer Update: শ্বাহৰুখ খানৰ জোৱানৰ ট্ৰেইলাৰৰ টম ক্ৰুজৰ মিছন ইম্প’চিবলৰ সৈতে ওলাল এক ডাঙৰ সম্পৰ্ক

author img

By

Published : Jul 3, 2023, 3:58 PM IST

শ্বাহৰুখ খানৰ ছবি জোৱানৰ বাবে তেওঁৰ অনুৰাগীসকলে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে । এতিয়া ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ বিষয়ে এটা ডাঙৰ আপডেট আহিছে ।

Shahrukh Khan's Jawan trailer has a strong connection with Tom Cruise's Mission Impossible
শ্বাহৰুখ খানৰ জোৱানৰ ট্ৰেইলাৰৰ টম ক্ৰুজৰ মিছন ইম্প’চিবলৰ সৈতে ওলাল এক ডাঙৰ সম্পৰ্ক

চিটাৰা ডেস্ক, 3 জুলাই: পাঠান ব্লকবাষ্টাৰ হোৱাৰ পিছৰে পৰা শ্বাহৰুখ খানৰ অনুৰাগীসকলে তেওঁৰ পৰৱৰ্তী ছবি জোৱানৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । জোৱানৰ পোষ্টাৰ আৰু টিজাৰ দেখি অনুৰাগীসকলে ইয়াৰ ট্ৰেইলাৰটোও চাবলৈ আগ্ৰহী । আনকি টুইটাৰত আস্ক এছ আৰ কেৰ অধিবেশনৰ সময়তো হাজাৰ হাজাৰ অনুৰাগীয়ে শ্বাহৰুখক জোৱানৰ ট্ৰেইলাৰ মুক্তিৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি আহিছে । কিন্তু এতিয়া ইয়াৰ উত্তৰ পোৱা গৈছে ।

শ্বাহৰুখ খানৰ ছবি জৱানৰ ট্ৰেইলাৰৰ সৈতে বিশ্বৰ সৰ্ববৃহৎ একচন ফ্ৰেঞ্চাইজি মিছন ইম্প’চিবলৰ সৈতে এক শক্তিশালী সম্পৰ্ক আছে । সংযোগটো হ’ল যে শ্বাহৰুখৰ জৱানৰ ট্ৰেইলাৰটো আহিব টম ক্ৰুজ অভিনীত মিছন ইম্প’চিবল: ডেড ৰেকনিঙৰ সৈতে । যদিও মেকাৰসকলে এতিয়াও আনুষ্ঠানিকভাৱে ইয়াৰ বিষয়ে ঘোষণা কৰা নাই ।

টম ক্ৰুজৰ ছবিৰ সৈতে জোৱানৰ ট্ৰেইলাৰ

বাতৰিসমূহত দাবী কৰা হৈছে যে, ১২ জুলাইত মুক্তি পাবলগীয়া মিছন ইম্প’চিবল: ডেড ৰেকনিঙৰ আইমেক্সকে ধৰি সকলো ফৰ্মেটৰ সৈতে জোৱানৰ ট্ৰেইলাৰ ছবিগৃহত প্ৰদৰ্শিত হ’ব । শ্বাহৰুখৰ একচন এডভেঞ্চাৰ ছবিখনৰ ট্ৰেইলাৰ মুক্তি পাবলৈ টম ক্ৰুজৰ ছবিখনতকৈ ভাল কি হ’ব পাৰে ।

আপোনালোকক জনাই দিওঁ যে, জোৱানত প্ৰথমবাৰৰ বাবে শ্বাহৰুখ খানে চাউথৰ পৰিচালক এটলী কুমাৰৰ সৈতে কাম কৰি আছে । এই ছবিখনত শ্বাহৰুখ খানৰ বিপৰীতে নয়নতাৰাক দেখিবলৈ পোৱা যাব । কেৱল এয়াই নহয়, ছবিখনত দেখা যাব সানায়া মালহোত্ৰা আৰু দীপিকা পাডুকনক । ইয়াৰ পূৰ্বে এই ছবিখন কেৱল ২ জুনত মুক্তি পাবলগীয়া আছিল যদিও ইয়াক ৭ ছেপ্টেম্বৰলৈ ছবিখনৰ মুক্তিৰ দিন সলনি কৰা হৈছে ।

লগতে পঢ়ক: Akshay Kumar OMG 2 New Poster: দীঘল চুলি, ভস্ম তথা ৰুদ্ৰাক্ষৰ মালা...এক নতুন ৰূপত আহি আছে অক্ষয় কুমাৰ

লগতে পঢ়ক: Bigg Boss OTT 2: আকাংক্ষা পুৰীয়ে জাদ হাদিদৰ সৈতে অন কেমেৰা কৰিলে ৩০ ছেকেণ্ডৰ চুম্বন, নেটিজেনে ক’লে বৰ্জন কৰক বিগ বছ

লগতে পঢ়ক: Satyaprem Ki Katha Collection: কাৰ্তিক-কিয়াৰাৰ আগমনৰ লগে লগে স্তব্ধ হৈ পৰিল আদিপুৰুষৰ ব্যৱসায়, প্ৰথম দিনাৰ সংগ্ৰহ কিমান জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.