ETV Bharat / entertainment

Gigi Hadid arrested: আটক ছুপাৰমডেল গিগি হাদিদ, জামিনত মুকলি হৈয়ে বল্ড ছবি শ্বেয়াৰ কৰিলে গিগিয়ে

author img

By

Published : Jul 19, 2023, 12:22 PM IST

Gigi Hadid poses for carefree bold pictures following arrest in marijuana case
নিচাজাতীয় দ্ৰব্য ৰখাৰ অভিযোগত আটক হৈছিল গিগি হাদিদ

আমেৰিকাৰ ছুপাৰ মডেল গিগি হাদিদৰ সৈতে জড়িত এক ডাঙৰ খবৰ পোৱা গৈছে । নিচাজাতীয় দ্ৰব্য ৰখাৰ অভিযোগত আটক হৈছিল মডেলগৰাকী । অৱশ্যে জৰিমনা বিহি জামিনত মুকলি কৰি দিয়া হয় মডেলগৰাকীক।

চিটাৰা ডেস্ক, 19 জুলাই: আমেৰিকাৰ ছুপাৰ মডেল গিগি হাদিদ নিজৰ ষ্টাইল ষ্টেটমেণ্টৰ বাবে জনাজাত ৷ প্ৰায়ে ছ’চিয়েল মিডিয়াত নিজৰ বল্ড ছবি শ্বেয়াৰ কৰে গিগি হাদিদে ৷ যাৰ বাবে ছুপাৰ মডেলগৰাকীয়ে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে ৷ প্ৰত্যেকবাৰৰ দৰে এইবাৰ পুনৰ মডেলগৰাকীয়ে দখল কৰিছে বাতৰিৰ শিৰোনাম । অৱশ্যে এইবাৰ নিজৰ বল্ড লুকৰ বাবে নহয়, অন্য এটা কাৰণত হে চৰ্চালৈ আহিছে মডেলগৰাকীয়ে ৷ হয় দৰাচলতে কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গিগি হাদিদক গাঞ্জাৰ ৰখাৰ অপৰাধত আটক কৰা হৈছিল । এই ঘটনা পোহৰলৈ অহাৰ পিচতে চৰ্চালৈ আহিছে ছুপাৰ মডেলগৰাকী ৷

এতিয়া আহিছো ঘটনাৰ মূল বিৱৰণীলৈ, যোৱা ১০ জুলাইত ব্যক্তিগত বিমানত বন্ধুবৰ্গৰ সৈতে কেমেন দ্বীপপুঞ্জত উপস্থিত হোৱাৰ পিচতে অ’ৱেন ৰবাৰ্টছ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হৈছিল ২৮ বছৰীয়া ছুপাৰমডেলগৰাকীক। অৱশ্যে পিচত জামিনত মুকলি কৰি দিয়া হয় গিগিক ।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি গিগি হাদিদ আৰু তেওঁৰ বন্ধু ব্যক্তিগত বিমানত উপস্থিত হোৱাৰ কিছু সময়ৰ পিচতে কাষ্টমছ এণ্ড বৰ্ডাৰ কণ্ট্ৰ’লৰ বিষয়াসকলে তেওঁলোকৰ লাগেজত গাঞ্জা আৰু গাঞ্জা সেৱন কৰিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী উদ্ধাৰ কৰে। হাদিদক গ্ৰেপ্তাৰ কৰাৰ পিচত ১০০০ মাৰ্কিন ডলাৰ জৰিমনা বিহা হয় ৷ ইয়াৰ পিচতে মডেলগৰাকীক কয়দী ডিটেনচন চেণ্টাৰলৈ লৈ যোৱা হয়, য’ত জামিনত মুকলি কৰি দিয়া হয় ।

এই ঘটনাৰ পিচত শুকুৰবাৰে হাদিদে ইনষ্টাগ্ৰামত কেইবাখনো বিকিনি ফটো শ্বেয়াৰ কৰে । এখন ফটোত হাদিদে বাহিৰত লাউঞ্জত বহি পোজ দিয়া দেখা গৈছে, আন এখন ফটোত সোঁ ভৰিত টেটু দেখুৱাই হাঁহি থকা দেখা গৈছে ।

লগতে পঢ়ক: OMG 2 Song Out: মুক্তিলাভ কৰিলে মহাদেৱৰ ওপৰত নিৰ্মিত 'OMG 2'ৰ প্ৰথমটো গীত 'উঁচি উঁচি ৱাদি'

লগতে পঢ়ক: HBD Bhumi Pednekar: কোনো ডায়েটিচিয়ান নোহোৱাকৈ কম সময়ৰ ভিতৰতে কেনেকৈ ৩২ কেজিকৈ ওজন হ্ৰাস কৰিছিল ভূমি পেডনেকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.