ETV Bharat / entertainment

OMG 2 Song Out: মুক্তিলাভ কৰিলে মহাদেৱৰ ওপৰত নিৰ্মিত 'OMG 2'ৰ প্ৰথমটো গীত 'উঁচি উঁচি ৱাদি'

author img

By

Published : Jul 18, 2023, 1:31 PM IST

অক্ষয় কুমাৰৰ 'OMG 2'ৰ প্ৰথমটো গীত 'উঁচি উঁচি ৱাদি' মুক্তি পালে । এই গীতটি মুক্তি পোৱাৰ লগে লগে অনুৰাগীসকলে ভোলেনাথৰ ভক্তিত নিমগ্ন হৈ পৰিছে । এই গীতটোত পংকজ ত্ৰিপাঠী ভগৱান শংকৰৰ ভক্তিত ইমানেই নিমগ্ন যে গীতটো মুক্তি পোৱাৰ লগে লগে ভাইৰেল হৈ পৰে ।

OMG 2 Song Out
OMG 2 Song Out

চিটাৰা ডেস্ক, 18 জুলাই: অক্ষয় কুমাৰৰ বহু প্ৰত্যাশিত ছবি ‘OMG 2’ৰ প্ৰথমটো গীত ‘উঁচি উঁচি ৱাদিয়ে’ আজি মুক্তি লাভ কৰে । এই গীতটোত অক্ষয় কুমাৰক ভগৱান ভোলানাথৰ ৰূপত দেখা গৈছিল, আনহাতে পংকত্ৰ ত্ৰিপাঠী ভগৱান শংকৰৰ ভক্ত হিচাবে উপস্থাপন কৰা হৈছে ।

কেইমিনিটমানৰ এই গীতটোৰে শাওন মাহত এনেকুৱা এটা পৰিবেশ গঢ়ি তুলিছে যে সকলোৱে এই গীতটো বৰ ভাল পাইছে । এই গীতটো মুক্তি পোৱাৰ লগে লগে ভাইৰেল হৈ পৰিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

OMG 2ৰ প্ৰথম গীত মুক্তি

‘উঁচি উঁচি ৱাদি’ ছবি 'OMG 2'ৰ প্ৰথমটি গীত । ১৭ জুলাইত মুক্তি লাভ কৰা এই গীতটিৰ টিজাৰ, তাৰ পিছত অনুৰাগীসকলে এই গীতটিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । ইয়াৰ সমান্তৰালকৈ অক্ষয়ে ইনষ্টা ষ্ট’ৰীত এই গীতটি মুক্তিৰ সন্দৰ্ভত আনুষ্ঠানিক তথ্যও দিয়ে ।

অক্ষয় কুমাৰে এইখিনি মাচুল লৈছিল

কোনোবা নহয় কোনোবা কাৰণত অহৰহ লাইমলাইটত থকা ‘OMG 2’ ছবিখন । প্ৰথমে এই ছবিখনৰ পোষ্টাৰখনে দৰ্শকৰ হৃদয় জয় কৰিছিল, তাৰ পিচত টিজাৰৰ কিছুমান দৃশ্যত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল । একে সময়তে অক্ষয় কুমাৰৰ মাচুলেও এই ছবিখনত শিৰোনাম দখল কৰিছে ।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এই ছবিখনৰ বাবে অক্ষয় কুমাৰে প্ৰায় ৩৫ কোটি টকা লৈছে । আনহাতে, পংকজ ত্ৰিপাঠীয়ে ৫ কোটি আৰু য়ামী গৌতমে প্ৰায় ২ৰ পৰা ৩ কোটি টকা লৈছে ।

আগন্তুক ১১ আগষ্টত মুক্তি পাব ছবিখন

উল্লেখ্য যে, ১১ আগষ্টত মুক্তিলাভ কৰিব বহু প্ৰত্যাশিত ছবি ‘OMG 2’ । কিন্তু এই টিজাৰত আপত্তি কৰাৰ পিচত চেঞ্চৰ ব’ৰ্ডে পুনৰীক্ষণৰ বাবে প্ৰেৰণ কৰিছে আৰু তেতিয়ালৈকে নিষেধাজ্ঞা আৰোপ কৰিছে । এনে পৰিস্থিতিত ১১ তাৰিখে ছবিখন মুক্তি পাব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই । ছবিখনৰ পৰিচালনা কৰিছে অমিত ৰায়ে ।

লগতে পঢ়ক: Health Tips: দিনটোৰ আৰম্ভণি কৰক এইসমূহ স্বাস্থ্যকৰ খাদ্যৰ সৈতে; স্বাস্থ্যই লাভ কৰিব অনেক উপকাৰিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.