ETV Bharat / entertainment

HBD Bhumi Pednekar: কোনো ডায়েটিচিয়ান নোহোৱাকৈ কম সময়ৰ ভিতৰতে কেনেকৈ ৩২ কেজিকৈ ওজন হ্ৰাস কৰিছিল ভূমি পেডনেকাৰে

author img

By

Published : Jul 18, 2023, 2:18 PM IST

Updated : Jul 18, 2023, 3:17 PM IST

Bhumi Pednekar Fat To Fit: অতি কম সময়ৰ ভিতৰতে বলীউডত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ভূমি পেডনেকাৰ । জিৰ’ ফিগাৰৰ যুগত অভিনেত্ৰীগৰাকীয়ে প্ৰথমখন ছবিতে ৮০ কিলো ওজন বৃদ্ধি কৰিছিল । তাৰ পিচত হোৱা তেওঁৰ পৰিবৰ্তনক তবধ মানিছিল সকলোৱে ৷ জানো আহক অভিনেত্ৰীগৰাকীয়ে কেনেকৈ অতি কম সময়তে হ্ৰাস কৰিছিল ৩২ কেজি ওজন ৷

HBD Bhumi Pednekar
HBD Bhumi Pednekar

আজি ভূমি পেডনেকাৰৰ 34 সংখ্যক জন্মদিন ৷ অতি কম সময়ৰ ভিতৰতে বলীউডত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ভূমি পেডনেকাৰ । জিৰ’ ফিগাৰৰ যুগত অভিনেত্ৰীগৰাকীয়ে প্ৰথমখন ছবিতে ৮০ কিলো ওজন বৃদ্ধি কৰিছিল । প্ৰথমখন ছবি ‘দম লগা কে হাইছা’ত ভূমি পেডনেকাৰে এই চৰিত্ৰটোৰ বাবে ৮০ কিলো ওজন বৃদ্ধি কৰিছিল, বিবাহৰ বাবে এগৰাকী শকত ছোৱালীৰ সংগ্ৰামৰ বিষয়ে এই ছবিখনত দেখুওৱা হৈছিল ।

এই ছবিখনত আয়ুষ্মান খুৰানাৰ বিপৰীতে দেখা গৈছিল ভূমিক । তেওঁৰ ছবিখন ছুপাৰ হিট বুলি প্ৰমাণিত হ’ল । ছবিখনত ভূমিৰ ভূমিকা দৰ্শকে খুবেই পচন্দ কৰিছিল । কিন্তু ইয়াৰ বাবে বৃদ্ধি পোৱা ওজন ভূমিৰ বাবে যথেষ্ট প্ৰত্যাহ্বান হৈ পৰিছিল ।

কিন্তু ভূমিয়ে কেতিয়াও থমকি ৰোৱা নাছিল আৰু যেতিয়া ৪ মাহৰ পিচত তেওঁক সকলোৱে দেখিলে কোনোৱে তেওঁৰ এই লুক দেখি বিশ্বাস কৰিব পৰা নাছিল যে কেনেকৈ পূৰ্বৰ সেই শকত অভিনেত্ৰীগৰাকী তেওঁৱেই আছিল । দৰাচলতে ইমান কম সময়ৰ ভিতৰতে কোনেও ভবা নাছিল যে ভূমিয়ে তেওঁৰ ওজন ইমান কমাব পাৰিব ।

কিন্তু ভূমিয়ে কোনো ডায়েটিচিয়ান নোহোৱাকৈয়ে এই কাম কৰি দেখুৱালে । এক সাক্ষাৎকাৰত ভূমিয়ে নিজৰ খাদ্যাভ্যাসৰ বিষয়ে কয়, অতি সোনকালে ওজন কমাব পৰা ৰহস্যৰ বিষয়ে তেওঁ ব্যক্ত কৰি কয় ।

ভূমিয়ে সাক্ষাৎকাৰত কৈছিল, পূৰ্বে তেওঁ এগিলাচ গৰম পানী খাইছিল । তাৰ লগতে ডিটক্স পানীও তেওঁ সেৱন কৰিছিল, যাৰ বাবে শৰীৰত উপস্থিত থকা দূষিত মৌলবোৰ আঁতৰি যায় । ডিটক্স পানী বনাবলৈ অভিনেত্ৰীগৰাকীয়ে নেমু আৰু পদিনাৰ লগতে তিয়ঁহ ব্যৱহাৰ কৰিছিল ।

ভূমিয়ে কেতিয়াও ব্ৰেকফাষ্ট মিছ নকৰে । এই কথা বৰ্ণনা কৰি তেওঁ কৈছিল, ‘মই কেতিয়াও ব্ৰেকফাষ্ট মিছ কৰা নাই । পুৱা স্কিম মিল্ক (ক্ৰিম নোহোৱাকৈ)ৰ সৈতে মিউচলি খাওঁ । ইয়াৰ বাহিৰেও মই ঘেঁহুৰ আটা, ২টা কণীৰ কুহুমৰ অমলেট আৰু তাৰ লগত ফলৰ ৰসেৰে তৈয়াৰী ৰুটি খাওঁ । ইয়াৰ উপৰিও ভূমিয়ে সূৰ্যমুখী ফুলৰ গুটিও খায় ।

ইয়াৰ সমান্তৰালকৈ ভূমিয়ে ৱৰ্কআউটতো যথেষ্ট সময় দিছিল । যাৰ বাবে তেওঁ মাত্ৰ চাৰি মাহতে ৩২ কেজি ওজন কমাবলৈ সক্ষম হৈছিল । উল্লেখ্য যে, শেহতীয়াকৈ অভিনেত্ৰীগৰাকীক ‘আফৱাহ’ নামৰ ছবিখনত নৱাজুদ্দিন ছিদ্দিকীৰ সৈতে দেখিবলৈ পোৱা গৈছিল ৷

লগতে পঢ়ক: Jawan: এ আৰ ৰহমানতকৈও অধিক মাচুল, কোন হয় জৱানৰ সংগীত পৰিচালক যিয়ে লৈছে যিয়ে ১০ কোটি টকা

Last Updated :Jul 18, 2023, 3:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.