ETV Bharat / city

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jan 13, 2022, 6:58 PM IST

Top Ten News
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়াৰ 7 বজাৰ শীৰ্ষ সংবাদসমূহ চাও আহক...

Guwahati Bikaner Express derailed : দুৰ্ঘটনাত পতিত গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ

দুৰ্ঘটনাত পতিত হৈছে গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ ৷ পশ্চিমবংগৰ দমহানিত লাইনচ্যুত হয় ৰেলগাড়ীখন ৷ গুৱাহাটী অভিমুখে আহি আছিল 15633 নম্বৰৰ ৰেলগাড়ীখন ৷ জানিব পৰা মতে, 12 টাকৈ ডবা লাইনচ্যুত হৈছে ৰেলগাড়ীখনৰ ৷ ইতিমধ্যে ডি আৰ এম আৰু এ ডি এমৰ উদ্ধাৰৰ বাবে উপস্থিত হৈছে দুৰ্ঘটনাস্থলীত ৷ বহুলোক হতাহত হোৱাৰ সম্ভাৱনা ৷

CM on Covid protocol: বিহুৰ নামত আৱেগ সৃষ্টি কৰাসকল অসম বিৰোধী !

বাক্সা জিলাৰ ককিলাবাৰীৰ কেন্দ্ৰীয় কৃষি পামত উপস্থিত হৈ শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নতুন এছ অ’ পিৰ সম্পৰ্কত ক’বলৈ গৈ অসমপ্ৰেমী আৰু অসমবিৰোধীৰ সংজ্ঞা দিয়ে (New SOP for Uruka celebration) ৷ নৱবৰ্ষক আদৰোতে বিশেষ কোনো নীতি-নিৰ্দেশনা জাৰি নকৰাৰ কাৰণো ব্যাখ্যা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

নেতা-কৰ্মীৰ বিজেপিত যোগদানৰ ধুমুহাৰ মাজতে এইবাৰ কংগ্ৰেছত তৃণমূলৰ শেনচকু !

বিজেপিয়ে গ্ৰাস কৰা অসম প্ৰদেশ কংগ্ৰেছৰ ওপৰত এইবাৰ তৃণমূল কংগ্ৰেছৰ চকু । দলটোৰ দুজন বিধায়কৰ লগতে একাংশ নেতাই বিজেপিত যোগদান কৰাৰ উপৰি দলৰ বহুকেইজন বিধায়ক বিজেপি আৰু মিত্রদল অগপত যোগদানৰ বাবে যোগাযোগ অব্যাহত আছে (Congress leader's BJP joining) । এনে সময়তে তৃণমূলক লৈ এক নতুন সংকটৰ সমুখীন হৈছে কংগ্ৰেছ দল (TMC brings new threat for Assam congress) ৷

Covid cases increase in Guwahati: ১৫ জানুবাৰীৰ পাছত ক'ভিড পৰিস্থিতিক লৈ কঠোৰ হ'ব গুৱাহাটী প্ৰশাসন

উৰুকাৰ দিনা গুৱাহাটীৰ উজানবজাৰৰ মাছৰ বজাৰ পৰিদৰ্শন কৰে উপায়ুক্ত পল্লৱ গোপাল ঝাই (Kamrup metro dc visits Uzanbazar fish market)। সকলোকে ক'ভিড বিধি পালনৰ আহ্বান উপায়ুক্তগৰাকীৰ । ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অহা ১৫ জানুৱাৰীৰ পৰা গুৱাহাটীত কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰা হ'ব ।

Assam Government cabinet meeting : এইবাৰৰ মনোমোহা হাফলঙত কেবিনেট বৈঠক

ভোগালী বিহুৰ পিছতে ১৯ জানুৱাৰীত মনোমোহা হাফলঙত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক (Assam Government cabinet meeting in Haflong) । পূৰ্বৰ ধেমাজি আৰু বঙাইগাঁৱৰ দৰে এইবাৰ হাফলঙকো আটকধুনীয়াকৈ সজাই তোলাৰ প্ৰস্তুতি তুংগত উঠিছে ।

AFSPA extended In Manipur: মণিপুৰত বিজেপিৰ সম্ভাৱনাক প্ৰভাৱিত কৰিব নেকি আফস্পাই ?

সমাগত নিৰ্বাচনৰ আগে আগে মণিপুৰৰ সকলো অঞ্চলতে সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনখন (Armed Forces Special Powers Act) পুনৰ প্ৰসাৰিতকৰণে ৰাজ্যখনত বিপদত পেলাব পাৰে শাসনাধিষ্ঠিত বিজেপি দলক ।

Brutal Murder in Guwahati : বিহুৰ উচাহৰ মাজতে মহানগৰীত নৃশংস হত্যাকাণ্ড

মাঘ বিহুৰ উচাহৰ মাজতে সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড (Brutal Murder case in Guwahati) । অভিযোগ অনুসৰি মহানগৰীৰ হাতীগাঁৱত বুধবাৰে নিশা স্বামীয়ে হত্যা কৰিলে পত্নীক ৷ স্বামী আৰু পৰিয়ালৰ লোকৰ হাতত প্ৰাণ গ’ল এগৰাকী মহিলাৰ । স্বামী ৰূপচান আৰু পৰিয়ালৰ লোকে ডিঙি চেপি মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগ উঠিছে ।

Tiger scare in Behali : বিহালীত গোহালিৰ পৰা বাঘে টানি নিলে পশুধন

বিশ্বনাথ জিলাৰ বিহালীত বাঘৰ আতংক অব্যাহত আছে (Tiger scare in Behali)। এইবাৰ ৰাংছালী গাঁৱত বাঘৰ মুক্ত বিচৰণ । গোহালিত সোমাই গৰু টানি নিলে ঢেকীয়াপতীয়া বাঘে ।

সকলোৱে অ’মিক্ৰণত আক্ৰান্ত হ’ব, বুষ্টাৰ ড’জে ৰুধিব নোৱাৰে অ’মিক্ৰণক

ক’ভিড এতিয়া আৰু আমাৰ বাবে সাংঘাতিক বেমাৰ হৈ থকা নাই । এই ভেৰিয়েণ্টটো আগৰ ডেল্টা ভেৰিয়েণ্টৰ তুলনাত যথেষ্ট দুৰ্বল আৰু সেয়ে আক্ৰান্তসকলক চিকিৎসালয়লৈও নিবলগীয়া নহয় । অ’মিক্ৰণৰ সংক্ৰমণৰ ক্ষেত্ৰত সাধাৰণ ঠাণ্ডা লগাৰ নিচিনা উপসৰ্গই দেখা দিয়ে । কিন্তু ই হ’বই আৰু ইয়াক বাধা দিয়াটো সম্ভৱ নহয় ৷

পদ্মশ্ৰী ৰংবং তেৰাঙৰ জন্ম দিৱস উপলক্ষে 'সমন্বয়ৰ ৰং, তুমি ৰংবং" শুভ উন্মোচন

বৃহস্পতিবাৰে জীৱনৰ ৮৫ টা বছৰ গৰকিলে পাহাৰ ভৈয়ামৰ সমন্বয়ৰ ৰূপকাৰ, বিশিষ্ট সাহিত্যিক কালজয়ী ‘ৰংমিলিৰ হাঁহি’ উপন্যাসৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙে ৷ নিভাজ সৰলতা, সুমিষ্ট কথা-বাৰ্তাৰে অগণন গুণমুগ্ধক মোহৱিষ্ট কৰি অহা কথা শিল্পী গৰাকীৰ ওপজা দিনটোক লৈ গুণমুগ্ধ সকলৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.