CM on Covid protocol: বিহুৰ নামত আৱেগ সৃষ্টি কৰাসকল অসম বিৰোধী !

author img

By

Published : Jan 13, 2022, 4:31 PM IST

CM on Covid protocol

বাক্সা জিলাৰ ককিলাবাৰীৰ কেন্দ্ৰীয় কৃষি পামত উপস্থিত হৈ শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নতুন এছ অ’ পিৰ সম্পৰ্কত ক’বলৈ গৈ অসমপ্ৰেমী আৰু অসমবিৰোধীৰ সংজ্ঞা দিয়ে (New SOP for Uruka celebration) ৷ নৱবৰ্ষক আদৰোতে বিশেষ কোনো নীতি-নিৰ্দেশনা জাৰি নকৰাৰ কাৰণো ব্যাখ্যা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

বাক্সা, ১৩ জানুৱাৰী: বাক্সা জিলাৰ ককিলাবাৰীৰ কেন্দ্ৰীয় কৃষি পামত ভোগালী বিহুৰ উৰুকাৰ দিনটোত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Hiamanta Biswa Sarma at Koklabari agricultural farm) ৷ ককিলাবাৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এগ্ৰ’ফৰেষ্টি আৰু জৈৱ বৈচিত্ৰ কলেজৰ আধাৰশিলা স্থাপনৰ লগতে উলুম ম'ৰা চৰাইৰ সংৰক্ষণ, গৱেষণা আৰু পৰিৱেশ পৰ্যটন এলেকাৰ আধাৰশিলা স্থাপন কৰে । ইয়াৰোপৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বাক্সা জিলাত নিৰ্মাণ হোৱা ১০৭ টা অংগনাবাদী কেন্দ্ৰৰ শুভ উদ্বোধন কৰে ।

অসমপ্ৰেমী, অসমবিৰোধীৰ সংজ্ঞা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে । সভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ককিলাবাৰীক এখন আদৰ্শ কৃষি পাম হিচাপে গঢ়ি তোলাৰ পোষকতা কৰে ৷ আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে বিহুৰ প্ৰাকক্ষণত প্ৰকাশ কৰা এচ অ’ পি ক লৈ সমালোচনা কৰাসকলক প্ৰত্যুত্তৰ দিয়ে (New SOP for Uruka celebration)৷

ক’ভিডত অসমীয়া ডেকা ল'ৰাক মৰিবলৈ দিয়া নহ’ব বুলি কৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, যিসকলে অসমীয়া যুৱকসকলক নিৰোগী কৰি ৰাখিব খুজিছে তেওঁলোকহে অসমপ্ৰেমী ৷ ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে, যিসকলে বিহুৰ নামত আবেগ সৃষ্টি কৰি ৰোগী তথা আক্ৰান্ত কৰিব বিচৰাসকল অসমবিৰোধী ৷

এনেদৰে অসমপ্ৰেমী আৰু অসমবিৰোধীৰ সংজ্ঞা দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 31 ডিচেম্বৰ, 1 জানুৱাৰী উদযাপন কৰাসকলো অসমীয়াই আছিল ৷ সেইসময়ত ক’ভিড ৰোগীৰ সংখ্যা কম আছিল কিন্তু এতিয়া ক’ভিডৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে ৷ আমি বন্ধ দিয়া নাই, ক’ভিডেহে বন্ধ কৰিবলৈ বাধ্য কৰিছে (Cm Himanta Biswa Sarma on Covid situation) ৷

শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা, মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে কেইবাগৰাকীও বিধায়ক, বিটিচিৰ কাৰ্যবাহী সদস্য ৷

লগতে পঢ়ক: দুপালি ভেকছিন লোৱাসকলেহে খাবলৈ পাব সৰভোগৰ দৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.