ETV Bharat / state

পদ্মশ্ৰী ৰংবং তেৰাঙৰ জন্ম দিৱস উপলক্ষে 'সমন্বয়ৰ ৰং, তুমি ৰংবং" শুভ উন্মোচন

author img

By

Published : Jan 13, 2022, 5:38 PM IST

বৃহস্পতিবাৰে জীৱনৰ ৮৫ টা বছৰ গৰকিলে পাহাৰ ভৈয়ামৰ সমন্বয়ৰ ৰূপকাৰ, বিশিষ্ট সাহিত্যিক কালজয়ী ‘ৰংমিলিৰ হাঁহি’ উপন্যাসৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙে ৷ নিভাজ সৰলতা, সুমিষ্ট কথা-বাৰ্তাৰে অগণন গুণমুগ্ধক মোহৱিষ্ট কৰি অহা কথা শিল্পী গৰাকীৰ ওপজা দিনটোক লৈ গুণমুগ্ধ সকলৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে ৷

book
' সমন্বয়ৰ ৰং, তুমি ৰংবং" ৰ শুভ উন্মোচন

ডিফু, ১3 জানুৱাৰী: বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙৰ ৮৫ সংখ্যক জন্ম দিৱসত জিলাখনৰ ৭৩ গৰাকী কবিৰ একত্ৰিত এখনি কবিতা সংকলনেৰে সাহিত্যিক গৰাকীলৈ সাহিত্যনুৰাগী সকলে মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰে ৷ উল্লেখযোগ্য যে, সাহিত্যিক গৰাকীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি কাৰ্বি আংলং জিলা কৃষি সন্মিলনীৰ উদ্যোগত প্ৰকাশ কৰি উলিওৱা "সমন্বয়ৰ ৰং, তুমি ৰংবং" শীৰ্ষক এখনি কাব্যগ্ৰন্থৰ শুভ উন্মোচন কৰা হয় ৷

বিশিষ্ট সাহিত্যিক গৰাকীৰ নিজা বাসভৱন 'শিল ভিউ কটেজ'ত বুধবাৰে এক অন্তৰংগ পৰিৱেশত গ্ৰন্থখনি শুভ উন্মোচন কৰে অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ অধ্যাপক অমলেশ ভাৱেলে ৷ কাব্যগ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত অধ্যাপক অমলেশ ভাৱেলে বিশিষ্ট সাহিত্যিক গৰাকীৰ জীৱনশৈলী আৰু কৰ্মৰাজিৰ ভূয়সী প্ৰশংসা কৰে ৷ ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা গৰাকীৰ জীৱন, দৰ্শন ,ব্যক্তিগত আচৰণ সকলোতে এক কাব্যগুণ নিহিত হৈ আছে বুলি তেওঁ মন্তব্য কৰে ৷

book
' সমন্বয়ৰ ৰং, তুমি ৰংবং" ৰ শুভ উন্মোচন

ভালে সংখ্যক অনুৰাগীৰ উপস্থিতিত গ্ৰন্থ উন্মোচনী সভাত অংশ গ্ৰহণ কৰি পদ্মশ্ৰী ৰংবং তেৰাঙে তেওঁৰ জন্মদিনক কেন্দ্ৰ কৰি কাৰ্বি আংলঙৰ কবি কুলৰ এনে উচ্ছাহ প্ৰত্যক্ষ কৰি আশ্চৰ্য প্ৰকাশ কৰে ৷ লগতে পাহাৰীয়া জিলাখনৰ কবি সকলক উচ্চ প্ৰশংসা কৰে ৷ মানুহৰ হাঁহিৰ মাজত লুকাই থকা চকুলো কেৱল কবি সকলেহে প্ৰত্যক্ষ কৰিব পাৰে বুলি বিশিষ্ট সাহিত্যক গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ৷

কাব্য সংকলনটিৰ সম্পাদনা কবি ভৱ প্ৰসাদ দেউৰীৰ ৷ উল্লেখযোগ্য যে 13 জানুৱাৰীৰ দিনটোত বকলীয়াঘাটৰ চিংথুৰ প্ৰকাশনে পদ্মশ্ৰী ৰংবং তেৰাঙৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি ৰংবং তেৰাঙ সমন্বয় বঁটা প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Lata Mangeshkar covid positive: কৰ'ণাৰ লগতে নিউম'নিয়াতো আক্ৰান্ত হৈছে সুকণ্ঠী গায়িকা লতা মংগেশকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.