ETV Bharat / state

Brutal Murder in Guwahati : বিহুৰ উচাহৰ মাজতে মহানগৰীত নৃশংস হত্যাকাণ্ড

author img

By

Published : Jan 13, 2022, 3:15 PM IST

Updated : Jan 13, 2022, 5:38 PM IST

Brutal Murder case in Guwahat
মহানগৰীৰ হাতীগাঁৱত নৃশংস হত্যাকাণ্ড

বিহুৰ উচাহৰ মাজতেই গুৱাহাটী মহানগৰীত ৷ পৰিয়ালৰ লোকৰ সহযোগত সংঘটিত কৰিলে এই হত্যাকাণ্ড (Brutal Murder case in Guwahati) ৷

গুৱাহাটী, 13 জানুৱাৰী : মাঘ বিহুৰ উচাহৰ মাজতে সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড (Brutal Murder case in Guwahati) । অভিযোগ অনুসৰি মহানগৰীৰ হাতীগাঁৱত বুধবাৰে নিশা স্বামীয়ে হত্যা কৰিলে পত্নীক ৷ স্বামী আৰু পৰিয়ালৰ লোকৰ হাতত প্ৰাণ গ’ল এগৰাকী মহিলাৰ । স্বামী ৰূপচান আৰু পৰিয়ালৰ লোকে ডিঙি চেপি মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগ উঠিছে ।

ঘটনা সন্দৰ্ভত হাতীগাঁও আৰক্ষীয়ে পৰিয়ালৰ আটাইকেইজনকে গ্ৰেপ্তাৰ কৰিছে ৷ বুধবাৰে নিশা ৰূপচান আৰু পৰিয়ালৰ লোকে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি অভিযোগ উঠিছে । হত্যাকাণ্ড সংঘটিত কৰি আৰক্ষীক খবৰ নিদিয়াকৈ দিছপুৰ হাস্পতালত মহিলাগৰাকীক ভৰ্তি কৰি নাটক ৰচিছিল অভিযুক্তই ।

অভিযোগ অনুসৰি, যৌতুক বিচাৰি দীৰ্ঘদিন ধৰি মহিলা গৰাকীক অত্যাচাৰ কৰিছিল স্বামীৰ পৰিয়ালৰ লোকে (Husband killed wife for dowry) ।

লগতে পঢ়ক : Manipur Pre Poll Violence : কংগ্ৰেছৰ টিকট প্ৰত্যাশীৰ বাসগৃহৰ সমীপত দুটাকৈ আইইডি বিস্ফোৰণ

Last Updated :Jan 13, 2022, 5:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.