ETV Bharat / state

Tiger scare in Behali : বিহালীত গোহালিৰ পৰা বাঘে টানি নিলে পশুধন

author img

By

Published : Jan 13, 2022, 12:38 PM IST

Tiger scare in Behali
নিশা বিহালীত বাঘৰ আতংক

বিশ্বনাথ জিলাৰ বিহালীত বাঘৰ আতংক অব্যাহত আছে (Tiger scare in Behali)। এইবাৰ ৰাংছালী গাঁৱত বাঘৰ মুক্ত বিচৰণ । গোহালিত সোমাই গৰু টানি নিলে ঢেকীয়াপতীয়া বাঘে ।

বিশ্বনাথ, ১৩ জানুৱাৰী : চাৰিওফালে ভোগালীক আদৰাৰ প্ৰস্তুতি চলিছে । ভোগালীৰ বজাৰত বিভিন্ন খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ গ্ৰাহকে ভিৰ কৰা দেখা গৈছে । ভোগালীক লৈ সকলো ব্যস্ত হৈ থকাৰ মাজতে বিশ্বনাথৰ বিহালীত বাঘৰ আতংক (Tiger scare in Bihali) । বাঘৰ আক্ৰমণত বহু পশুধনৰ মৃত্যু হোৱা দেখা গৈছে ৷

বুধবাৰে পুনৰ ৰাংছালীত বাঘৰ আক্ৰমণ মৃত্যু হ'ল পশুধনৰ । জানিব পৰা মতে, নিশা প্ৰায় ৮ মান বজাত বৰগাং বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত গাঁৱখনত এটা ঢেকীয়াপতীয়া বাঘে প্ৰৱেশ কৰে (Tiger free roaming in Bihali) । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা প্ৰকাণ্ড বাঘটোৱে গাঁৱখনৰ জিতেন দাস নামৰ লোকজনৰ গোহালিৰ পৰা টানি নিয়ে গৰু পোৱালি ৷

জিতেন দাস আৰু পুত্ৰই বাঘটো প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰে । বাঘটোৱে পাছত মৃত গৰু পোৱালিটো এৰি পলায়ন কৰে । ইফালে ঘটনাস্থলীত উপস্থিত হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গমিৰি বনাঞ্চলিক কাৰ্যালয় আৰু বৰগাং বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ দল । নিশা ২ বজা পৰ্যন্ত বনকৰ্মীৰ দলটোৱে ফটকা ফুটাই বাঘটো সেই স্থান পৰা খেদিবলৈ চেষ্টা কৰে । ইফালে বাঘৰ মুক্ত বিচৰণক লৈ গাঁৱখনত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ।

লগতে পঢ়ক : প্ৰতিবাদৰ প্ৰতিশ্ৰুতিৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালক ভোগালীৰ ওলগ অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.