ETV Bharat / city

প্ৰতিবাদৰ প্ৰতিশ্ৰুতিৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালক ভোগালীৰ ওলগ অখিল গগৈৰ

author img

By

Published : Jan 12, 2022, 10:50 PM IST

বুধবাৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে গুৱাহাটীৰ নিজৰাপাৰাস্থিত নিজা বাসভৱনত এক সংবাদমেল আয়োজন কৰে ৷ সংবাদমেলখনৰ জৰিয়তে বিধায়কগৰাকীয়ে মে’ মাহৰ ভিতৰত অসম চৰকাৰে এক লাখ নিবনুৱাক নিযুক্তি দিবলৈ দাবী জনায় ৷ ইয়াৰোপৰি আন বহুকেইটা বিষয়ত মন্তব্য দিয়াৰ লগতে মুখ্যমন্ত্ৰীৰ পৰিয়ালক বিহুৰ ওলগো জনায় (Akhil Gogoi greets CM Himanta Biswa Sarma) ৷

Akhil Gogoi greets CM Himanta Biswa Sarma
প্ৰতিবাদৰ প্ৰতিশ্ৰুতিৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালক ভোগালীৰ ওলগ অখিল গগৈৰ

গুৱাহাটী, ১২ জানুৱাৰী: মে' মাহৰ ভিতৰত এক লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দাবী চৰকাৰৰ ওচৰত পুনৰ জনালে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । বুধবাৰে গুৱাহাটীৰ নিজৰাপাৰাস্থিত নিজা বাসভৱনত আয়োজন কৰা এখন সংবাদমেলত চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে বিধায়ক অখিল গগৈ ।

সংবাদমেলত অখিল গগৈয়ে কয় যে, মে' মাহৰ ভিতৰত চৰকাৰে এক লাখ নিবনুৱাক নিযুক্তি (Assam CM assures one lakh govt jobs) দিব নোৱাৰিলে চৰকাৰক সুদাই এৰা নহ'ব । চৰকাৰৰ বিৰুদ্ধে বিধানসভাৰ ভিতৰত আৰু বাহিৰত ব্যাপক আন্দোলন গঢ়ি তোলা হ'ব (Protest in Assam Assembly) । চৰকাৰী সকলো ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়কগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰীয়ে গণতান্ত্ৰিক ব্যৱস্থাটোক নাইকিয়া কৰিব বিচাৰিছে । এজন মানুহৰ কথাই আইন হ'ব নোৱাৰে ।

প্ৰতিবাদৰ প্ৰতিশ্ৰুতিৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালক ভোগালীৰ ওলগ অখিল গগৈৰ

ইয়াৰ মাজতে বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে পৰিয়ালবৰ্গ আৰু সকলো মন্ত্ৰী বিধায়কক ভোগালী বিহুৰ ওলগ জনায় (Akhil Gogoi greets CM Himanta Biswa Sarma) ৷

তেওঁ লগতে কয় যে, ক'ভিডৰ এই সময়ত চৰকাৰে সাধাৰণ লোকৰ কথা অলপো চিন্তা নকৰি বিভিন্ন বাধা-নিষেধ আৰোপ কৰি আহিছে । অলিম্পিক পদক জয়ী লাভলীনা বৰগোঁহাইৰ উজ্বল ভৱিষ্যত কামনা কৰি তেওঁ কয় যে, লাভলীনাই ফেশ্বন শ্ব' জাতীয় বিষয়ত নোসোমোৱাই ভাল হ'ব । বঁটা-বাহনক বেছি গুৰুত্ব নিদিয়াই ভাল । লাভলীনাৰ প্ৰতি অসমৰ ৰাইজৰ মৰম-ভালপোৱা আছে । সেয়ে লাভলীনাক লৈ শংকাও আছে । ইয়াৰ পূৰ্বে হিমা দাসক লৈয়ো চৰকাৰী পক্ষই যি ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি কৰিলে তাৰ প্ৰভাৱ তেওঁৰ প্ৰতিভাত পৰিলে । বিধায়ক গগৈয়ে লাভলীনাৰ মনোযোগত যাতে ব্যাঘাত নজন্মে ত‍াৰ বাবে সকলো পক্ষকে সচেষ্ট হ'বলৈ আহ্বান জনায় । অখিল গগৈয়ে লগতে কয় যে, লাভলীনাক লৈ অসমবাসীৰ বহু সপোন আছে ।

লগতে পঢ়ক: পৰিয়ালৰ ভূমি কেলেংকাৰী বিৰোধী প্ৰতিবাদত দিক্ বিদিক হেৰুৱাইছে মুখ্যমন্ত্ৰীয়ে : ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.