পৰিয়ালৰ ভূমি কেলেংকাৰী বিৰোধী প্ৰতিবাদত দিক্ বিদিক হেৰুৱাইছে মুখ্যমন্ত্ৰীয়ে : ভূপেন বৰা

By

Published : Jan 12, 2022, 9:28 PM IST

thumbnail

পঞ্জাৱৰ ঘটনাক লৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে বিয়লি সংবাদমেল সম্বোধন কৰাৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC president Bhupen Borah on Assam CM) । তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পৰিয়ালৰ ভূমি কেলেংকাৰীক (Land grabbing allegation against Himanta Biswa Sarma's family) লৈ কংগ্ৰেছে কৰা প্ৰতিবাদত দিক-বিদিক হেৰুৱাই পেলাইছে । যাৰ বাবে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক আক্ৰমণ কৰিব লাগে বাবেই আক্ৰমণ কৰিছে । পঞ্জাৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ(PM Modi's rally in Panjub) সমাৱেশ বিফল হোৱা ঘটনাৰ বাবে সম্পূৰ্ণ অবান্তৰভাৱে সংবাদমেল পাতি মুখ্যমন্ত্রীয়ে আবোল-তাবোল বক্তব্য দিয়া বুলি সভাপতি বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয় যে, পাঞ্জাৱৰ সভাখনত ৭০ হাজাৰ চকী ৰখা হৈছিল যদিও ৭০০ লোকো উপস্থিত হোৱা নাছিল । যাৰবাবে প্ৰধানমন্ত্রীগৰাকী আধা বাটৰ পৰা উভতি যাবলৈ বাধ্য হৈছিল । পাঞ্জাৱৰ এই ঘটনাৰ প্ৰভাৱ নিৰ্বাচন হ'বলগীয়া ৰাজ্যসমূহত পৰিব বুলি বিজেপিৰ নেতাসকলে ভয় খাইছে । যাৰ বাবে অসমৰ মুখ্যমন্ত্রীগৰাকী পাঞ্জাৱৰ মুখ্যমন্ত্রীগৰাকীৰ বিৰুদ্ধে ষড়যন্ত্রত লিপ্ত হৈছে বুলি তেওঁ অভিযোগ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.