ETV Bharat / city

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 6, 2022, 2:58 PM IST

top-ten-at-3-pm
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

আপত যোগ নিদিয়ে অখিল গগৈয়ে

আপত যোগদান নকৰে অখিল গগৈয়ে (Akhil Gogoi does not join AAP) ৷ আম আদমী পাৰ্টীৰ নেতৃত্বৰ সৈতে এক ব্যক্তিগত সু-সম্পৰ্ক আছে যদিও এই সম্পৰ্ক কেতিয়াও ৰাজনৈতিক হোৱা নাই । ৰাইজৰ দল এৰি কোনো দলত যোগদান কৰাৰ চিন্তা নাই কৰা বুলি মন্তব্য অখিল গগৈৰ ৷

Ambanis host 'Arangetram' : পুত্ৰবধু ৰাধিকাৰ 'আৰাঞ্জেট্ৰাম' অনুষ্ঠান আয়োজন আম্বানী পৰিয়ালৰ

অনন্ত আম্বানীৰ হ'ব লগা পত্নী ৰাধিকা মাৰ্চেণ্টে 'আৰেঞ্জট্ৰাম'ত ভাৰতনাট্যম প্ৰদৰ্শনেৰে সকলোকে মুগ্ধ কৰে । ৰাধিকা মাৰ্চেণ্ট নীতা আৰু মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ 'বাগদত্তা'।

সেৰফাংগুৰীৰ গুলীচালনাৰ ঘটনাত জড়িত মডেলসহ ছজনক গ্ৰেপ্তাৰ: ঘটনাৰ আঁৰত KLO !

কোকৰাঝাৰৰ এগৰাকী মডেল সহ ছজনক গ্ৰেপ্তাৰ (Six persons arrested accused of Kokrajhar firing incident)৷ কেএলঅ’ৰে সঘনে যোগাযোগ ৰক্ষা কৰাৰ তথ্য লাভৰ পিছতে আটক কৰা হৈছিল এগৰাকী মডেলসহ তেওঁৰ স্বামীক (Model accused of Kokrajhar firing)৷ পৰৱৰ্তী সময়ত তেওঁলোকক গ্ৰেপ্তাৰ কৰে ৷

আইফা 2022ৰ পৰা দিব্যা খোচলা কুমাৰৰ দুটা আকৰ্ষণীয় লুক

আইফা বঁটা প্ৰদান অনুষ্ঠানৰ পৰা প্ৰকাশ পাইছে অভিনেতা অভিনেত্ৰীসকলৰ আকৰ্ষণীয় ফটো ৷ দিব্যা খোচলা কুমাৰেও নিজৰ দুটা আকৰ্ষণীয় লুকৰ ফটো অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছে ৷ চাওক ফটো-

World environment Day: অসম কৃষি বিশ্ববিদ্যালয়ত মাইক্ৰ'ফৰেষ্ট গ্ৰীণ জ'ন আঁচনি মুকলি

অসম কৃষি বিশ্ববিদ্যালয়ত মাইক্ৰ'ফৰেষ্ট গ্ৰীণ জ'ন আঁচনি (Microforest Green Zone Scheme ) মুকলি ৷ মাইক্ৰ'ফৰেষ্ট গ্ৰীণ জ'নৰ এক অভিনৱ পৰিকল্পনাৰে 5 জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ কৃষি বিশ্ববিদ্যালয়খনত এই সেউজ সজাগতা অভিযান আৰম্ভ কৰে (Microforest Green Zone Scheme launched at Assam Agricultural University) ।

নিশা মহানগৰীৰৰ ৰাজপথত মুখ্যমন্ত্ৰীৰ ভিজিট

হঠাৎ মহানগৰীৰ ৰাজপথত দেখা গ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ খানাপাৰাৰ পৰা জালুকবাৰীলৈ অহা-যোৱা কৰা ৰাজপথত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কেনে সেই সন্দৰ্ভত পৰীক্ষা কৰাৰ বাবে হঠাৎ দেওবাৰে নিশা মহানগৰীৰ ৰাজপথত দেখা গ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক (Assam CM visits Guwahati cites highways)৷ মন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী অশোক সিংহাল আৰু মেয়ৰ মৃগেন শৰণীয়াই ।

বিক্ৰী কৰিবলৈ আহিছিল গঁড়ৰ খৰ্গ; সোমাল ৰঙাঘৰত

পৃথিৱী বিখ্যাত অসমৰ এশিঙীয়া গঁড় হত্যা ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্যত আৰক্ষীয়ে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে অভিযান ৷ তিতাবৰত দেওবাৰে আৰক্ষীয়ে এনে এক অভিযান চলাই দুটা চোৰাং চিকাৰীক আটক কৰাৰ লগতে এটা খৰ্গ উদ্ধাৰ কৰে(Titabor Police operation against rhino poachers) ৷ প্ৰায় এক কোটি বিশ লাখ টকাত খৰ্গটো বিক্ৰী কৰিবলৈ আহিছিল চোৰাং চিকাৰী দুটা ৷

মহানগৰীৰ বৰছলা বিলত হ’ব জাৱৰ নিষ্কাশন প্ৰকল্প

ৰাজ্য চৰকাৰে বৰছলা বিল পুতি স্থাপন কৰিব জাৱৰ নিষ্কাশন প্ৰকল্প(Sewage treatment plant in Borsola Beel) ৷ জিলা প্ৰশাসনে সংৰক্ষিত জলাশয় হিচাবে ঘোষণা কৰি থোৱা বৰছলা বিলক অন্য ৰূপ দিবলৈ লোৱা কাৰ্যৰ বিৰোধিতা কৰিছে বিল উন্নয়ন সমিতিৰ লগতে স্থানীয় ৰাইজে ৷

অতি শীঘ্ৰে আৰম্ভ হ'ব ত্ৰিপুৰা আৰু বাংলাদেশৰ মাজত দ্বিতীয়টো ৰেল সংযোগ

শেহতীয়া বছৰবোৰত ত্ৰিপুৰাৰ ৰে'লখণ্ডত যথেষ্ট উন্নয়ন হৈছে (Development of the railway sector in Tripura)। বাংলাদেশৰ সৈতে ৰে'ল যোগাযোগত অধিক গুৰুত্ব দিয়া হৈছে । এইবাৰ ত্ৰিপুৰা আৰু বাংলাদেশৰ মাজত দ্বিতীয়টো ৰে'ল সংযোগৰ কামো আৰম্ভ হ'ব । বেলোনিয়া আৰু বাংলাদেশৰ চিটাগং চহৰৰ মাজত ৰে'ল সংযোগৰ জৰীপৰ কাম আৰম্ভ হ'ব ।

IIFA 2022 Winners List: আইফা বঁটা 2022ৰ মঞ্চত জিলিকিল এইসকল তাৰকা

এই বছৰৰ ২২ তম আইফা বঁটা প্ৰদান অনুষ্ঠান শেহতীয়াকৈ সমাপ্ত হৈছে ৷ ডুবাইৰ গ্ৰেণ্ড এৰেনাত অনুষ্ঠিত এই আইফা 2022ৰ মঞ্চত শ্ৰেষ্ঠ বিবেচিত হোৱা তাৰকাসকলৰ বিষয়ে জানো আহক-

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.