ETV Bharat / city

বিক্ৰী কৰিবলৈ আহিছিল গঁড়ৰ খৰ্গ; সোমাল ৰঙাঘৰত

author img

By

Published : Jun 6, 2022, 10:15 AM IST

Titabor Police recovered rhino horn
গঁড়ৰ খৰ্গ বিক্ৰী কৰিবলৈ আহি ৰঙাঘৰত সোমাল চোৰাং চিকাৰী

পৃথিৱী বিখ্যাত অসমৰ এশিঙীয়া গঁড় হত্যা ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্যত আৰক্ষীয়ে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে অভিযান ৷ তিতাবৰত দেওবাৰে আৰক্ষীয়ে এনে এক অভিযান চলাই দুটা চোৰাং চিকাৰীক আটক কৰাৰ লগতে এটা খৰ্গ উদ্ধাৰ কৰে(Titabor Police operation against rhino poachers) ৷ প্ৰায় এক কোটি বিশ লাখ টকাত খৰ্গটো বিক্ৰী কৰিবলৈ আহিছিল চোৰাং চিকাৰী দুটা ৷

তিতাবৰ, 6 জুন: তিতাবৰৰ চুঙীৰ পৰা দেওবাৰে আৰক্ষীয়ে এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰাৰ লগতে দুটা চোৰাং চিকাৰীক আটক কৰে(Rhino horn recovered at Titabor) । তিতাবৰ মহকুমা আৰক্ষী বিষয়া মৈত্ৰেয়ী ডেকা, তিতাবৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নয়নমণি সিনহা আৰু সহকাৰী উপ পৰিদৰ্শক নৱ শইকীয়াই যৌথভাৱে অভিযান চলাই উদ্ধাৰ কৰে খৰ্গটো ৷

Titabor Police recovered rhino horn
গঁড়ৰ খৰ্গ

উদ্ধাৰ কৰা গঁড়ৰ খৰ্গটো ওজন প্ৰায় 700 গ্ৰাম বুলি জানিব পৰা হৈছে ৷ আনহাতে আটক কৰা চোৰাং চিকাৰী দুটা আজিজুৰ ৰহমান আৰু ৰাজেন বাউৰী বুলি চিনাক্ত কৰা হৈছে ৷ গঁড়ৰ খৰ্গটো বিক্ৰী কৰিবলৈ অহাৰ সময়তে আৰক্ষীৰ দলটোৱে খৰ্গটো উদ্ধাৰ কৰাৰ লগতে চোৰাং চিকাৰী দুটাক আটক কৰে(Two poachers arrested at titabor) ৷

Titabor Police recovered rhino horn
গঁড়ৰ খৰ্গ বিক্ৰী কৰিবলৈ আহি ৰঙাঘৰত সোমাল চোৰাং চিকাৰী

আজিজুৰ ৰহমান আৰু ৰাজেন বাউৰীয়ে প্ৰায় এক কোটি বিশ লাখ টকাত খৰ্গটো বিক্ৰী কৰিবলৈ অহাৰ কথা জানিব পৰা হৈছে ৷ আৰক্ষীৰ দলটোৱে গঁড়ৰ খৰ্গৰ সৈতে আজিজুৰ আৰু ৰাজেনক আটক কৰে । সম্প্ৰতি আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত অব্যাহত ৰাখিছে অভিযান(Titabor Police operation against Rhino poachers) ৷

লগতে পঢ়ক : Landslide at Karimganj: কথমপি প্ৰাণৰক্ষা দুটাকৈ পৰিয়ালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.