ETV Bharat / city

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jan 22, 2022, 9:01 AM IST

top-10-at-9-am
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

APSC ৰ ভাষা বিষয়ক প্ৰশ্নকাকত প্ৰত্যাহাৰৰ বিষয়ত উচ্চ ন্যায়ালয়ত শুনানি

গুৱাহাটী ন্যায়ালয়ত শুকুৰবাৰে অসম লোকসেৱা আয়োগৰ ভাষা বিষয়ক প্ৰশ্নকাকত প্ৰত্যাহাৰ সন্দৰ্ভত এক শুনানি গ্ৰহণ কৰা হয় (HC Hearing on excluding language paper in APSC) ৷ অধিবক্তা সিদ্ধাৰ্থ শৰ্মাই অসম লোকসেৱা আয়োগৰ ভাষা বিষয়ক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰিছিল ৰাজহুৱা স্বাৰ্থজনিত গোচৰ ৷

পিতৃ-মাতৃ হ’ল প্ৰিয়ংকা চোপ্ৰা-নিক জ’নাছ

মাতৃ-পিতৃ হ’ল বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছ ৷ দম্পতীটোৱে নিজৰ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ছাৰ’গেছীৰ জৰিয়তে এই সুখ অৰ্জন কৰা বুলি (Priyanka-Nick Jonas welcome a baby via surrogacy) অনুৰাগীসকলৰ মাজত শ্বেয়াৰ কৰে ৷ প্ৰিয়ংকা-নিকে পৰিয়ালৰ নৱাগত সদস্যগৰাকীৰ বাবে ৰাইজৰ পৰা আশীৰ্বাদ বিচৰাও দেখা গৈছিল ৷ অনুৰাগীসকলে ছ’চিয়েল মিডিয়াৰ জৰিয়তেই তেওঁলোকক শুভকামনা জনাইছিল ৷

Wood smuggling in Assam: কাৰ্বি আংলঙৰ পৰা নিতৌ চোৰাংকৈ সৰবৰাহ হৈ আছে মূল্যবান কাঠ

অসমত চলি আছে কাঠৰ চোৰাং সৰবৰাহ (Wood smuggling is going on in Assam)। বোকাখাতৰ সমীপৱৰ্তী কাৰ্বি আংলং জিলাৰ ডলামৰা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনস্থ এলেকাত দিনে-নিশাই চলিছে মূল্যবান কাঠৰ অবৈধ সৰবৰাহ । একাংশ বন বিষয়াই চোৰাং সৰবৰাহকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উঠিছে ।

Uddhab Bharali sent to judicial custody: কাৰাগাৰলৈ নিক্ষেপ পদ্মশ্ৰী উদ্ধৱ ভৰালীক
পদ্মশ্ৰী উদ্ধৱ ভৰালীক প্ৰেৰণ কৰা হ’ল কাৰাগাৰলৈ (Uddhab Bharali sent to judicial custody) ৷ নাবালিকাক যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত উদ্ভাৱকগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ে নাকচ কৰাৰ পিছতে প্ৰশস্ত হৈ পৰিছিল জেল যাত্ৰাৰ পথ ৷

Deputation of IAS officers: ২৫ জনৰাে অধিক আই এ এছ বিষয়া আছে ৰাজ্যৰ বাহিৰত

কিয় অসমত কাম কৰিব নিবিচাৰে আই এ এছ বিষয়াসকলে ? কেন্দ্ৰীয় চৰকাৰৰ ডেপুটেশ্যনতে নহয় কেইবাজনো বিষয়াই আন্তঃৰাজ্যিক ডেপুটেশ্যনত যোৱাত অসমত প্ৰশাসনিক ব্যৱস্থাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । আই এ এছ বিষয়াসকলে অসম এৰি যোৱাৰ ফলত অসমত থকা জ্যেষ্ঠ বিষয়াসকলৰ কামৰ বোজা যথেষ্ট বাঢ়িছে (Several IAS officers have gone to the central and interstate deputation) । এজন বিষয়াই এতিয়া একাধিক বিভাগৰ দায়িত্ব চম্ভালিবলগীয়া হৈছে ।

৭৬ বছৰ পাছত অৰুণাচলত ওলাল দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত যুদ্ধ বিমানৰ ধ্বংসাৱশেষ

সুদীৰ্ঘ ৭৬ বছৰৰ মূৰত অৰুণাচল প্ৰদেশত উদ্ধাৰ কৰা হ’ল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ দ্বাৰা ব্যবহৃত হোৱা এখন যুদ্ধ বিমানৰ (wreckage of a WWII aircraft traced in Arunachal Pradesh) । এই চি ৪৬ (C 46) যুদ্ধ বিমানখন ১৯৪৫ চনৰ ১৬ জানুৱাৰী তাৰিখে ভাৰত-বাৰ্মা সীমান্তৰ পৰা নিৰুদ্দেশ হৈছিল । আমেৰিকাৰ নাগৰিক আৰু গৱেষক ক্লেটন কুল্ছৰ নেতৃত্বত আৰু অৰুণাচল প্ৰদেশৰ স্থানীয় লিচু সম্প্ৰদায়ৰ চিকাৰী সকলৰ বহু মাহ জোৰা প্ৰচেষ্টাৰ ফলত যোৱা বছৰৰ ডিচেম্বৰ মাহৰ ১৯ তাৰিখে নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এই যুদ্ধ বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে ।

Maha Lok Adalat at Tripura: অহা ২২ জানুৱাৰীত ত্ৰিপুৰাত অনুষ্ঠিত হ'ব মহা লোক আদালত

ত্ৰিপুৰাত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে । ইয়াৰ মাজতে শনিবাৰে ৰাজ্যখনত অনুষ্ঠিত হ'ব মহা লোক আদালত (Lok Adalat in Tripura on January 22)। ৬৬ খন বিচাৰপীঠত মুঠ ১৯,৪০৫ টা গোচৰ গ্ৰহণ কৰা হ'ব । সকলোৱে পালন কৰিব লাগিব ক'ভিড বিধি ।

২২ জানুৱাৰীত বিপিএফ হ’ব চৰকাৰৰ অংশীদাৰ : ETV Bharat Exclusive

ইটিভি ভাৰতৰ হাতত পৰিছে ৰাজ্যৰ ৰাজনীতিৰ এক বৃহৎ খবৰ ৷ সেই অনুসৰি, শীঘ্ৰে গেৰুৱা দল বিজেপিৰ সৈতে চামিল হ’ব হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ (BPF to join BJP on 22nd January) ৷ চাওক এই সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাই প্ৰস্তুত কৰা প্ৰতিবেদন ৷

Protest in Tripura: বিশুদ্ধ খোৱাপানীৰ দাবীত ত্ৰিপুৰাত প্ৰতিবাদ

বিশুদ্ধ খোৱাপানীৰ সমস্যা ত্ৰিপুৰাৰ ৰাইজৰ প্ৰধান সমস্যাসমূহৰ ভিতৰত অন্যতম । এইবাৰ খোৱাপানীৰ সমস্যা সমাধানৰ দাবীত ৰাইজে অৱৰোধ কৰিলে ঘাইপথ (Protest in Tripura demanding pure drinking water)। অতিশীঘ্ৰে ৰাইজৰ এই সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি জল সম্পদ বিভাগৰ ।

মহাৰাজা অগ্ৰসেন চৌক নামেৰে নামাকৰণ কৰাৰ প্ৰস্তাৱ বাতিল জিএমচিৰ

ফাঁচী বজাৰৰ হেমবৰুৱা পথৰ চেম্বাৰ ৰোড সংলগ্ন তিনিআলিটো মহাৰাজা অগ্ৰসেন চৌক নামেৰে নামাকৰণ কৰাৰ প্ৰস্তাৱ দিছিল আগৰৱালা সভাই । কিন্তু বিভিন্নজনে এই ক্ষেত্ৰত আপত্তি দিয়াত তেওঁলোকৰ প্ৰস্তাৱ বাতিল কৰে গুৱাহাটী পৌৰ নিগমে (Guwahati Agarwal sabha proposal rejected by GMC)। ১০০ৰো অধিক লোকে এই ক্ষেত্ৰত আপত্তি দৰ্শাইছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.