ETV Bharat / city

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 19, 2022, 7:00 PM IST

news-at-7
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

আৰক্ষী বিষয়াৰ চৰম সিদ্ধান্ত: চাৰ্ভিছ পিষ্টলৰে গুলীয়ালে নিজৰ মূৰত

বহু সময়ত সাধাৰণ মানুহে নিজৰ জীৱন নিৰ্বাহৰ প্ৰতি অনিহা জন্মাত আত্মহত্যাৰ দৰে পথ বাচি লোৱা দেখা যায় । হয়তো মানসিকভাৱে সৱল নোহোৱা বাবে এইদৰে ঘটনা সংঘটিত হয় । কিন্তু আৰক্ষী বিষয়া এজনে নিজকে শেষ কৰি দিয়া ঘটনা সঁচাকৈ আচৰিত(Police officer allegedly commits suicide in Mariani) । কঠিনকৈও কঠিন প্ৰত্যাহ্বান নেওচি সকলো পৰিবেশতে স্থিতপ্ৰজ্ঞ হৈ থকা এজন আৰক্ষী বিষয়াই আত্মহননৰ দৰে পথ বাছি লোৱাটো যেন সঁচাকৈয়ে অসহনীয় ৷ এনে এক ঘটনাই সংঘটিত হৈছে যোৰহাটৰ মৰিয়নীত...

কাশ্মীৰৰ কুপৱাৰাত নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰত নিহত 2 সন্ত্ৰাসবাদী

কাশ্মীৰ উপত্যকাত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ ৷ নিষিদ্ধ সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে সম্পৰ্ক থকা দুটা সন্ত্ৰাসবাদী নিহত (Two LET militant killed) ৷

সাৱধান গুৱাহাটীবাসী : ভয়ংকৰ জলপ্ৰলয় হ'ব পাৰে মহানগৰীত !

কৃত্ৰিম বানত ককবকাই থকা গুৱাহাটীবাসীৰ সন্মুখত আন এক বিপদ । পুনৰ ভয়ংকৰ বানৰ সন্মুখীন হ'ব পাৰে মহানগৰবাসী (Severe floods could occur in Guwahati)। ভৰলুৰ গাৰ্ড ৱালৰ বিভিন্ন স্থানত ফাঁট মেলিছে । ফলত অহৰহ পানী নিগৰিছে ফাঁট মেলা স্থানেৰে ।

পানীৰ তলত বুঢ়াপাহাৰ বনাঞ্চল : লুইতৰ বাঢ়নী পানীয়ে স্পৰ্শ কৰিছে ছটাকৈ বন শিবিৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান স্পৰ্শ কৰিছে লুইতৰ বাঢ়নী পানীয়ে (Flood at Kaziranga National Park ) ৷ বুঢ়াপাহাৰ বনাঞ্চলৰ ছটা বন শিবিৰ বানৰ কৱলত (Floods at 6 forest camps at Burapahar forest) ৷ ইতিমধ্যে পাঁচটাকৈ জীৱৰ মৃত্যু হৈছে উদ্যানখনত (5 animals died in Kaziranga National Park) ৷

মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ গাড়ীয়ে মহতিয়ালে পথচাৰীক

দেওবাৰে চামগুৰি তিনিআলত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ এখন বাহনে মহতিয়াই নিলে এজন পথচাৰীক (One pedestrian seriously injured at Samaguri) ৷ পথচাৰীজন চামগুৰিৰে মণিকণ দাস বুলি জানিব পৰা গৈছে ৷

ভগ্নীৰ বান্ধৱীক ধৰ্ষণৰ অপৰাধত হায়দৰাবাদত আটক ২৩ বছৰীয়া যুৱকক

হায়দৰাবাদত সংঘটিত মানৱ সমাজক লজ্জানত কৰা এক ঘটনা(Hyderabad rape case) । বান্ধৱীৰ ভাতৃৰ কামনাৰ বলি হ'ল এগৰাকী মহিলা(23 year old rapes her colleague at her house) । ভগ্নীৰ বান্ধৱীক ধৰ্ষণৰ অপৰাধত আটক কৰা হ'ল ২৩ বছৰীয়া যুৱকজনক ।

উপ-নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ত্ৰিপুৰাত ড৹ হিমন্ত বিশ্ব শৰ্মা

ত্ৰিপুৰাৰ উপ-নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্য়ে 'নেডা'ৰ আহ্বায়কৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা দেওবাৰে পুৱাই উপস্থিত হয় ত্ৰিপুৰাত (CM Himanta Biswa Sarma at Tripura for by election campaign)। বিমানবন্দৰত উপস্থিত হোৱাৰ লগেলগে মুখ্যমন্ত্ৰী শৰ্মাক ত্রিপুৰা বিজেপিৰ নেতা-কৰ্মীসকলে উষ্ম আদৰণি জনায় ।

Flood in Kaziranga National Park : বানৰ কৱলত কাজিৰঙাৰ ১৪ টা বন শিবিৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেইবাটাও অংশ বানৰ কৱলত পৰিছে (Flood affects Kaziranga National Park)। ১৪ টা বন শিবিৰ জলমগ্ন হৈ পৰিছে । ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগী বাহনৰ খুন্দাত উদ্যানৰ ৪ টাকৈ জন্তুৰ মৃত্যু ।

Erosion in Dima Hasao : আশ্ৰয় শিৱিৰ পৰিদৰ্শন শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ

প্ৰকৃতিৰ ৰোষত দ্বিতীয়বাৰ ডিমা হাছাও (Natural disaster in Dima Hasao) ৷ এমাহৰ ভিতৰতে দুবাৰকৈ প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰিছে ডিমা হাছাও ।

Murder case in Guwahati: বন্ধ কোঠাত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ

মহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰ ৷ বশিষ্ঠৰ পাটৰকুছিত এটা বন্ধ কোঠাত এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হয় (Dead body rescued at patarkuchi Basistha) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.