ETV Bharat / bharat

কাশ্মীৰৰ কুপৱাৰাত নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰত নিহত 2 সন্ত্ৰাসবাদী

author img

By

Published : Jun 19, 2022, 6:27 PM IST

কাশ্মীৰ উপত্যকাত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ ৷ নিষিদ্ধ সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে সম্পৰ্ক থকা দুটা সন্ত্ৰাসবাদী নিহত (Two LET militant killed) ৷

two-terrorists-killed-in-an-encounter-in-kupwara
কাশ্মীৰৰ কুপৱাৰাত নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰত নিহত 2 সন্ত্ৰাসবাদী

নিউজ ডেস্ক, 19 জুন : উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাত দেওবাৰে নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত দুটাকৈ সন্ত্ৰাসবাদী নিহত হয় (Two terrorists killed in an encounter in Kupwara) ৷ সন্ত্ৰাসবাদীৰ দলটোৱে আৰক্ষী আৰু সেনাৰ যুটীয়া তালাচী দললৈ গুলীচালনা কৰাত দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ আৰম্ভ হয় ।

কাশ্মীৰ জ’ন আৰক্ষীয়ে টুইট উল্লেখ কৰা অনুসৰি নিহত সন্ত্ৰাসবাদী দুটা নিষিদ্ধ সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে সম্পৰ্ক থকা পাকিস্তানী বুলি চিনাক্ত কৰা হৈছে (Two LET militant killed) ৷ সংঘৰ্ষৰ আৰম্ভণিতে কাশ্মীৰ আৰক্ষীয়ে (Kashmir Zone Police tweet) টুইট কৰি সন্ত্ৰাসবাদীৰ দলটোত ২টাৰ বা ৩ টা সন্ত্ৰাসবাদী থকাৰ সন্দেহ কৰিছিল ৷

কুপৱাৰা আৰক্ষীয়ে লোলাব অঞ্চলত গ্ৰেপ্তাৰ হোৱা শ্বোকেট আহমেদ শ্বেখ নামৰ সন্ত্ৰাসবাদীটোৰ তথ্যৰ ভিত্তিত সেনাৰ ২৮ আৰ আৰৰ সৈতে যুটীয়াভাৱে এই অভিযান চলাইছিল ৷ সম্প্ৰতি আৰক্ষী আৰু সেনাৰ দলটোৱে অঞ্চলটোত সন্ত্ৰাসবাদী বিৰোধী অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : ভগ্নীৰ বান্ধৱীক ধৰ্ষণৰ অপৰাধত হায়দৰাবাদত আটক ২৩ বছৰীয়া যুৱকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.