ETV Bharat / bharat

ভগ্নীৰ বান্ধৱীক ধৰ্ষণৰ অপৰাধত হায়দৰাবাদত আটক ২৩ বছৰীয়া যুৱকক

author img

By

Published : Jun 19, 2022, 4:45 PM IST

হায়দৰাবাদত সংঘটিত মানৱ সমাজক লজ্জানত কৰা এক ঘটনা(Hyderabad rape case) । বান্ধৱীৰ ভাতৃৰ কামনাৰ বলি হ'ল এগৰাকী মহিলা(23 year old rapes her colleague at her house) । ভগ্নীৰ বান্ধৱীক ধৰ্ষণৰ অপৰাধত আটক কৰা হ'ল ২৩ বছৰীয়া যুৱকজনক ।

23 year old rapes her colleague at her house
ভগ্নীৰ বান্ধৱীক ধৰ্ষণ কৰাৰ অপৰাধত হায়দৰাবাদত আটক ২৩ বছৰীয়া যুৱক

নেশ্যনেল ডেস্ক,১৯ জুন: হায়দৰাবাদত সংঘটিত এক অমানৱীয় কাণ্ড(Hyderabad rape case) । এগৰাকী ২৮ বছৰীয়া মহিলাক তেওঁৰ গৃহতে এজন যুৱকে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে(23 year old rapes her colleague at her house) । ইতিমধ্যেই ধৰ্ষণৰ অভিযোগত অভিযুক্ত ২৩ বছৰীয়া যুৱকজনক আটক কৰিছে আৰক্ষীয়ে । চাইবেৰাবাদ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি মানিকোণ্ডাৰ বাসিন্দা ধৰ্ষণকাৰীটো স্নাতকোত্তৰ শাখাত অধ্যয়ৰত আৰু মহিলাগৰাকীৰ বান্ধৱীৰ ভাতৃ ।

যোৱা সোমবাৰে নিশা সংঘটিত হৈছিল এই ধৰ্ষণকাণ্ড । সোমবাৰে নিশা মহিলাগৰাকীয়ে জুবিলি হিলছত পাঁচগৰাকী বন্ধুৰ সৈতে জন্মদিনৰ পাৰ্টীত অংশগ্ৰহণ কৰি প্ৰগতি নগৰত থকা তেওঁৰ ফ্লেটলৈ উভতি অহাৰ পাছতে সংঘটিত হৈছিল এই ধৰ্ষণকাণ্ড । ঘৰলৈ উভতি অহাৰ পাছত পুৱতি নিশালৈকে তেওঁলোকে কথা পাতি আছিল বুলি জানিব পৰা গৈছে । পুৱা প্ৰায় চাৰি বজাত অভিযুক্ত যুৱকজনৰ জেষ্ঠ ভগ্নী আৰু জন্মদিন উদযাপন কৰা লোকজন ওলাই যায় । আনহাতে, অভিযুক্তসহ আন তিনিগৰাকীয়ে একেটা ফ্লেটতে নিশাটো কটায় ।

ইয়াৰ পাছতেই পুৱা প্ৰায় ৬.১৫ বজাত অভিযুক্ত যুৱকজনে মহিলাগৰাকীৰ কোঠাত প্ৰৱেশ কৰি যৌন নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে । গভীৰ টোপনিত থকা মহলাগৰাকীয়ে যুৱকজনৰ উপস্থিতিৰ উমান পাই বাধা দিয়াৰ চেষ্টা চলাই যদিও উপৰ্যুপৰি ধৰ্ষণ কৰে যুৱকজনে । মহিলাগৰাকীয়ে চিঞৰ-বাখৰ লগোৱাত প্ৰায় ৭.১৫ বজাত ঘটনাস্থলীৰ পলায়ন কৰে অভিযুক্ত যুৱকজনে ।

আনহাতে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বুধবাৰে যুৱকজনক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে ৩৭৬ আৰু ৫০৬ IPC ধাৰাৰ অধীনত ৰুজু কৰে এটা গোচৰ । ইফালে মহিলাগৰাকীকো স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে চিকিৎসালয়লৈ ।

লগতে পঢ়ক: Idols smuggling : আমেৰিকাৰ সংগ্ৰহালয়ত উদ্ধাৰ তামিলনাডুৰ আপুৰুগীয়া মূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.