ETV Bharat / city

আৰক্ষী বিষয়াৰ চৰম সিদ্ধান্ত: চাৰ্ভিছ পিষ্টলৰে গুলীয়ালে নিজৰ মূৰত

author img

By

Published : Jun 19, 2022, 5:38 PM IST

বহু সময়ত সাধাৰণ মানুহে নিজৰ জীৱন নিৰ্বাহৰ প্ৰতি অনিহা জন্মাত আত্মহত্যাৰ দৰে পথ বাচি লোৱা দেখা যায় । হয়তো মানসিকভাৱে সৱল নোহোৱা বাবে এইদৰে ঘটনা সংঘটিত হয় । কিন্তু আৰক্ষী বিষয়া এজনে নিজকে শেষ কৰি দিয়া ঘটনা সঁচাকৈ আচৰিত(Police officer allegedly commits suicide in Mariani) । কঠিনকৈও কঠিন প্ৰত্যাহ্বান নেওচি সকলো পৰিবেশতে স্থিতপ্ৰজ্ঞ হৈ থকা এজন আৰক্ষী বিষয়াই আত্মহননৰ দৰে পথ বাছি লোৱাটো যেন সঁচাকৈয়ে অসহনীয় ৷ এনে এক ঘটনাই সংঘটিত হৈছে যোৰহাটৰ মৰিয়নীত...

assam-police-personal-committed-suicide-in-mariani
ছাৰ্ভিছ পিষ্টলৰে নিজকে কৰিলে শেষ

যোৰহাট, 19 জুন : যোৰহাট জিলাৰ মৰিয়নিৰ চেলেংহাট আৰক্ষী চকীত অঘটন (Assam Police personal committed suicide in Mariani) । চাৰ্ভিচ ৰিভলভাৰে মূৰত গুলীয়াই আত্মহত্যা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভূপেন দিহিঙীয়াৰ । দেওবাৰে নিজ কোৱাৰ্টাৰত উদ্ধাৰ হয় তেজেৰে লুতুৰি-পুতুৰি হৈ থকা আৰক্ষী বিষয়াজনৰ নিঠৰ দেহ(Suicide in Police quarter) ৷

মাত্ৰ তিনিদিনপূৰ্বে চেলেংহাট আৰক্ষী চকীত ভাৰপ্ৰাপ্ত বিষয়া হিচাপে যোগদান কৰিছিল ভূপেন দিহিঙীয়াই (Assam police suicide news) ৷ ইয়াৰ পূৰ্বে যোৰহাটৰ লাহদৈগড় আৰক্ষী চকীৰ হাবিলদাৰ হিচাপে কৰ্মৰত আছিল দিহিঙীয়া । দেওবাৰে চেলেংহাট আৰক্ষী চকীতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি খন্তেক জিৰণি লোৱাৰ বাবে নিজ কোৱাৰ্টাৰলৈ আহিছিল বিষয়াজন । ইয়াৰ পাছত নিজৰ কোঠাত সোমাই দৰ্জা-খিৰিকি বন্ধ কৰি আত্মহত্যা কৰে বিষয়াজনে ।

আৰক্ষী অধীক্ষক মোহনলালমীনা

আনহাতে বহু সময় ফোন কৰাৰ পাছতো ৰিচিভ নকৰাত থানাৰ পৰা একাংশ আৰক্ষী আহি দৰ্জা ভাঙি উদ্ধাৰ কৰে মৃতদেহটো ৷ ভূপেন দিহিঙীয়াৰ ঘৰ লখিমপুৰত । কি কাৰণত আৰক্ষী বিষয়াজনে এই চৰম সিদ্ধান্ত বাছি ল’লে সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত ৷

বিভাগীয় বা কোনো শীৰ্ষ বিষয়াৰ হেঁচাৰ বাবে দিহিঙীয়াই নিজকে শেষ কৰিলে নেকি, এই প্ৰশ্নও আহিছে বহুতৰ মনত ৷ কিয়নো আত্মহননৰ টোকাত শীৰ্ষ বিষয়াৰ নাম লিখি আৰক্ষীয়ে আত্মহত্যা কৰা ঘটনা ইয়াৰ পূৰ্বে অসমত সংঘটিত হৈছে ৷ ভূপেন দিহিঙীয়াই অৱশ্যে লিখি যোৱা নাই কোনো টোকা ৷ কোনো তৃতীয় পক্ষৰ ভাবুকিৰ বাবেও আৰক্ষী বিষয়াজনে এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ সন্দেহৰ উদ্বেগ হয়(Police officer shoots himself in Mariani) ৷ তদুপৰি এইয়া হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিয়াৰ এক চেষ্টাও হ’ব পাৰে ৷ এই সকলো ৰহস্যৰ ওৰ পৰিব আৰক্ষীৰ তদন্তৰ অন্ততহে ৷

লগতে পঢ়ক: ভগ্নীৰ বান্ধৱীক ধৰ্ষণৰ অপৰাধত হায়দৰাবাদত আটক ২৩ বছৰীয়া যুৱকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.