ETV Bharat / city

মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ গাড়ীয়ে মহতিয়ালে পথচাৰীক

author img

By

Published : Jun 19, 2022, 5:07 PM IST

দেওবাৰে চামগুৰি তিনিআলত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ এখন বাহনে মহতিয়াই নিলে এজন পথচাৰীক (One pedestrian seriously injured at Samaguri) ৷ পথচাৰীজন চামগুৰিৰে মণিকণ দাস বুলি জানিব পৰা গৈছে ৷

Atul Bora’s convoy meets with accident at Samaguri Tiniali one pedestrian seriously injured
মন্ত্ৰী অতুল বৰাৰ কনভয়ে মহতিয়াই নিলে এজন পথচাৰীক

চামগুৰি, 19 জুন : চামগুৰি তিনিআলত মন্ত্ৰী অতুল বৰাৰ কনভয়ে মহতিয়াই নিলে এজন পথচাৰীক (One pedestrian injured at Samaguri) ৷ চামগুৰি হাইস্কুলৰ সন্মুখত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাৰ ফলত কনভয়খনৰ চালকসহ কেইবাজনো লোক আহত হয় ৷

ইফালে মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ গাড়ীয়ে মহতিয়াই নিয়া গুৰুতৰভাৱে আহত পথচাৰীজন চামগুৰিৰে মণিকণ দাস বুলি জানিব পৰা গৈছে ( Atul Bora’s convoy meets with accident at Samaguri Tiniali) ৷ ইতিমধ্যে স্থানীয় ৰাইজৰ সহযোগত আহসকলৰ সৈতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মণিকণ দাসক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয় ।

মন্ত্ৰী অতুল বৰাৰ কনভয়ে মহতিয়াই নিলে এজন পথচাৰীক

উল্লেখ্য যে, বিগত 12 জুন তাৰিখে নগাঁৱৰ কৃষ্ণাইঘাটত মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা এখন জামাৰ (Chief Ministers Jamar vehicle) দুৰ্ঘটনা পতিত হয় ৷ এই দুৰ্ঘটনাত চালকসহ বাহনখনত থকা দিলীপ লিকচন নামৰ এজন ব্যক্তি আঘাতপ্ৰাপ্ত হয় ৷

লগতে পঢ়ক: ৰঙিয়াত বানৰ সংহাৰ : বিদ্যুৎ যোগান সম্পূৰ্ণভাৱে ব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.