ETV Bharat / state

সাৱধান গুৱাহাটীবাসী : ভয়ংকৰ জলপ্ৰলয় হ'ব পাৰে মহানগৰীত !

author img

By

Published : Jun 19, 2022, 5:31 PM IST

কৃত্ৰিম বানত ককবকাই থকা গুৱাহাটীবাসীৰ সন্মুখত আন এক বিপদ । পুনৰ ভয়ংকৰ বানৰ সন্মুখীন হ'ব পাৰে মহানগৰবাসী (Severe floods could occur in Guwahati)। ভৰলুৰ গাৰ্ড ৱালৰ বিভিন্ন স্থানত ফাঁট মেলিছে । ফলত অহৰহ পানী নিগৰিছে ফাঁট মেলা স্থানেৰে ।

Severe floods could occur in Guwahati
ভয়ংকৰ জলপ্ৰলয় হ'ব পাৰে মহানগৰীত

গুৱাহাটী,১৯ জুন : বিগত কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগীৰত ভয়ংকৰ কৃত্ৰিম বানৰ সৃষ্টি হৈছে (Flood affects Guwahati city)। এতিয়াও বহু অঞ্চল প্লাৱিত হৈ আছে । মহানগৰীৰ বহু লোক এতিয়াও জলবন্দী । কিন্তু ইয়াৰ মাজত গুৱাহাটীবাসীৰ বাবে আন এক ভয়ংকৰ খবৰ । ভয়ংকৰ জলপ্ৰলয় হ'ব পাৰে মহানগৰীত (Severe floods could occur in Guwahati)। কিয়নো ফাঁট মেলিছে ওফন্দি উঠা ভৰলুৰ গাৰ্ড ৱালত । আনহাতে গাৰ্ড ৱালৰ বিভিন্ন স্থানত সৰু-বৰ ফুটা হোৱা দেখা গৈছে (Many holes in Bharalu river guard wall)। সেই ফুটাৰে অহৰহ ওলাই আছে পানী ।

মহানগৰীৰ অনিল নগৰত থকা ভৰলুৰ গাৰ্ড ৱালটো ফাঁট মেলিছে । গাৰ্ড ৱালৰ ফাঁট মেলা স্থানেৰে পুৱাৰে পৰা বৈ আছে পানী । ইয়াৰ ফলত প্লাৱিত হ'ব পাৰে জু-ৰোডকে ধৰি দাঁতিকাষৰীয়া অঞ্চল । গাৰ্ড ৱালসমূহৰ ম্যাদ উকলি যোৱাৰ পিছতো সেইসমূহ মেৰামতি নকৰাৰ বাবে আজিৰ এই পৰিস্থিতিৰ সন্মুখীন হোৱা বুলি এতিয়া অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

ভয়ংকৰ জলপ্ৰলয় হ'ব পাৰে মহানগৰীত !

নিশা অহা বৰষুণত অনিল নগৰ, নবীন নগৰত কৃত্ৰিম বান হোৱাৰ লগতে গাৰ্ড ৱালৰ ফুটাৰেও পানী সোমাইছে অঞ্চলটোত । ফলত অনিল নগৰবাসীৰ মাজত আতংকৰ সৃষ্টি হৈছে । জলসম্পদ বিভাগৰ কৰ্মচাৰীয়ে ফাট মেলা গাৰ্ড ৱালত জিঅ' বেগ আৰু বালি-মাটি ভৰ্তি বস্তাৰে ফটা গাৰ্ড ৱাল ভেটিবলৈ চেষ্টা কৰিছে ।

উল্লেখ্য যে, ২০০৭-২০০৮ চনত জলসম্পদ বিভাগে নিৰ্মাণ কৰিছিল ভৰলুৰ গাৰ্ড ৱালসমূহ । কেইবাবাৰো অনিল নগৰ উন্নয়ন সমিতিয়ে গাৰ্ড ৱাল মেৰামতিৰ বাবে আবেদন জনোৱাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত আজিৰ এই পৰিস্থিতিৰ মুখামুখি হ'বলগীয়া হৈছে অঞ্চলটোৰ ৰাইজ । তদুপৰি ভৰলুৰ আৰ জি বৰুৱা ৰোডৰ লখিমী পথত ভাগি থকা গাৰ্ড ৱালৰেও পানী সোমাই পথটো জলমগ্ন হৈ পৰিছে ।

বিগত দুবছৰৰ পৰা গাৰ্ড ৱালখন ভাগি আছে । জি এম চি কৰ্তৃপক্ষক জনোৱাৰ পিছতো কোনো ব্যৱস্থা নকৰাৰ অভিযোগ কৰে স্থানীয় লোকৰ । ইফালে জিএমচিৰ মেয়ৰ মৃগেন শৰণীয়াই গা এৰা মন্তব্য কৰি কয় যে বৰষুণ হোৱাৰ লগতে ভৰলুৰ শ্লুইচ গেট বন্ধ কৰাৰ বাবে ভৰলুৰ জলস্তৰ বৃদ্ধি পাইছে । ফলত গাৰ্ড ৱালৰ ফুটাৰে ওলাই আহিছে পানী ।

এই সকলোবোৰৰ যাৱতীয় মেৰামতিৰ কাম জলসম্পদ বিভাগে কৰি আছে বুলি তেওঁ মন্তব্য কৰে । উল্লেখ্য যে ভৰলুৰ গাৰ্ড ৱালৰ মেৰামতিৰ কাম জলসম্পদ বিভাগে ২০১৫ চনতে জিএমচিলৈ হস্তান্তৰ কৰা হৈছে বুলি জলসম্পদ বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী নাও আৰু ফেৰীসেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.