ETV Bharat / city

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : May 29, 2022, 7:03 PM IST

news-at-7
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

দুৰ্ঘটনাত পতিত হ’ল নেকি Tara Air 9 NAET বিমান খন !

৬ ঘণ্টাৰ অন্তত নেপালত সন্ধানহীন হোৱা ara Air 9 NAET বিমানৰ সন্ধান পোৱা গৈছে ৷ একাংশ স্থানীয় লোকে জনাইছে যে মানাপতি হিমালৰ লামচে নদীত তাৰা এয়াৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে । এই খবৰ পোৱাৰ পাছতে নেপাল সেনা সেই স্থানলৈ অগ্ৰসৰ হৈছে । বিমানখনত থকা মুঠ ২২ গৰাকী লোক আছিল ৷

Encounter at Diphu : আৰক্ষীৰ গুলীত আহত পলাতক নাবালিকা ধৰ্ষণকাৰী

ডিফুৰ নাবালিকা ধৰ্ষণকাৰী ইকবাল হুছেইন আৰক্ষীৰ গুলীত আহত(Minor raped in Diphu update) ৷ শনিবাৰে নিশা হাস্পতালৰ খিৰিকীয়েদি পলায়ন কৰা ধৰ্ষণকাৰীটো দেওবাৰে আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত(Encounter at Diphu) হয় ৷ বিগত ২৭ মে’ত ডিফুৰ সাতমাইল ছেদেং তৰাং গাঁৱৰ এগৰাকী নাবালিকা স্কুলীয়া ছাত্ৰীক ধৰ্ষণ কৰিছিল অভিযুক্ত ইকবালে ৷

Assam Cabinet Decision: অসম আন্দোলনৰ নিৰ্যাতিতলৈ আগবঢ়াব ২ লাখ টকাকৈ এককালীন সাহায্য

দেওবাৰে অনুষ্ঠিত হ’ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক ৷ এই বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ সিদ্ধান্ত সমূহ সংবাদ মাধ্যমৰ আগত দাঙি ধৰে মন্ত্ৰী কেশৱ মহন্তই ৷ কি আছে কেবিনেটৰ সিদ্ধান্তত ? জানিবলৈ পঢ়ক...

লুৰীণজ্যোতি গগৈ মোৰ কাৰণে সদায় ৰাম হৈ থাকিব : চিত্তৰঞ্জন বসুমতাৰী

লুৰীণজ্যোতি গগৈক ৰাম আৰু নিজকে লক্ষ্মণ আখ্যা দিলে চিত্তৰঞ্জন বসুমতাৰীয়ে ৷ লুৰীণজ্যোতি গগৈক এৰি থৈ আহি আবেগিক হৈ পৰা বুলি জনালে চিত্তৰঞ্জন বসুমতাৰীয়ে ৷ অসম জাতীয় পৰিষদক লুৰীণজ্যোতি গগৈয়ে ৰাম হৈ আগবঢ়াই নিব বুলি মন্তব্য কৰে চিত্তৰঞ্জন বসুমতাৰীয়ে ৷

সুদীৰ্ঘ দুবছৰৰ অন্তত আৰম্ভ ভাৰত-বাংলাদেশৰ মাজত ৰে'ল সেৱা

ক'ভিড পৰিস্থিতিৰ বাবে বন্ধ হৈ থকা ভাৰত-বাংলাদেশৰ ৰে'ল সেৱা অৱশেষত আৰম্ভ (Passenger train services between India and Bangladesh)। বাংলাদেশ অভিমুখে দেওবাৰৰ পৰা আৰম্ভ হ’ল বন্ধন এক্সপ্ৰেছ ৰে'লৰ যাত্ৰা । সোমবাৰে পুৱাই কলকাতাৰ পৰা ঢাকা অভিমুখে ৰাওনা হ'ব মৈত্ৰী এক্সপ্ৰেছ । চুবুৰীয়া দেশখনৰ সৈতে ৰে'লসেৱা পুনৰ আৰম্ভ হোৱাৰ পাছতে দুয়োখন দেশৰ পৰ্যটক যথেষ্ট উৎসাহিত হোৱা দেখা গৈছে ।

Electricity shortage in India : ক'ল ইণ্ডিয়াক ইন্ধন আমদানিৰ নিৰ্দেশ শক্তি মন্ত্ৰালয়ৰ

সমগ্ৰ দেশত বিদ্যুতৰ নাটনিয়ে দেখা দিছে (Electricity shortage across the country)। যাৰবাবে বিদ্যুৎ কৰ্তনৰ ক্ষেত্ৰত যোৱা ৬ বছৰত ভাৰতে অভিলেখ গঢ়িছে । এনেবোৰ কাৰণতে শক্তি মন্ত্ৰালয়ে ক'ল ইণ্ডিয়াক ইন্ধন আমদানিৰ নিৰ্দেশ দিছে ।

শিক্ষক নিযুক্তিত কেলেংকাৰী: নিৰপেক্ষ তদন্তৰ দাবী অসম নৱ নিৰ্মাণ সেনাৰ

শিৱসাগৰ জিলাত শিক্ষক নিযুক্তিত কেলেংকাৰীৰ অভিযোগ ৷ ১৯৯১ চনৰ পৰা ২০০০ চনলৈ শিৱসাগৰ জিলাত সংঘটিত হৈছিল শিক্ষক নিযুক্তিৰ কেলেংকাৰী (Teacher recruitment scam in Sivasagar) ৷ এই তথ্য ৰাজহুৱা কৰিছে অসম নৱ নিৰ্মাণ সেনাই ৷

Cannes 2022 : শৌনক সেনৰ অল দ্যাট ব্ৰেথছলৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা

চলচ্চিত্ৰ নিৰ্মাতা শৌনক সেনৰ তথ্যচিত্ৰ 'অল দ্যাট ব্ৰেথছ'-এ এই বৰ্ষৰ কাঁ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা(All That Breathes bags top documentary award) । শৌনকৰ পৰিচালনা(Shaunak Sens documentary at Cannes)ৰ এই তথ্যচিত্ৰখনত দিল্লীৰ ৱাজিৰাবাদত থকা সকলোৰে অৱহেলিত ভাতৃ-ভগ্নী মহম্মদ চাউদ আৰু নাদিম শ্বেহজাদৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে ৷

মোক গাঁত খান্দি পুতি থওক : এছ আই জোনমণি ৰাভা

এছ আই জোনমণি ৰাভাৰ প্ৰসংগটো ক্ৰমাৎ অধিক চৰ্চাৰ বিষয় হৈ পৰিছে (SI Joonmoni Rabha controversy)৷ দেওবাৰে হঠাৎ নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হয় এছ আই জোনমণি ৰাভা । কিন্তু সংবাদ মাধ্যমৰ কেমেৰা দেখি বিমোৰত পৰে বিতৰ্কিত আৰক্ষী বিষয়াগৰাকী ৷ তাৰ পাচতেই সেই স্থানৰ পৰা পলায়ন কৰে জোনমণি ৰাভাই ৷

Mob torched Batadrava police station : মাষ্টাৰ মাইণ্ড আশ্বিকুল ইছলামক আটক

বটদ্ৰৱা আৰক্ষী থানা জ্বলোৱা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত পুনৰ আন এজনক আটক কৰিছে নগাঁও আৰক্ষীয়ে । তথ্য অনুসৰি, এই পৰ্যন্ত 22 জনকৈ অভিযুক্তক আটক (22 accused involved in Batadraba police station attack) কৰাৰ লগতে ইয়াৰে 9 জনক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.