ETV Bharat / state

Assam Cabinet Decision: অসম আন্দোলনৰ নিৰ্যাতিতলৈ আগবঢ়াব ২ লাখ টকাকৈ এককালীন সাহায্য

author img

By

Published : May 29, 2022, 3:45 PM IST

Assam Cabinet Decision
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

দেওবাৰে অনুষ্ঠিত হ’ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক ৷ এই বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ সিদ্ধান্ত সমূহ সংবাদ মাধ্যমৰ আগত দাঙি ধৰে মন্ত্ৰী কেশৱ মহন্তই ৷ কি আছে কেবিনেটৰ সিদ্ধান্তত ? জানিবলৈ পঢ়ক...

গুৱাহাটী, ২৯ মে': মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত দেওবাৰে জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় (Assam Cabinet Decision)। বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰি কৰে মন্ত্ৰী কেশৱ মহন্তই ।

কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ হৈছে:

  • ছবছৰীয়া অসম আন্দোলনত নিৰ্যাতিত ২৮৮ গৰাকী ব্যক্তি আৰু ৫৭ গৰাকী মহিলাক ২ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ'ব (Financial aid to Assam movement tortured victim)। ১০ ডিচেম্বৰত শ্বহীদ দিৱসৰ দিনা প্ৰদান কৰা হ'ব এই সাহায্য ।
  • অসম চাহ নিগমৰ শ্ৰমিকসকলৰ ১৪২ কোটি ৫ লাখ টকা ভৱিষ্যত নিধিত দিবলৈ বাকী থকা টকা কেবিনেটে মুকলি কৰি দিয়ে ।
  • চাহ বাগিছাৰ মাটি অধিগ্ৰহণ কৰিলে ক্ষতিপূৰণৰ ১০ শতাংশ ধন শ্ৰমিকসকলৰ পুনৰসংস্থাপনৰ বাবে প্ৰদান কৰা হ'ব (Compensation for tea garden land)। মালিক পক্ষই চৰকাৰৰ পৰা সেই টকা লৈ দিব লাগিব শ্ৰমিকক ।
  • কেবিনেটৰ সিদ্ধান্ত অনুসৰি অসমত বসবাস কৰা সংখ্য‍ালঘু খ্ৰীষ্টান, বুদ্ধ, জৈন, পাৰ্চী, মুছলিম আৰু শিখক সংখ্যালঘুৰ প্ৰমানপত্ৰ দিয়া হ'ব(Minority Certificate) । সংখ্যালঘু চিনাক্তকৰণৰ বাবে এই প্ৰমাণ পত্ৰ দিয়া হৈছে ।
  • ১,২০৮ কোটি টকা ব্যয়ৰে ৰাজ্য চৰকাৰে নতুনকৈ ৩০০৭ টা পুখুৰী খান্দি অমৃত সৰোবৰ হিচাপে নামাকৰণ কৰিব (Amrit Sarovar in Assam)। একোটা পুখুৰীৰ নিৰ্মাণৰ বাবদ খৰছ হ'ব ২৪ লাখকৈ টকা ।
  • ২৬ জানুৱাৰীৰ ভিতৰত আটাইকেইটা পুখুৰী নিৰ্মাণ কৰি কাম শেষ কৰা হ'ব । এই পুখুৰীৰ পাৰত বাগিচা স্থাপন কৰা হ'ব । জল সংৰক্ষণ আঁচনিৰ জৰিয়তে এই পুখুৰী খন্দা হ'ব ।
  • চাহ বাগিচাত ইক' টুৰিজিম হিচাপে গঢ়িবলৈ অতিৰিক্তভাৱে ৫ শতাংশ অঞ্চল ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰিছে কেবিনেটে ।
  • বাগিছাৰ কোম্পানী বা মালিকপক্ষ বা চৰকাৰী পক্ষৰ সৈতে সংযুক্তৰ বাহিৰে আনক দায়িত্ব বা লীজত দিব নোৱাৰিব । চাহ বাগিছাৰ যুৱক-যুৱতীক সংস্থাপন পাব পাৰিব ।
  • ইফালে বৰাকৰ ডলু চাহ বাগিছাৰ(Doloo Tea Estate) ১২৬৩ জন শ্ৰমিকক গুড উইল গ্ৰাণ্ট হিচাপে ১ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ'ব ।
  • ডিমা হাচাওৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আৰ্থিক সাহায্য ঘোষণা কৰিব আৰু কেবিনেটত আজি এই বিষয়ত আলোচনা হয় ।
  • কেঁচা চাহপাতৰ ক্ষেত্ৰত লোৱা কৰ তিনি বছৰলৈ ৰেহাই দিয়া হৈছে (Tax waived for raw tea leaves)।
  • ড৹ বাণীকান্ত কাকতি কম্পিউটাৰ সাহাৰ্য আঁচনিৰ অন্তৰ্গত ১৩২৮ গৰাকী শিক্ষকলৈ চিলিং ফ্ৰী কৰি দিয়া হৈছে (Banikanta Kakati Computer Literacy Programme)। এতিয়াৰে পৰা তেওঁলোকে নিয়মিত দৰমহা লাভ কৰিব ।

লগতে পঢ়ক: Electricity shortage in India : ক'ল ইণ্ডিয়াক ইন্ধন আমদানিৰ নিৰ্দেশ শক্তি মন্ত্ৰালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.