ETV Bharat / bharat

Electricity shortage in India : ক'ল ইণ্ডিয়াক ইন্ধন আমদানিৰ নিৰ্দেশ শক্তি মন্ত্ৰালয়ৰ

author img

By

Published : May 29, 2022, 1:07 PM IST

সমগ্ৰ দেশত বিদ্যুতৰ নাটনিয়ে দেখা দিছে (Electricity shortage across the country)। যাৰবাবে বিদ্যুৎ কৰ্তনৰ ক্ষেত্ৰত যোৱা ৬ বছৰত ভাৰতে অভিলেখ গঢ়িছে । এনেবোৰ কাৰণতে শক্তি মন্ত্ৰালয়ে ক'ল ইণ্ডিয়াক ইন্ধন আমদানিৰ নিৰ্দেশ দিছে ।

Electricity shortage in India
ক'ল ইণ্ডিয়াক ইন্ধন আমদানিৰ নিৰ্দেশ

নেশ্যনেল ডেস্ক,২৯ মে' : ২০১৫ চনৰ পাছত ক'ল ইণ্ডিয়াই প্ৰথমবাৰৰ বাবে ইন্ধন আমদানি কৰিব (Coal India to import fuel)। শক্তি মন্ত্ৰালয়ে দিয়া নিৰ্দেশনা অনুসৰি ভাৰত চৰকাৰৰ মালিকানাধীন বিশ্বৰ সৰ্ববৃহৎ কয়লা খনি প্ৰতিষ্ঠান ক'ল ইণ্ডিয়াই ইউটিলিটিৰ দ্বাৰা ব্যৱহাৰ কৰা ইন্ধন আমদানি কৰিব (Power Ministry orders Coal India to import fuel)। ২৮ মে'ৰ এখন পত্ৰত শক্তি মন্ত্ৰালয়ে উল্লেখ কৰিছে যে ইন্ধনৰ অভাৱৰ ফলত পুনৰ বিদ্যুৎ বিভ্ৰাট সন্দৰ্ভত উদ্বেগ বৃদ্ধি পাইছে, যাৰ বাবে আমদানিৰ পৰামৰ্শ দিয়া হৈছে । ইতিমধ্যে সকলো উপভোক্তা, ক'ল ইণ্ডিয়াৰ সচিব, অধ্যক্ষকে ধৰি শীৰ্ষ কেন্দ্ৰীয় আৰু ৰাজ্যিক শক্তি বিষয়াসকললৈ এই পত্ৰ প্ৰেৰণ কৰা হৈছে ।

শক্তি মন্ত্ৰালয়ে পত্ৰখনত উল্লেখ কৰা মতে ক'ল ইণ্ডিয়াই জি2জি আধাৰত মিশ্ৰণ আৰু যোগানৰ বাবে ৰাজ্যিক জেনেৰেটৰ আৰু স্বতন্ত্ৰ শক্তি উৎপাদকৰ তাপ বিদ্যুৎ প্ৰকল্পলৈ কয়লা আমদানি কৰিব । শক্তি মন্ত্ৰালয়ে সম্পূৰ্ণ চিন্তা-চৰ্চাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি পত্ৰত উল্লেখ কৰা হৈছে । ইফালে প্ৰায় সকলো ৰাজ্যই পৰামৰ্শ দিছে যে ৰাজ্যসমূহে একাধিক কয়লা আমদানি নিবিদা আগবঢ়োৱাৰ ক্ষেত্ৰত বিভ্ৰান্তিৰ সৃষ্টি হ'ব ।

Electricity shortage in India
ক'ল ইণ্ডিয়াক ইন্ধন আমদানিৰ নিৰ্দেশ

উল্লেখ্য যে দেশত শেহতীয়াকৈ কয়লাৰ তীব্ৰ নাটনি হোৱা দেখা গৈছে । যাৰ বাবে বিদ্যুতৰ চাহিদা অধিক হোৱাৰ লগতে ব্যাপক বিদ্যুৎ বিভ্ৰাট দেখা গৈছে (Electricity shortage across the country)। পৰিস্থিতি উন্নত নহ'লে দেশখনে ২০২২ চনৰ শেষৰ ফালে কয়লাৰ বৃহৎ নাটনিৰ সন্মুখীন হ'ব বুলি আশা কৰা হৈছে ।

কেন্দ্ৰই শেহতীয়াকৈ আমদানি বৃদ্ধি কৰাৰ বাবে ইউটিলিটিসমূহৰ ওপৰত হেঁচা প্ৰয়োগ কৰা আৰম্ভ কৰিছে । যদি বিদ্যুৎ প্ৰকল্পবোৰে আমদানিৰ জৰিয়তে কয়লাৰ নাটনি পূৰণ নকৰে তেন্তে ঘৰুৱাভাৱে খনন কৰা কয়লাৰ যোগান হ্ৰাস কৰাৰো সতৰ্কবাণী দিছে চৰকাৰে । কিন্তু শক্তি মন্ত্ৰালয়ে শনিবাৰে ৰাজ্যসমূহক প্ৰক্ৰিয়াৰ অধীনত থকা নিবিদা স্থগিত ৰাখিবলৈ কৈছিল । ইফালে বিগত সাত বছৰত প্ৰথমবাৰৰ বাবে ক'ল ইণ্ডিয়াই ইন্ধন আমদানি কৰিব ।

লগতে পঢ়ক :ভাৰতৰ টীকাকৰণ অভিযানক প্ৰশংসা বিল গেটছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.