ETV Bharat / state

Encounter at Diphu : আৰক্ষীৰ গুলীত আহত পলাতক নাবালিকা ধৰ্ষণকাৰী

author img

By

Published : May 29, 2022, 5:06 PM IST

rape-accused-injured-in-police-encounter-at-diphu
ডিফু আৰক্ষীৰ গুলীত আহত নাবালিকা ধৰ্ষণকাৰী

ডিফুৰ নাবালিকা ধৰ্ষণকাৰী ইকবাল হুছেইন আৰক্ষীৰ গুলীত আহত(Minor raped in Diphu update) ৷ শনিবাৰে নিশা হাস্পতালৰ খিৰিকীয়েদি পলায়ন কৰা ধৰ্ষণকাৰীটো দেওবাৰে আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত(Encounter at Diphu) হয় ৷ বিগত ২৭ মে’ত ডিফুৰ সাতমাইল ছেদেং তৰাং গাঁৱৰ এগৰাকী নাবালিকা স্কুলীয়া ছাত্ৰীক ধৰ্ষণ কৰিছিল অভিযুক্ত ইকবালে ৷

ডিফু, 29 মে’ : ডিফুৰ সাতমাইলৰ নাবালিকা ধৰ্ষণ কাণ্ডৰ অভিযুক্ত ইকবাল হুছেইনক উদ্দেশ্যি গুলীচালনা(Encounter at Diphu) ডিফু আৰক্ষীৰ ৷ শনিবাৰে নিশা ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা চিকিৎসাধীন অৱস্থাতে নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল অভিযুক্ত ইকবালে ৷ জানিব পৰা মতে, ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাল(DMCH) ৰ শৌচাগাৰৰ ভেণ্টিলেটৰৰ খিৰিকীয়েদি পলায়ন কৰিছিল ইকবাল হুছেইনে ৷

rape-accused-injured-in-police-encounter-at-diphu
ধৰ্ষণকাৰী ইকবাল হুছেইন আৰক্ষীৰ গুলীত আহত

ইয়াকে লৈ দেওবাৰে পুৱাৰে পৰা ডিফুত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ অৱশেষত ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জে এছ খবুঙৰ নেতৃত্বত আৰক্ষীৰ এটা অভিযানকাৰী দলে ইকবালক ধনশিৰি-নাগালেণ্ড সীমান্তত খোজকাঢ়ি গৈ থকা প্ৰত্যক্ষ কৰি ৰ’বলৈ নিৰ্দেশ দিয়ে ৷ কিন্তু আৰক্ষীৰ নিৰ্দেশ শুনাৰ পৰিৱৰ্তে উপ-পৰিদৰ্শক নিপুল আহমেদক আক্ৰমণ কৰি পুনৰ পলাবলৈ চেষ্টা কৰে নাবালিকা ধৰ্ষণকাৰীটোৱে ৷

উপায়বিহীন আৰক্ষীয়ে ইকবাল হুছেইনৰ ভৰিলৈ লক্ষ্য কৰি গুলীচালনা কৰিবলৈ বাধ্য হয় ৷ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ধৰ্ষণকাৰীটো(Rape accused injured in police encounter) ৷

ডিফু আৰক্ষীৰ গুলীত আহত নাবালিকা ধৰ্ষণকাৰী

উল্লেখযোগ্য যে, শনিবাৰে নিশা ইকবাল হুছেইনে পলায়ন কৰাৰ পিছত চিকিৎসালয়খনত সুৰক্ষাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষী নিলম্বন হ’বলগীয়া হৈছিল ৷ বিগত ২৭ মে’ত ডিফুৰ সাতমাইল ছেদেং তৰাং গাঁৱৰ এগৰাকী নাবালিকা স্কুলীয়া ছাত্ৰীক ধৰ্ষণ কৰিছিল অভিযুক্ত ইকবালে ৷

লগতে চাওক: Minor raped in Diphu: নাবালিকাক ধৰ্ষণৰ অভিযোগত এজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.