ETV Bharat / entertainment

Cannes 2022 : শৌনক সেনৰ অল দ্যাট ব্ৰেথছলৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা

author img

By

Published : May 29, 2022, 11:28 AM IST

চলচ্চিত্ৰ নিৰ্মাতা শৌনক সেনৰ তথ্যচিত্ৰ 'অল দ্যাট ব্ৰেথছ'-এ এই বৰ্ষৰ কাঁ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা(All That Breathes bags top documentary award) । শৌনকৰ পৰিচালনা(Shaunak Sens documentary at Cannes)ৰ এই তথ্যচিত্ৰখনত দিল্লীৰ ৱাজিৰাবাদত থকা সকলোৰে অৱহেলিত ভাতৃ-ভগ্নী মহম্মদ চাউদ আৰু নাদিম শ্বেহজাদৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে ৷

Shaunak Sen's 'All That Breathes' bags top documentary award at Cannes 2022
শৌনক সেনৰ অল দ্যাট ব্ৰেথছলৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা

চিটাৰা ডেস্ক, 29 মে’: লৈ আহিছো কাঁ চলচিত্ৰ মহোৎসৱৰ খবৰ ৷ চলচ্চিত্ৰ নিৰ্মাতা শৌনক সেনৰ তথ্যচিত্ৰ 'অল দ্যাট ব্ৰেথছ'-এ এই বৰ্ষৰ কাঁ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা(All That Breathes bags top documentary award) ।

এই খবৰ শ্বেয়াৰ কৰি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে টুইটাৰযোগে লিখিছে এনেদৰে, "কাঁ চলচ্চিত্ৰ মহোৎসৱত তথ্যচিত্ৰ অল দ্যাট ব্ৰেথছৰ বাবে 'ল'ওইল ডি'অৰ'(L'Oeil d'Or) বঁটা প্ৰদান কৰাৰ বাবে ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা শৌনক সেনক অভিনন্দন জনাইছো । মই নিশ্চিত যে, ই আন ভাৰতীয় তথ্যচিত্ৰ নিৰ্মাতাসকলক অনুপ্ৰাণিত কৰিব" ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে শ্বেয়াৰ কৰা এখন ফটোও টুইটাৰত আপলোড কৰে ৷

প্ৰায় 90 মিনিট সময় দীঘল তথ্যচিত্ৰখন জুৰীয়ে শিতানটোৰ বিজয়ী হিচাপে নিৰ্বাচিত কৰে ৷ এই জুৰীত আছিল পোলেণ্ডৰ চলচ্চিত্ৰ নিৰ্মাতা এগ্নিজকা হ'লেণ্ড, ইউক্ৰেইনৰ লেখিকা-পৰিচালক ইৰিনা চিলিক, ফৰাচী অভিনেতা পিয়েৰ ডেলাডনচেম্পছ, সাংবাদিক এলেক্স ভিচেণ্ট আৰু মৰক্কোৰ লেখক-চলচ্চিত্ৰ নিৰ্মাতা হিচাম ফালাহ ।

শৌনকৰ পৰিচালনা(Shaunak Sens documentary at Cannes)ৰ এই তথ্যচিত্ৰখনত দিল্লীৰ ৱাজিৰাবাদত থকা সকলোৰে অৱহেলিত ভাতৃ-ভগ্নী মহম্মদ চাউদ আৰু নাদিম শ্বেহজাদৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে ৷

লগতে চাওক : Cannes 2022: কাঁ মহোৎসৱৰ ৰেড-কাৰ্পেটৰ পৰা এমি জেকচনৰ তিনিটা আকৰ্ষণীয় লুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.