ETV Bharat / bharat

সুদীৰ্ঘ দুবছৰৰ অন্তত আৰম্ভ ভাৰত-বাংলাদেশৰ মাজত ৰে'ল সেৱা

author img

By

Published : May 29, 2022, 5:17 PM IST

ক'ভিড পৰিস্থিতিৰ বাবে বন্ধ হৈ থকা ভাৰত-বাংলাদেশৰ ৰে'ল সেৱা অৱশেষত আৰম্ভ (Passenger train services between India and Bangladesh)। বাংলাদেশ অভিমুখে দেওবাৰৰ পৰা আৰম্ভ হ’ল বন্ধন এক্সপ্ৰেছ ৰে'লৰ যাত্ৰা । সোমবাৰে পুৱাই কলকাতাৰ পৰা ঢাকা অভিমুখে ৰাওনা হ'ব মৈত্ৰী এক্সপ্ৰেছ । চুবুৰীয়া দেশখনৰ সৈতে ৰে'লসেৱা পুনৰ আৰম্ভ হোৱাৰ পাছতে দুয়োখন দেশৰ পৰ্যটক যথেষ্ট উৎসাহিত হোৱা দেখা গৈছে ।

ভাৰত বাংলাদেশৰ মাজত ৰে'ল সেৱা আৰম্ভ
Train services between India and Bangladesh

নেশ্যনেল ডেস্ক,২৯ মে' : অৱশেষত ভাৰতৰ পৰা বাংলাদেশলৈ যাত্ৰীবাহী ৰে'লৰ চলাচল আৰম্ভ (Passenger train services between India and Bangladesh)। ক'ভিড মহামাৰীৰ বাবে বিগত দুবছৰ ধৰি বন্ধ হৈ আছিল এই ৰে'ল সেৱা । দেওবাৰে কলকাতা ষ্টেচনৰ পৰা বাংলাদেশৰ খুলনালৈ গতি কৰে বন্ধন এক্সপ্ৰেছে (Bandhan Express begins from Kolkata to Khulna)।

ইফালে বাংলাদেশলৈ মৈত্ৰী এক্সপ্ৰেছৰ যাত্ৰাও আৰম্ভ হ'ব (Maitree Express between Kolkata and Dhaka)। কলকাতা আৰু ঢাকাৰ মাজত ৰেল সেৱা পুনৰ আৰম্ভ কৰাৰ লক্ষ্যৰে সোমবাৰে পুৱা বাংলাদেশৰ ৰাজধানীলৈ যাত্ৰা কৰিব ৰে'লখন । ৰে'লৱেৰ পূৱ মণ্ডলৰ মুখপাত্ৰ একলব্য চক্ৰৱৰ্তীয়ে জনোৱা মতে ভাৰত আৰু বাংলাদেশৰ মাজত যাত্ৰীবাহী ৰে'ল সেৱা পুৱা ৭.১০ বজাত আৰম্ভ হয় ।

কলকাতা আৰু খুলনাৰ মাজত বন্ধন এক্সপ্ৰেছ সপ্তাহত দুদিনকৈ চলিব ৷ আনহাতে কলকাতা আৰু ঢাকাৰ মাজত মৈত্ৰী এক্সপ্ৰেছ সপ্তাহত পাঁচ দিনকৈ চলিব । চক্ৰৱৰ্তীয়ে জনোৱা মতে এই ৰে'লসেৱা আৰম্ভ হোৱাৰ লগে লগে সীমান্তৰ দুয়োফালৰ লোকসকল উৎসাহিত হৈ পৰিছে । ইতিমধ্যে আগন্তুক কেইবাদিনৰ বাবে ৰে'লৰ টিকট সম্পূৰ্ণৰূপে বুক হৈছে । তেওঁ উল্লেখ কৰা মতে, আৰাম আৰু সামৰ্থ্যৰ লগতে সুবিধাজনক হিচাপে যাত্ৰীসকলে ৰে'ল যাত্ৰাক বেছিকৈ পছন্দ কৰে ।

ৰে'ল কেইখনত প্ৰায় ৪৫০ গৰাকী যাত্ৰীৰ ক্ষমতা আছে আৰু শীততাপ নিয়ন্ত্ৰিত চেয়াৰ কাৰ আৰু সাধাৰণ শ্ৰেণী আছে । চক্ৰৱৰ্তীয়ে জনোৱা মতে পশ্চিম বংগৰ মাজেৰে ভাৰত-বাংলাদেশক সংযোগ কৰাৰ উদ্দেশ্যে ১ জুনৰ পৰা নিউ জলপাইগুৰি আৰু ঢাকাৰ মাজত মিতালী এক্সপ্ৰেছ উদ্বোধন কৰা হ'ব । এই নতুন সেৱাই উত্তৰ পশ্চিম বংগৰ পৰ্যটনক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে । কিয়নো বাংলাদেশৰ বহুতো পৰ্যটকে দাৰ্জিলিং পাহাৰ আৰু পাদদেশৰ চাহ বাগিচা দৰ্শনৰ বাবে অত্যন্ত আগ্ৰহ দেখুৱাই আহিছে ।

লগতে পঢ়ক :Electricity shortage in India : ক'ল ইণ্ডিয়াক ইন্ধন আমদানিৰ নিৰ্দেশ শক্তি মন্ত্ৰালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.