ETV Bharat / bharat

দুৰ্ঘটনাত পতিত হ’ল নেকি Tara Air 9 NAET বিমান খন !

author img

By

Published : May 29, 2022, 6:12 PM IST

৬ ঘণ্টাৰ অন্তত নেপালত সন্ধানহীন হোৱা ara Air 9 NAET বিমানৰ সন্ধান পোৱা গৈছে ৷ একাংশ স্থানীয় লোকে জনাইছে যে মানাপতি হিমালৰ লামচে নদীত তাৰা এয়াৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে । এই খবৰ পোৱাৰ পাছতে নেপাল সেনা সেই স্থানলৈ অগ্ৰসৰ হৈছে । বিমানখনত থকা মুঠ ২২ গৰাকী লোক আছিল ৷

Missing flight
সন্ধানহীন নেপালৰ তাৰা এয়াৰৰ এখন বিমান

নেশ্যনেল ডেস্ক, ২৯ মে': নেপালত সন্ধানহীন বিমান (Tara Air 9 NAET Aircraft went missing)। দেওবাৰে পুৱাৰে পৰা দুটা ইঞ্জিনযুক্ত বিমানখনৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ তথ্য পোৱা গৈছে । চাৰিগৰাকী ভাৰতীয় নাগৰিকসহ ১৯ গৰাকী যাত্ৰী আছিল Tara Airৰ 9 NAET বিমানখনত (Tara Air flight including 4 Indians has gone missing)। বিমানখনে পোখৰাৰ পৰা জোমচোমলৈ উৰা মাৰিছিল ।

বিমানখনে উৰা মৰাৰ পাছত ১৫ মিনিট মানৰ ভিতৰতে সংযোগ বিচ্ছিন্ন হৈ পৰে । খবৰ অনুসৰি প্ৰায় ৬ ঘণ্টাৰ অন্তত বিমানখন মুস্তাঙৰ কোৱাঙত উদ্ধাৰ হৈছে (Missing aircraft Found at Kowang in Mustang)। অৱশ্যে ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মুৰব্বীৰ মতে, বিমানখনৰ স্থিতি এতিয়াও জানিব পৰা হোৱা নাই । কৰ্মচাৰীসহ ২২ গৰাকী যাত্ৰীৰ বিমানখন সন্ধানহীন হোৱাৰ লগে লগে চাঞ্চল্যৰ সৃষ্টি হৈছে ।

সেনাৰ মুখপাত্ৰ নাৰায়ণ চিলৱালৰ মতে, একাংশ স্থানীয় লোকে জনাইছে যে মানাপতি হিমালৰ লামচে নদীত তাৰা এয়াৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে । এই খবৰ পোৱাৰ পাছতে নেপাল সেনা সেই স্থানলৈ অগ্ৰসৰ হৈছে । বিমানখনত থকা মুঠ ২২ গৰাকী লোকৰ ভিতৰত চাৰি ভাৰতীয়ৰ উপৰিও তিনিগৰাকী জাপানী নাগৰিক, দুগৰাকী জাৰ্মান আৰু ১৩ গৰাকী নেপালী আছিল । তিনিগৰাকী ক্ৰু সদস্য আছিল বিমানখনত ।

  • Tara Air flight 9NAET that took off from Pokhara at 9.55 AM today with 22 people onboard, including 4 Indians, has gone missing. Search and rescue operation is on. The embassy is in touch with their family.

    Our emergency hotline number :+977-9851107021. https://t.co/2aVhUrB82b

    — IndiaInNepal (@IndiaInNepal) May 29, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

বিমানবন্দৰৰ বিষয়াসকলে জনোৱা মতে, বিমানখন উৰা মৰাৰ অলপ পিছতে লেট পাছ অঞ্চলত অন্তিমবাৰৰ বাবে বিমানখনৰ সৈতে যোগাযোগ হৈছিল । জোমচোমৰ ঘাচা অঞ্চলত হোৱা এক প্ৰচণ্ড শব্দৰ বিষয়ে বিষয়াসকলক জনোৱা হৈছে । বিষয়টো বিবেচনা কৰি গৃহ মন্ত্ৰালয়ে সন্ধানহীন বিমানৰ সন্ধানৰ বাবে মুস্তাং আৰু পোখৰাৰ পৰা দুখন ব্যক্তিগত হেলিকপ্টাৰ মোতায়েন কৰিছে ।

ইফালে, কাঠমাণ্ডুত ভাৰতৰ দূতাবাসে টুইটযোগে জৰুৰীকালীন নম্বৰ জাৰি কৰিছে আৰু আৱদ্ধ লোকসকলৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰা হৈছে বুলিও তেওঁ জনাইছে । জৰুৰীকালীন নম্বৰটো হৈছে +977-9851107021 ।

মুস্তাং জিলাৰ মুখ্য জিলা বিষয়া নেত্ৰ প্ৰসাদ শৰ্মাই জনোৱা মতে বিমানখন জিলাখনৰ জোমচোমৰ আকাশত প্ৰত্যক্ষ কৰা গৈছিল আৰু তাৰ পিছত মাউণ্ট ধৌলাগিৰিলৈ বিমানখন গতি কৰিছিল । তাৰ পিছৰে পৰা বিমানখনৰ স্থিতি জানিব পৰা হোৱা নাই । মুস্তাঙৰ জিলা আৰক্ষী কাৰ্যালয়ৰ ডিএছপি ৰাম কুমাৰ দানিয়ে জনোৱা মতে তেওঁলোকে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে আৰু অঞ্চলটোলৈ এখন হেলিকপ্টাৰ প্ৰেৰণ কৰিছে ।

জানিব পৰা মতে অঞ্চলটোত যোৱা কেইদিনমান ধৰি ধাৰাসাৰ বৰষুণ হৈ আছে যদিও বিমানবোৰ স্বাভাৱিকভাৱে চলি আছে ।

লগতে পঢ়ক :Electricity shortage in India : ক'ল ইণ্ডিয়াক ইন্ধন আমদানিৰ নিৰ্দেশ শক্তি মন্ত্ৰালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.