ETV Bharat / city

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Apr 18, 2022, 7:04 PM IST

news-at-7
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

ETV Bharat Exclusive : তৃণমূলত যোগদানৰ পিছত ৰিপুণ বৰাৰ আছুতীয়া সাক্ষাৎকাৰ

"সুবিধাবাদী হোৱা হ’লে মই বিজেপিলৈ গ’লোহেতেন"- তৃণমূলত যোগদান কৰা প্ৰাক্তন কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ বিস্ফোৰক মন্তব্য(First reaction of Ripun Bora after joins TMC) ৷ ৰাজ্য়ৰ ৰাজনীতিত জোকাৰণি তুলি তৃণমূলত যোগদান কৰা ৰিপুণ বৰাই কি কাৰণে এনেদৰে ক্ষোভ প্ৰকাশ কৰিলে ? সেয়া জানিবলৈ চাওক ইটিভি ভাৰতৰ সৈতে নেতাগৰাকীৰ হোৱা আছুতীয়া সাক্ষাৎকাৰ(Exclusive interview with Ripun Bora at ETV Bharat) টি ৷

দুমাহে ঘোষণা হোৱা নাই অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ ফলাফল; প্ৰতিবাদত বহিল নিবনুৱা

অসম আৰক্ষী বহুকেইটা শাখাত মুঠ ৯০১৭টা পদৰ বাবে শাৰীৰিক পৰীক্ষাত (physical test for 9017 posts in assam police) উৰ্ত্তীণ প্ৰাৰ্থীয়ে যোৱা ২০ফেব্ৰুৱাৰীত লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল । কিন্তু, লিখিত পৰীক্ষাৰ ফলাফল প্ৰায় দুমাহে ঘোষণা নকৰা বাবে প্ৰাৰ্থীসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ ।

পেহীয়েকক হত্যা কৰি শৌচাগাৰৰ টেংকীত ভৰাই থ’লে ভতিজাকে

হেলেমত চাঞ্চল্যকৰ ঘটনা ৷ পেহীয়েকক হত্যা কৰি ভৰাই থ’লে শৌচাগাৰৰ টেংকীত ৷ আৰক্ষীয়ে আটক কৰিলে হত্যাকাৰীক ৷

কৰিমগঞ্জত ফ্লপ শ্ব’ত পৰিণত মিছন বসুন্ধৰা আঁচনি

কৰিমগঞ্জত ফ্লপ শ্ব’ত পৰিণত হৈছে মিছন বসুন্ধৰা আঁচনি(Mission Basundhara scheme turns flop show in Karimganj) ৷ এটা মহৰীয়ে এজন ব্যক্তিৰ নামত থকা মাটি তিনিবাৰকৈ ভুৱা পৰিচয়ৰে নামজাৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ বাবে আইনৰ কাষ চাপিছে ভুক্তভোগী ৷

এ সম্পথৰ পদত্যাগ; অনিশ্চয়তাত মহানগৰীৰ দুটা খোৱাপানী প্ৰকল্পৰ নিৰ্মাণ

গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম ৰূপায়ণ কৰাৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হোৱা গুৱাহাটী মহানগৰৰ খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালক এ সম্পথে অৱশেষত গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালকৰ পদৰ পৰা পদত্যাগ কৰে(Guwahati Metropolitan Drinking Water and Sewerage Board MD resigns) ।

Road accident in Meghalaya: মেঘালয়ত মৃত্যু তামিলনাডুৰ টেবুল টেনিছ খেলুৱৈৰ

তামিলনাডুৰ যুৱ টেবুল টেনিছ খেলুৱৈ দীনদয়ালন বিশ্ব (Tamil Nadu table tennis player D Vishwa dies) ৰ মেঘালয়ত পথ দুৰ্ঘটনা(Road accident in Meghalaya)ত মৃত্যু ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন তিনিগৰাকী খেলুৱৈ ৷ 83 তম ছিনিয়ৰ নেশ্যনেল টেবুল টেনিছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ বাবে দলটো শ্বিলঙলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয় ৷

মাছৰ কাৰখানাত বিষাক্ত গেছ নিৰ্গত হৈ মৃত্যু 5 শ্ৰমিকৰ

দেওবাৰে নিশা মাংগালোৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ এটা মাছৰ কাৰখানা(Gas leak from fish factory) ৰ পৰা বিষাক্ত গেছ নিৰ্গত হৈ মৃত্যুমুখত পৰিছে পাঁচজনকৈ শ্ৰমিক(5 workers died after inhaling poisonous gas at Mangalore) ৷ জানিব পৰা মতে, মাছৰ আৱৰ্জনাৰে পৰিপূৰ্ণ এটা টেংক পৰিস্কাৰ কৰি থকাৰ সময়তে তাৰ পৰা বাহিৰ হ’বলৈ ধৰে বিষাক্ত গেছ(Gas leak at Mangalore MESZ) ৷ যাৰ ফলত তাত কৰ্মৰত শ্ৰমিকজনে শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰি অসুস্থ হৈ পৰে ৷ শ্ৰমিকজনক এনেদৰে দেখি সেই সময়ত কাৰখানাটোত কৰ্মৰত আন কেইবাগৰাকীও শ্ৰমিক সহায়ৰ বাবে আগবাঢ়ি আহে ৷ কিন্তু আন আন শ্ৰমিকসকলেও একে স্থানতে অসুস্থ হৈ বাগৰি পৰে ৷

ত্ৰিপুৰাত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক দুজনক

দেশত ড্ৰাগছৰ দৰে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন(Police against drugs) । ইতিমধ্যে বিভিন্ন ৰাজ্যত আৰক্ষী-প্ৰশাসনে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখি ব্যাপক সাফল্যও লাভ কৰিবলৈ সক্ষম হৈছে (Continued anti-drug campaign across the country) । ইয়াৰ মাজতে দেওবাৰে ত্ৰিপুৰা আৰক্ষীৰ ১.৪১ কোটি টকাৰ ড্ৰাগছৰ লগতে নগদ ২.৮১ লাখ টকাসহ দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়(Two arrested in Tripura with drugs and Cash) ।

ধুমুহা-বৰষুণত ৰাজ্যত 20 লোকৰ প্ৰাণহানি

মাৰ্চ মাহৰ শেষৰ পৰা ৰাজ্যত অব্যাহত আছে ধুমুহা-বৰষুণৰ তাণ্ডৱ ৷ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে, চলিত বৰ্ষত হোৱা ধাৰাসাৰ বৃষ্টিপাত তথা ধুমুহা, বজ্ৰপাতৰ ফলত ৰাজ্যত মৃত্যু ঘটিছে প্ৰায় 20 গৰাকীকৈ লোকৰ(20 killed due to storms and lightning strikes) ৷

দ্য আৰ্চিছৰ শ্বুটিং আৰম্ভ; আত্মপ্ৰকাশ কৰিব সুহানা খান-খুশি কাপুৰ-অগস্ত্য নন্দাই

বলীউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে সুহানা খান, অগস্ত্য নন্দা আৰু খুশি কাপুৰ ৷ জয়া আখটাৰৰ পৰিচালনাৰে দ্য আৰ্চিছ ছবিখনেৰে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে এওঁলোক ৷ ছবিখনৰ দৃশ্যগ্ৰহণৰ প্ৰথম দিনৰ ছবিসমূহ অনলাইনত ভাইৰেল হৈ পৰিছে (The Archies shoot begins) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.