ETV Bharat / bharat

Road accident in Meghalaya: মেঘালয়ত মৃত্যু তামিলনাডুৰ টেবুল টেনিছ খেলুৱৈৰ

author img

By

Published : Apr 18, 2022, 10:02 AM IST

তামিলনাডুৰ যুৱ টেবুল টেনিছ খেলুৱৈ দীনদয়ালন বিশ্ব (Tamil Nadu table tennis player D Vishwa dies) ৰ মেঘালয়ত পথ দুৰ্ঘটনা(Road accident in Meghalaya)ত মৃত্যু ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন তিনিগৰাকী খেলুৱৈ ৷ 83 তম ছিনিয়ৰ নেশ্যনেল টেবুল টেনিছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ বাবে দলটো শ্বিলঙলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয় ৷

tamil-nadu-table-tennis-players-d-vishwa-dies-in-road-accident-in-meghalaya
মেঘালয়ত মৃত্যু তামিলনাডুৰ টেবল টেনিছ খেলুৱৈৰ

নেশ্যনেল ডেস্ক, 18 এপ্ৰিল : মেঘালয়ৰ ৰি-ভই জিলাত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা(Road accident in Meghalaya) ৷ দেওবাৰে সংঘটিত হোৱা এই দুৰ্ঘটনাটোত তামিলনাডুৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুৱ টেবুল টেনিছ খেলুৱৈ দীনদয়ালন বিশ্ব (Tamil Nadu table tennis player D Vishwa dies) ই প্ৰাণ হেৰুৱায় ৷ তদুপৰি আন তিনিগৰাকী খেলুৱৈ গুৰুতৰভাৱে আহত হয় ৷

আৰক্ষী সূত্ৰই সদৰি কৰা অনুসৰি, খেলুৱৈসকলে যাত্ৰা কৰা বাহনখনে 12 চকীয়া এখন ট্ৰাকত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ তামিলনাডুৰ খেলুৱৈসকলে 83 তম ছিনিয়ৰ নেশ্যনেল টেবুল টেনিছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শ্বিলঙলৈ গৈ আছিল ৷

জানিব পৰা মতে, গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ(LGBI Airport)ৰ পৰা খেলুৱৈৰ দলটোৱে এখন পৰ্যটক কঢ়িওৱা টেক্সী ভাড়াত লৈ শ্বিলং অভিমুখে গৈ আছিল ৷ তেনে সময়তে মেঘালয়ৰ চাং বাংলা এলেকাত দেওবাৰে দিনৰ প্ৰায় 1.30 বজাত বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰাকৰ সৈতে টেক্সীখনৰ মুখামুখি সংঘৰ্ষ ঘটে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ৷

মেঘালয় টেবুল টেনিছ এছ'চিয়েছনে (MTTA) এক বিবৃতিত কয় যে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত খেলুৱৈসকলক ৰি-ভইৰ নংপো অসামৰিক চিকিৎসালয়লৈ নিয়াৰ পথতে 18 বছৰীয়া বিশ্বৰ মৃত্যু ঘটে ৷ সম্প্ৰতি আন খেলুৱৈসকল উত্তৰ-পূৱ ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান(North East Indira Gandhi medical college hospital) ত চিকিৎসাধীন হৈ আছে ৷

তদুপৰি আন খেলুৱৈসকল সংকটমুক্ত বুলি ঘোষণা কৰিছে চিকিৎসকে ৷ মেঘালয় টেবুল টেনিছ এছ'চিয়েছনৰ উপ-সভাপতি ব্ৰুছ পি মাৰাক আৰু সাধাৰণ সম্পাদক চিৰঞ্জীৱ চৌধুৰীয়ে অত্যন্ত প্ৰতিভাশালী আৰু প্ৰতিশ্ৰুতিসম্পন্ন যুৱ খেলুৱৈগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে ।

উল্লেখ্য যে, ডি বিশ্বই দেশৰ লগতে বিদেশৰো বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কেইবাটাও জুনিয়ৰ, চাব-জুনিয়ৰ আৰু কেডেট খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ খেলুৱৈগৰাকীৰ মৃত্যু দেশৰ টেবুল টেনিছৰ ক্ষেত্ৰখনৰ বাবে এক মোক্ষম আঘাত ৷ বিশ্বৰ পৰিয়ালবৰ্গ ইতিমধ্যে নংপোৰ চিকিৎসালয় অভিমুখে যাত্ৰা কৰিছে, য’ত খেলুৱৈগৰাকীৰ মৃতদেহটো ৰখা হৈছে ৷

লগতে চাওক: Korea Open 2022 : চেম্পিয়নৰ দৌৰ স্তব্ধ ভাৰতীয় তাৰকা পি ভি সিন্ধুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.