ETV Bharat / state

কৰিমগঞ্জত ফ্লপ শ্ব’ত পৰিণত মিছন বসুন্ধৰা আঁচনি

author img

By

Published : Apr 18, 2022, 2:17 PM IST

mission-basundhara-turned-into-flop-show-in-karimganj
কৰিমগঞ্জত ফ্লপ শ্ব’ত পৰিণত মিছন বসুন্ধৰা আঁচনি

কৰিমগঞ্জত ফ্লপ শ্ব’ত পৰিণত হৈছে মিছন বসুন্ধৰা আঁচনি(Mission Basundhara scheme turns flop show in Karimganj) ৷ এটা মহৰীয়ে এজন ব্যক্তিৰ নামত থকা মাটি তিনিবাৰকৈ ভুৱা পৰিচয়ৰে নামজাৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ বাবে আইনৰ কাষ চাপিছে ভুক্তভোগী ৷

কৰিমগঞ্জ, 18 এপ্ৰিল : মাটি-বাৰীৰ সৈতে জড়িত কাম-কাজসমূহ সফলতাৰে তথা ৰাইজে কষ্ট নোপোৱাকৈ সম্পন্ন কৰাৰ বাবে বিগত বৰ্ষৰ 2 অক্টোবৰত ৰাজ্য চৰকাৰে মুকলি কৰিছিল এটা প’ৰ্টেল ৷ যাৰ নাম বসুন্ধৰা ৷ এই প’ৰ্টেল মুকলিৰ উদ্দেশ্য অকল মাটি-বাৰী সম্পৰ্কীয় কাম-কাজ সম্পন্ন কৰাটোৱেই নহয়, বৰং দালালৰ দপদপনি হ্ৰাস কৰাটোও ইয়াৰ অন্যতম উদ্দেশ্য ৷

কিন্তু ইয়াৰ পিছতো যেন দালালৰ দপদপনি হ্ৰাস পোৱা নাই কৰিমগঞ্জত ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ পদক্ষেপৰ পিছতো কেৰেপ কৰা নাই একাংশ দালাল তথা মহৰীয়ে ৷ এই অভিযোগ উত্থাপন কৰিছে জিলাখনৰ একাংশ স্থানীয় লোকে ৷ বৰং একাংশ মহৰীয়ে বিভাগীয় কৰ্মচাৰীৰ সৈতে মিলি বসুন্ধৰা প’ৰ্টেলৰ অপব্যৱহাৰ কৰি(Mission Basundhara scheme turns flop show) আৰম্ভ কৰিছে দালালি ৷

জানিব পৰা মতে, জিলাখনৰ বদৰপুৰ এলেকাৰ নিজামুদ্দিন নামৰ এজন ব্যক্তিৰ পৰিয়ালে বিগত ১৯৮৫ চনত লামাজুয়া অঞ্চলত ক্ৰয় কৰিছিল কিছু মাটি ৷ কিন্তু সেই সময়ত ব্যক্তিজনৰ পৰিয়ালে মাটিখিনিৰ পঞ্জীয়ন কৰিছিল যদিও বিভিন্ন কাৰণত দীৰ্ঘদিনে কৰিব পৰা নাছিল নামজাৰিৰ পঞ্জীয়ন ৷

কৰিমগঞ্জত ফ্লপ শ্ব’ত পৰিণত মিছন বসুন্ধৰা আঁচনি

বৰ্তমান উক্ত লোকজনে মাটিখিনিৰ নামজাৰিৰ পঞ্জীয়ন কৰিবলৈ গৈ পৰিছে বিমোৰত ৷ কিয়নো কাৰ্যালয়টোত কৰ্মৰত ফজল উদ্দিন নামৰ এগৰাকী মহৰীয়ে নিজামুদ্দিনৰ নামত থকা মাটিখিনি বাস্তৱত কোনো অস্তিত্ব নথকা ভুৰু নাথ নামৰ এগৰাকী ব্যক্তিৰ নামত পূৰ্বতেই জালিয়াতিৰে নামজাৰিৰ পঞ্জীয়ন সম্পন্ন কৰিছে ৷ এই অভিযোগ উত্থাপন কৰিছে মাটিখিনিৰ প্ৰকৃত গৰাকীয়ে ৷

পৰৱৰ্তী সময়ত মহৰীজনে পুনৰ দুবাৰকৈ এলিয়াছ আৰু উপেন্দ্ৰ নাথ নাম দুটা ব্যৱহাৰ কৰি অবৈধভাৱে নামজাৰিৰ পঞ্জীয়ন কৰে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে নিজামুদ্দিনে ৷ অৰ্থাৎ একেজন ব্যক্তিৰ মাটি তিনিবাৰকৈ ভুৱা নামেৰে নামজাৰি কৰে মহৰীজনে ৷

তদুপৰি মাটিৰ নামজাৰি কৰাৰ বাবদ নগদ 2 লাখ টকা উৎকোচ হিচাপে মহৰিজনে লোৱাৰ কথা সদৰি কৰিছে নিজামুদ্দিনে ৷ মহৰীজনৰ এনে মইমতালি তথা অনৈতিক কাৰ্যৰ বিপৰীতে ন্যায় বিচাৰি সম্প্ৰতি আইনৰ কাষ চাপিছে ভুক্তভোগী ৷

নিজামুদ্দিনৰ গোচৰৰ ভিত্তিতে আৰক্ষীয়ে মহৰীটোক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল যদিও জামিনত মুক্তি লাভ কৰে ৷ কাৰাগাৰৰ পৰা ওলাই আহিয়ে পুনৰ এনে অবৈধ কাৰ্যত জড়িত হৈ পৰে ফজল উদ্দিন নামৰ মহৰীজন ৷

লগতে চাওক: গাঞ্জাসহ আটক হ'ল আব্দুল কালাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.