ETV Bharat / bharat

ত্ৰিপুৰাত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক দুজনক

author img

By

Published : Apr 18, 2022, 1:54 PM IST

দেশত ড্ৰাগছৰ দৰে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন(Police against drugs) । ইতিমধ্যে বিভিন্ন ৰাজ্যত আৰক্ষী-প্ৰশাসনে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখি ব্যাপক সাফল্যও লাভ কৰিবলৈ সক্ষম হৈছে (Continued anti-drug campaign across the country) । ইয়াৰ মাজতে দেওবাৰে ত্ৰিপুৰা আৰক্ষীৰ ১.৪১ কোটি টকাৰ ড্ৰাগছৰ লগতে নগদ ২.৮১ লাখ টকাসহ দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়(Two arrested in Tripura with drugs and Cash) ।

two arrested in tripura with old scale drugs
ত্ৰিপুৰাত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক দুজনক

আগৰতলা,১৮ এপ্ৰিল: ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ হৈছে দেশৰ আৰক্ষী । ব্যতিক্ৰম নহয় ত্ৰিপুৰা আৰক্ষীও । সীমান্ত সুৰক্ষা বাহিনীয়েও নিয়মীয়াকৈ স্বতন্ত্ৰভাৱে ড্ৰাগছ বিৰোধী অভিযান (Anti-Narcotics Smuggling Drives)অব্যাহত ৰাখিছে । ত্ৰিপুৰা আৰক্ষী আৰু অন্যান্য ভগ্নী সংস্থাসমূহৰ সহযোগিতাত সীমান্ত সুৰক্ষা বাহিনীয়েও ত্ৰিপুৰা ৰাজ্যক ড্ৰাগছ মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে অভিযান অব্যাহত ৰাখিছে ।

সীমান্ত সুৰক্ষা বাহিনীৰ এটা দলে ১৬ এপ্ৰিলত ত্ৰিপুৰা আৰক্ষীৰ সহযোগত ত্ৰিপুৰাৰ পশ্চিম জিলাৰ জিৰানিয়া উপ-সংমণ্ডলৰ অন্তৰ্গত ভদ্ৰ মিছিপাৰাৰ আব্দুল মাতালিমৰ ঘৰত যুটীয়াভাৱে অভিযান চলায় । অভিযানৰ সময়ত দলটোৱে ৩০ টা প্লাষ্টিকৰ কেছত প্ৰায় ৩৬০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে ৷ অভিযানকাৰী দলটোৱে ঘৰটোৰ স্বত্বাধিকাৰী আব্দুল মাতালিমকো আটক কৰে ।

সীমান্ত সুৰক্ষা বাহিনীয়ে জব্দ কৰা নিচাজাতীয় সামগ্ৰীৰ সৈতে আটকাধীন ব্যক্তিজনক এনডিপিএছ আইনৰ অধীনত পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে ঘটনাস্থলীত আৰক্ষী দলক গতাই দিয়ে । অভিযানকালত আগৰতলাৰ এডি নগৰ আৰক্ষীয়ে আগৰতলাৰ সীমান্তৱৰ্তী গাজৰিয়াৰ নাৰুল আমিন নামৰ আন এজন লোকক আটক কৰাৰ লগতে প্ৰায় ২.৮১ লাখ নগদ ধন আৰু এখন মাৰুতি ডিজায়াৰ বাহন জব্দ কৰে ।

লগতে পঢ়ক: Road accident in Meghalaya: মেঘালয়ত মৃত্যু তামিলনাডুৰ টেবুল টেনিছ খেলুৱৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.