ETV Bharat / bharat

মাছৰ কাৰখানাত বিষাক্ত গেছ নিৰ্গত হৈ মৃত্যু 5 শ্ৰমিকৰ

author img

By

Published : Apr 18, 2022, 11:52 AM IST

5-workers-die-after-inhaling-poisonous-gas-at-mangalores-fish-factory
বিষাক্ত গেছ নিৰ্গত হৈ পাঁচ শ্ৰমিকৰ মৃত্যু

দেওবাৰে নিশা মাংগালোৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ এটা মাছৰ কাৰখানা(Gas leak from fish factory) ৰ পৰা বিষাক্ত গেছ নিৰ্গত হৈ মৃত্যুমুখত পৰিছে পাঁচজনকৈ শ্ৰমিক(5 workers died after inhaling poisonous gas at Mangalore) ৷ জানিব পৰা মতে, মাছৰ আৱৰ্জনাৰে পৰিপূৰ্ণ এটা টেংক পৰিস্কাৰ কৰি থকাৰ সময়তে তাৰ পৰা বাহিৰ হ’বলৈ ধৰে বিষাক্ত গেছ(Gas leak at Mangalore MESZ) ৷ যাৰ ফলত তাত কৰ্মৰত শ্ৰমিকজনে শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰি অসুস্থ হৈ পৰে ৷ শ্ৰমিকজনক এনেদৰে দেখি সেই সময়ত কাৰখানাটোত কৰ্মৰত আন কেইবাগৰাকীও শ্ৰমিক সহায়ৰ বাবে আগবাঢ়ি আহে ৷ কিন্তু আন আন শ্ৰমিকসকলেও একে স্থানতে অসুস্থ হৈ বাগৰি পৰে ৷

নেশ্যনেল ডেস্ক, 18 এপ্ৰিল : মাংগালোৰৰ এটা মাছৰ কাৰখানাৰ পৰা বিষাক্ত গেছ নিৰ্গত হৈ মৃত্যুমুখত পৰিছে 5 জনকৈ শ্ৰমিক ৷ চহৰখনৰ এখন বিশেষ অৰ্থনৈতিক ক্ষেত্ৰ(Gas leak at Mangalore MESZ) ত সংঘটিত হৈছে এই ঘটনা ৷

কাৰখানাটোৰ পৰা বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰে কৰ্মৰত শ্ৰমিকসকলে ৷ পৰৱৰ্তী সময়ত পাঁচজনকৈ শ্ৰমিকৰ মৃত্যু ঘটে(5 workers died after inhaling poisonous gas at Mangalore) বুলি জানিব পৰা গৈছে ৷ মৃত শ্ৰমিকসকল ক্ৰমে ওমৰ ফাৰুক, নিজামুদ্দিন চাহাব, সমীৰ উল্লাহ ইছলাম বুলি চিনাক্ত কৰাৰ বিপৰীতে আন দুগৰাকীৰ নাম এতিয়াও জানিব পৰা হোৱা নাই ৷ আটাইকেইজন শ্ৰমিক পশ্চিমবংগৰ বুলি সদৰি কৰিছে কাৰখানা কৰ্তৃপক্ষই ৷

লগতে চাওক: ভূপাল গেছ দুৰ্ঘটনাৰ ভুক্তভোগী লৈ ১ হাজাৰ টকাৰ অতিৰিক্ত পেঞ্চন

আনহাতে, আন কেইজনমান গুৰুতৰভাৱে আহত হোৱা শ্ৰমিক ক্ৰমে মিৰাজুল ইছলাম, আজান আলী, চৰাফত আলী, কালিমুল্লাহ আৰু আফতাৰ মালিকক স্থানীয় চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা হৈছিল ৷ কিন্তু পৰৱৰ্তী সময়ত আটাইৰে স্বাস্থ্যৰ অৱনতি ঘটাত ব্যক্তিগত খণ্ডৰ হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

লগতে চাওক: সীতাপুৰত গেছ লিক হৈ শোকাৱহ অগ্নিকাণ্ড, এতিয়ালৈ 7 জনৰ মৃত্যু

প্ৰাপ্ত তথ্য অনুসৰি, মাছৰ আৱৰ্জনাৰে পৰিপূৰ্ণ এটা টেংক পৰিস্কাৰ কৰি থকাৰ সময়তে তাৰপৰা বাহিৰ হ’বলৈ ধৰে বিষাক্ত গেছ(Gas leak from fish factory) ৷ যাৰ ফলত তাত কৰ্মৰত শ্ৰমিকজনে শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰি অসুস্থ হৈ পৰে ৷ শ্ৰমিকজনক এনেদৰে দেখি সেই সময়ত কাৰখানাটোত কৰ্মৰত আন কেইবাগৰাকীও শ্ৰমিক সহায়ৰ বাবে আগবাঢ়ি আহে ৷ কিন্তু আন আন শ্ৰমিকসকলেও একে স্থানতে অসুস্থ হৈ বাগৰি পৰে ৷

ইয়াৰ ভিতৰত পাঁচজনৰ মৃত্যু হোৱাৰ বিপৰীতে আন কেইবাগৰাকীও গুৰুতৰভাৱে অসুস্থ হৈ পৰে ৷ কিন্তু কি কাৰণে কাৰখানাটোৰ পৰা এনেদৰে বিষাক্ত গেছ নিৰ্গত হৈছিল, সেয়া বৰ্তমানলৈকে পোহৰলৈ অহা নাই ৷

লগতে চাওক: বিশাখাপট্টনমত গেছ নিৰ্গমন কাণ্ডঃ শিশুসহ মৃত্যু 10 গৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.