ETV Bharat / state

এ সম্পথৰ পদত্যাগ; অনিশ্চয়তাত মহানগৰীৰ দুটা খোৱাপানী প্ৰকল্পৰ নিৰ্মাণ

author img

By

Published : Apr 18, 2022, 3:46 PM IST

গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম ৰূপায়ণ কৰাৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হোৱা গুৱাহাটী মহানগৰৰ খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালক এ সম্পথে অৱশেষত গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালকৰ পদৰ পৰা পদত্যাগ কৰে(Guwahati Metropolitan Drinking Water and Sewerage Board MD resigns) ।

Guwahati Drinking Water and sewage board md resigns
গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালকৰ পদত্যাগ

গুৱাহাটী,১৮ এপ্ৰিল: গুৱাহাটী পানী যোগান প্ৰকল্পৰ (Drinking water project in Guwahati) কাম ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ব্য়াপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালক এ সম্পথৰ বিৰুদ্ধে । অৱশেষত সম্পথে সঞ্চালকৰ পদৰ পৰা পদত্যাগ কৰে (Guwahati Metropolitan Drinking Water and Sewerage Board MD resigns) ।

গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন পৰিক্ৰমা বিভাগৰ জৰিয়তে ৰাজ্যপালে গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালক এ সম্পথক পদত্যাগ কৰাৰ বাবে বাধ্য কৰিছিল । যোৱা ১২ এপ্ৰিলত গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালক এ সম্পথে গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালক পদৰ পৰা পদত্যাগ বিচাৰি কৰা আৱেদন ৰাজ্যপালে ইতিমধ্যে গ্ৰহণ কৰিছে ।

Guwahati Drinking Water and sewage board md resigns
দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হোৱা গুৱাহাটী মহানগৰৰ খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালক এ সম্পথৰ পদত্যাগ

উল্লেখ্য যে, পাঁচ মাহ পূৰ্বে পানী প্ৰকল্পৰ কোনো কাৰিকৰী জ্ঞান নথকা সত্বেও একমাত্ৰ গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘালৰ ঘনিষ্ঠ হোৱাৰ বাবে এ সম্পথক গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালক পদত নিয়োগ কৰাৰ অভিযোগো উত্থাপন হৈছিল । গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘালে কেবিনেটৰ অনুমোদনৰ জৰিয়তে এ সম্পথক গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালক পদত নিয়োগ কৰিছিল ।

পিছত এ সম্পথে গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালক পদত অধিষ্ঠিত হৈয়ে দুৰ্নীতিৰ বজাৰ আৰম্ভ কৰাৰ অভিযোগ উত্থাপিত হয় (Corruption in Drinking Water and Sewerage Board)। গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘালৰ পৃষ্ঠপোষকতাত এ সম্পথে গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালক পদৰ দায়িত্ব লোৱাৰ পিছত গুৱাহাটী পানী যোগান প্ৰকল্পৰ ঠিকাৰ নামত কমিছন সংগ্ৰহৰ অভিযোগ উত্থাপিত হয় ।

80 কোটিৰ ঠিকাৰ বিপৰীতে 10% কমিছন ঠিকাদাৰৰ পৰা এ সম্পথে দাবী কৰাৰ কথা ঠিকাদাৰসকলে উল্লেখ কৰিছিল । গুৱাহাটী মহানগৰৰ খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালকৰ কাৰ্যালয়ত বহিয়েই এ সম্পথে বহিৰাগত দালাল পিতা-পুত্ৰ ৰাজকুমাৰ খাকলিয়া আৰু ৰাঘৱ খাকলিয়াৰ সহায়ত কমিছনৰ দৰদাম কৰিছিল ।

সমগ্ৰ ঘটনাৰ আঁৰত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল জড়িত হোৱাৰ অভিযোগ উঠিছিল ৷ এই অভিযোগ সংগ্ৰামী কৃষক শ্ৰমিক সংঘ অসমৰ সাধাৰণ সম্পাদক দীনেশ দাসে উত্থাপন কৰিছিল । দাসে সংবাদমেলত পৰিচালন সঞ্চালক সম্পথে নিজ কাৰ্যালয়ত ৰাজকুমাৰ খাকলিয়া আৰু ৰাঘৱ খাকলিয়া নামৰ দুই দালালৰ হতুৱাই থলুৱা ঠিকাদাৰৰ পৰা 10% কমিছন দাবী কৰা ভিডিঅ’ ৰাজহুৱা কৰিছিল ।

তাৰ পিছতেই ৰাজ্য চৰকাৰে বাধ্য হৈ ইয়াৰ তদন্তৰ ব্যৱস্থা কৰে । ৰাজ্য চৰকাৰে জাইকাৰ অৰ্থ সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ দুৰ্নীতিৰ সম্পৰ্কত উত্থাপিত অভিযোগ সমূহৰ তদন্ত কৰাৰ বাবে অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰক দায়িত্ব দিছিল (Jaika scam in Guwahati)।

শেহতীয়াভাৱে ৰাজ্য চৰাকাৰে গুৱাহাটী পানী যোগান প্ৰকল্পৰ ঠিকাৰ নামত কমিছন সংগ্ৰহৰ মূল নায়ক অশোক সিংঘালক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে আৰু এ সম্পথৰ কেৰিয়াৰ বেয়া নোহোৱাকৈ চৰকাৰে এ সম্পথক চাকৰিৰ পৰা নিলম্বিত কৰাৰ পৰিৱৰ্তে এ সম্পথক পদত্যাগ কৰাৰ নিৰ্দেশ দিয়ে । সেই অনুসৰি এ সম্পথে পদত্যাগ কৰে ।

সংগ্ৰামী কৃষক শ্ৰমিক সংঘই সমগ্ৰ দুৰ্নীতিৰ লগত জড়িত থকা মন্ত্ৰী অশোক সিংহলক মন্ত্ৰীত্বৰ পৰা অপসাৰণৰ দাবী জনাইছিল ৷ তেওঁলোকে লগতে পৰিচালন সঞ্চালক সম্পথ আৰু দুই দালাল ৰাজকুমাৰ খাকলিয়া আৰু ৰাঘৱ খাকলিয়াক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী জনাইছিল ।

কিন্তু চৰকাৰে সকলো বিষয় গাপ দি তদন্ত প্ৰতিবেদন ৰাজহুৱা কৰাৰ পৰা বিৰত আছে । গুৱাহাটী মহানগৰৰ খোৱাপানী আৰু অনাময় পৰিষদৰ ভিতৰচ’ৰাত চলি থকা দুৰ্নীতি আৰু পৰিচালন সঞ্চালকৰ পদত্যাগে কেন্দ্ৰীয় গুৱাহাটী আৰু উত্তৰ গুৱাহাটী প্ৰকল্প দুটাৰ কামত গভীৰ অনিশ্চয়তাই দেখা দিছে ।

লগতে পঢ়ক: GMC Election 2022 : পদুম আৰু হাতী এতিয়া অসমৰ ঘৰে ঘৰে : মুখ্যমন্ত্রী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.