ETV Bharat / state

দুমাহে ঘোষণা হোৱা নাই অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ ফলাফল; প্ৰতিবাদত বহিল নিবনুৱা

author img

By

Published : Apr 18, 2022, 4:55 PM IST

অসম আৰক্ষী বহুকেইটা শাখাত মুঠ ৯০১৭টা পদৰ বাবে শাৰীৰিক পৰীক্ষাত (physical test for 9017 posts in assam police) উৰ্ত্তীণ প্ৰাৰ্থীয়ে যোৱা ২০ফেব্ৰুৱাৰীত লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল । কিন্তু, লিখিত পৰীক্ষাৰ ফলাফল প্ৰায় দুমাহে ঘোষণা নকৰা বাবে প্ৰাৰ্থীসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ ।

protest-demanding-declaration-of-written-examination-result-for-9017-posts-in-assam-police
অসম আৰক্ষীৰ ৯০১৭টা পদৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দাবীত গুৱাহাটীত প্ৰাৰ্থীৰ প্ৰতিবাদ

গুৱাহাটী, ১৮ এপ্ৰিল : অসম আৰক্ষীৰ এবি. ইউবি কনিষ্টবলৰ লিখিত পৰীক্ষা ফলাফল ঘোষণাৰ দাবীৰে গুৱাহাটীত প্ৰতিবাদ । লিখিত পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীয়ে উলুবাৰীৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সমীপত সাব্যস্ত কৰে প্ৰতিবাদ । উল্লেখ্য যে, কনিষ্টবলকে ধৰি অসম আৰক্ষী বহুকেইটা শাখাত মুঠ ৯০১৭টা পদৰ বাবে শাৰীৰিক পৰীক্ষাত উৰ্ত্তীণ প্ৰাৰ্থীয়ে যোৱা ২০ ফেব্ৰুৱাৰীত লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ।

অসম আৰক্ষীৰ ৯০১৭টা পদৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দাবীত গুৱাহাটীত প্ৰাৰ্থীৰ প্ৰতিবাদ

কিন্তু, লিখিত পৰীক্ষাৰ ফলাফল প্ৰায় দুমাহে ঘোষণা নকৰা বাবে প্ৰাৰ্থীসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ । তাৎপৰ্যপূৰ্ণ কথা যে, লিখিত পৰীক্ষা অনুষ্ঠিত হোৱা পদসমূহৰ বাবে ২০১৭-১৮বৰ্ষত বিজ্ঞাপন মুকলি কৰা হৈছিল (written examination for Assam police post) । আনহাতে উক্ত লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা নকৰাকৈ পুনৰ একাংশ কনিষ্টবল পদৰ বাবে লিখিত পৰীক্ষাৰ অনুষ্ঠিত কৰিবলৈ সাজু হৈছে অসম চৰকাৰৰ গৃহ বিভাগ ।

পৰীক্ষাৰ ফলাফল নিদিয়াকৈ আকৌ পৰীক্ষা পতাৰ যোজা-যা গৃহ বিভাগৰ । তাতে খৰ্গহস্ত হৈ ৰাজপথলৈ ওলাই আহিছে প্ৰাৰ্থীসকল ।

তেওঁলোকৰ অভিযোগ অনুসৰি ফলাফল ঘোষণা কৰাত যিমানে পলম হ’ব সিমানে দুৰ্নীতি সংঘটিত হোৱা সম্ভাৱনা থাকে গতিকে ফলাফল শীঘ্ৰে ঘোষণা কৰিব লাগে । অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে প্ৰতিবাদ কৰা বাবে আহিছিল যদিও বাটতে বাধা প্ৰদান কৰে আৰক্ষীয়ে । প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে আটক কৰি পানবজাৰ আৰক্ষীৰ থানালৈ নিয়ে । তাতো একেই দাবীৰে প্ৰাৰ্থী সকলে সাব্যস্ত কৰে প্ৰতিবাদ ।

তাৎপৰ্যপূৰ্ণ কথা যে, উক্ত লিখিত পৰীক্ষাৰ বাবে শাৰীৰিক পৰীক্ষাৰ ফলাফল প্রকাশ কৰোতেও বিসংগতি হৈছিল । বহুতো যোগ্য প্ৰাৰ্থী লিখিত পৰীক্ষাৰ তালিকা পৰা বঞ্চিত হৈছিল । পৰৱৰ্তী সময়ত ডি জি পি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ ৰূপায়ন কৰাত পুনৰ সংশোধনীৰ তালিকা প্রকাশ কৰিছিল অসম আৰক্ষীয়ে ।

লগতে পঢ়ক : Road accident in Meghalaya: মেঘালয়ত মৃত্যু তামিলনাডুৰ টেবুল টেনিছ খেলুৱৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.