ETV Bharat / city

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Apr 10, 2022, 7:05 PM IST

news-at-7
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Murder in Guwahati : মহানগৰীৰ তেতেলীয়াত লোমহৰ্ষক হত্যাকাণ্ড

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে আন এক লোমহৰ্ষক হত্যাকাণ্ড (Murder in Guwahati) ৷ অচিনাক্ত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰিলে এজন প্ৰায় 60 বছৰীয়া লোকক ৷ মৃত লোকজন এমট্ৰনৰ কৰ্মচাৰী আছিল ।

কেন্দ্ৰৰ প্ৰতিবেদনে উদঙাইছে ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ পঁয়া লগা অৱস্থা

ৰাজ্যৰ শিক্ষ‍াখণ্ডৰ শোচনীয় অৱস্থা(Pathetic Condition of education sector in Assam)। ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ ১৩.৯ শতাংশই কেঁচা ঘৰ । দেশৰ ভিতৰতে অসমত আধাতে বিদ্যালয় এৰা ছাত্র-ছাত্রীৰ সংখ্যা সর্বাধিক । ৰাজ্যখনৰ অধিকাংশ বিদ্যালয়তে নাই খোৱাপানী, বিজুলী, পুথিভঁৰাল, খেলপথাৰ আদি প্ৰয়োজনীয় সুবিধা (Facilities in government schools of Assam)।

মানৱ সৰবৰাহকাৰীৰ কবলত কলিয়াবৰৰ এটা পৰিয়াল

একেটা পৰিয়ালৰে চাৰিজন সদস্য মানৱ সৰবৰাহকাৰীৰ কবলত পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কলিয়াবৰত (Human Trafficking at Kaliabor)৷ পৰিয়ালটোৰ পিতৃ-মাতৃ আৰু পুত্ৰ কোনোমতে দুষ্টচক্ৰৰ কবলৰ পৰা সাৰি আহে যদিও আজিও সন্ধান লাভ কৰা নাই 13 বছৰীয়া কন্যা সন্তানৰ ৷

এডিপি কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে অধ্যাপিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ

অধ্যাপিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষী থানাত গোচৰ ৰুজু মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে (Molestation case filed against college principal) । নগাঁৱত মিশ্ৰিত প্ৰতিক্ৰিয়া । ছাত্ৰ-ছাত্ৰীয়েও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।

বাধ্যতামূলকভাৱে হিন্দী ভাষা জাপি দিয়াৰ তীব্ৰ বিৰোধিতা কৃষক সভাৰ

হিন্দী বাধ্যতামূলকভাৱে জাপি দিয়াৰ প্ৰংসগকলৈ ৰাজ্যজুৰি অব্যাহত ক্ৰিয়া প্ৰতিক্ৰিয়া । হিন্দী বাধ্যতামূলকভাৱে জাপি দিয়াৰ তীব্ৰ বিৰোধিতা কৰিছে কৃষক সভাই (Krishak Sabha opposes compulsion of Hindi) ।

Hollongi Airport rehabilitation scam : কেলেংকাৰীৰ প্ৰতিবেদনক আদৰণি চাকমা ছাত্ৰ সন্থাৰ

হোলোংগী বিমানবন্দৰ পুনৰ্সংস্থাপন কেলেংকাৰীক (Hollongi Airport rehabilitation scam) লৈ অৰুণাচলত তীব্ৰ উত্তেজনা অব্যাহত আছে । ইয়াৰ মাজতে হোলোংগী বিমানবন্দৰ পুনৰ্সংস্থাপন কেলেংকাৰীৰ ওপৰত প্ৰস্তুত কৰা অনুসন্ধান প্ৰতিবেদন প্ৰকাশ । প্ৰতিবেদন অনুসৰি পাপুম পাৰে জিলাৰ উপায়ুক্তই চাকমা পুনঃসংস্থাপন আৰু পুনঃসংস্থাপন সমিতি অবৈধভাৱে গঠন কৰিছিল ।

Encounter at Doboka : ডবকাত আৰক্ষীৰ গুলীত আহত ডকাইত

ডবকাত সংঘটিত হৈছে আৰক্ষীৰ গুলীচালনা(Police encounter at Doboka) ৰ ঘটনা ৷ এই ঘটনাত আহত হৈছে ছামচুল হক নামৰ এটা ডকাইত ৷ সম্প্ৰতি নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আঘাতপ্ৰাপ্ত ডকাইতটোক ৷

বিলাসীপাৰাত এনকাউন্টাৰত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী

বিলাসীপাৰাৰ সাপটগ্ৰামত আৰক্ষীৰ এনকাউণ্টাৰ (Police encounter at Bilasipara) ৷ আৰক্ষীৰ গুলীত এটা পশুধন সৰবৰাহকাৰী(Cattle smuggler shot dead in police encounter) নিহত হোৱাৰ বিপৰীতে আহত হৈছে আন এটা সৰবৰাহকাৰী ৷

Hajj season 2022 : 10 লাখ হজযাত্ৰীৰ অংশগ্ৰহণৰ সম্ভাৱনা

ক'ভিড পৰিস্থিতিৰ বাবে দুবছৰৰ অন্তত এইবাৰ হজ যাত্ৰাৰ বাবে বিদেশী যাত্ৰীক অনুমতি (Foreigners allowed for Hajj pilgrimage this year)। দেশী-বিদেশী ১০ লাখ লোকক হজ যাত্ৰাৰ বাবে এইবাৰ চৌদি আৰৱ চৰকাৰে অনুমতি দিব । ইয়াৰ লগতে কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে ।

ভূমি চুক্তিৰ গোচৰ সন্দৰ্ভত সাংসদ জয়া বচ্চনলৈ আদালতৰ জাননী

জ্যেষ্ঠ অভিনেত্ৰী তথা সমাজবাদী পাৰ্টীৰ সাংসদ জয়া বচ্চনৰ বিৰুদ্ধে ভূমি চুক্তিৰ গোচৰ (Land deal case against MP Jaya Bachchan) । প্ৰাক্তন বিজেপি নেতাৰ পুত্ৰ অনুজ দাগাই আদালতত দাখিল কৰিলে এই গোচৰ । বিষয় সন্দৰ্ভত আদালতে জাননী প্ৰেৰণ কৰিছে সাংসদগৰাকীলৈ ৷ এই জাননী অনুসৰি ৩০ এপ্ৰিলত আদালতত হাজিৰ হ'ব লাগিব অভিনেত্ৰী তথা সাংসদগৰাকী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.