ETV Bharat / state

মানৱ সৰবৰাহকাৰীৰ কবলত কলিয়াবৰৰ এটা পৰিয়াল

author img

By

Published : Apr 10, 2022, 6:19 PM IST

একেটা পৰিয়ালৰে চাৰিজন সদস্য মানৱ সৰবৰাহকাৰীৰ কবলত পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কলিয়াবৰত (Human Trafficking at Kaliabor)৷ পৰিয়ালটোৰ পিতৃ-মাতৃ আৰু পুত্ৰ কোনোমতে দুষ্টচক্ৰৰ কবলৰ পৰা সাৰি আহে যদিও আজিও সন্ধান লাভ কৰা নাই 13 বছৰীয়া কন্যা সন্তানৰ ৷

Human Trafficking at Kaliabor
মানৱ সৰবৰাহকাৰীৰ কবলত কলিয়াবৰৰ এটা পৰিয়াল

কলিয়াবৰ, 10 এপ্ৰিল : অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসন অধিক সষ্টম হোৱাৰ পাছতো ৰাজ্যত দুষ্টচক্ৰই সংঘটিত কৰি আহিছে অপৰাধ ৷ ড্ৰাগছ, গৰুৰ চোৰাং সৰবৰাহৰ লগতে অব্যাহত আছে মানৱ সৰবৰাহৰ ঘটনা ৷ তেনে এক মানৱ সৰবৰাহৰ ঘটনা সংঘটিত হয় কলিয়াবৰত (Human Trafficking at Kaliabor)৷ ৰাইজৰ ৰোষত পৰে অভিযুক্ত মানৱ সৰবৰাহকাৰী ৷

কলিয়াবৰৰ শাকমুঠিয়া চাহ বাগিছাত ৰাইজে আৱদ্ধ কৰাৰ পাছত সাজন শ্বাহ নামৰ সৰবৰাহকাৰীটোক চমজাই দিয়া হয় জখলাবন্ধা আৰক্ষীক (Public apprehended human trafficker) । বহিঃৰাজ্যত কাম দিয়াৰ প্ৰলোভনৰে শাকমুঠিয়া চাহ বাগিছাৰ এটা পৰিয়ালৰ চাৰিওজন সদস্যকে বামুনীৰ চাইফুল নামৰ এজন ব্যক্তিয়ে ওডালগুৰিৰ পানেৰীৰ সাজন শ্বাহৰ সহযোত 2021 বৰ্ষৰ নৱেম্বৰ মাহত মানৱ সৰবৰাহকাৰীৰ হাতত গতাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ পিতৃ-মাতৃৰ লগতে তেৰ বছৰীয়া জীয়ৰী আৰু জ্যেষ্ঠ ভাতৃক প্ৰথমে দিল্লীলৈ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

মানৱ সৰবৰাহকাৰীৰ কবলত কলিয়াবৰৰ এটা পৰিয়াল

মানৱ সৰবাহকাৰীৰ কবলৰ পৰা পিতৃ-মাতৃ, পুত্ৰ কোনোমতে অসমৰ গৃহত উপস্থিত হ’বলৈ সক্ষম হয় যদিও আজি পৰ্যন্ত তেৰবছৰীয়া নাবালিকাগৰাকীৰ নাই কোনো সন্ধান লাভ কৰা নাই । নিজৰ ১৩ বছৰীয়া কন্যা ঘৰ আহি নোপোৱাৰ বেদনাত জখলাবন্ধা থানা চৌহদতে হুকহুকাই কান্দি উঠে পিতৃ-মাতৃ । উক্ত ঘটনাত চাইফুল নামৰ আন এজন ব্যক্তিও জড়িত বুলি অভিযোগ উঠিছে । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে জখলাবন্ধা আৰক্ষীয়ে ।

লগতে পঢ়ক: Robbery in Mahindra Dealer : তেজপুৰ আৰক্ষীৰ দুগৰাকী বিষয়াক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.