ETV Bharat / state

Murder in Guwahati : মহানগৰীৰ তেতেলীয়াত লোমহৰ্ষক হত্যাকাণ্ড

author img

By

Published : Apr 10, 2022, 5:28 PM IST

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে আন এক লোমহৰ্ষক হত্যাকাণ্ড (Murder in Guwahati) ৷ অচিনাক্ত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰিলে এজন প্ৰায় 60 বছৰীয়া লোকক ৷ মৃত লোকজন এমট্ৰনৰ কৰ্মচাৰী আছিল ।

Murder in Guwahati
মহানগৰীৰ তেতেলীয়াত লোমহৰ্ষক হত্যাকাণ্ড

গুৱাহাটী, ১০ এপ্ৰিল : মহানগৰীৰ তেতেলীয়াত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰিলে এজন লোকক (Murder in Guwahati)। মহানগৰীৰ জালুকবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তেতেলীয়াত সংঘটিত হৈছে এই হত্যাকাণ্ড (Sensational murder in Boragaon Guwahati) । দুৰ্বৃত্তই হত্যা কৰা লোকজনৰ নাম অজিত চেতিয়া বুলি জানিব পৰা গৈছে ।

প্ৰায় ৬০ বছৰ বয়সৰ লোকজন এমট্ৰনৰ কৰ্মচাৰী আছিল (AMTRON employee murder in Guwahati)। লোকজনৰ মূৰত আঘাতৰ চিন স্পষ্টকৈ পোৱা গৈছে । দুৰ্বৃত্তই ঘৰৰ ভিতৰতে গুলীয়াই থৈ যোৱাৰ সন্দেহ আৰক্ষীৰ । ঘৰত থকা বহুতো মূল্যবান সামগ্ৰী ডকাইতি কৰি লৈ যোৱাৰো সন্দেহ কৰিছে আৰক্ষীয়ে । কিয়নো শনিবাৰে নিশা ঘৰত অকলশৰে আছিল চেতিয়া । ঘটনাস্থলীত উপস্থিত জালুকবাৰী অতিৰিক্ত আৰক্ষী আয়ুক্তসহ আৰক্ষীৰ এটা দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক: বিলাসীপাৰাত এনকাউন্টাৰত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.