ETV Bharat / state

পুৱাই চুলাই মদৰ বিৰুদ্ধে বিভিন্ন অঞ্চলত চলিল আবকাৰী বিভাগৰ অভিযান - Anti Liquor Operation

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 5:05 PM IST

Anti Liquor Operation : চুলাই মদৰ বিৰুদ্ধে চলিল আবকাৰী বিভাগৰ বৃহৎ অভিযান ৷ আবকাৰী বিভাগে চি আৰ পি এফৰ সহযোগত গাঁৱে গাঁৱে উচ্ছেদ কৰে বহু সংখ্যক চুলাইৰ ভাটি ৷

ANTI LIQUOR OPERATION
আবকাৰী বিভাগৰ বৃহৎ অভিযান (ETV BHARAT ASSAM)

তিতাবৰ/গোলাঘাট, 9 জুন : দেওবাৰে পুৱাই মেৰাপানীৰ বিভিন্ন অঞ্চলত চুলাই মদৰ বিৰুদ্ধে চলিল আবকাৰী বিভাগৰ বৃহৎ অভিযান ৷ আবকাৰী বিভাগৰ জোৱানে চি আৰ পি এফৰ সহযোগত গাঁৱে গাঁৱে উচ্ছেদ কৰে বহু সংখ্যক চুলাই ভাটি ৷ ফৰকাটিং আবকাৰী বিভাগৰ উপ-পৰিদৰ্শক ৰুবুল আলীৰ নেতৃত্বত ফৰকাটিং চক্ৰ, গোলাঘাট চক্ৰ আৰু 142 নং চি আৰ পি এফ বাহিনীৰ সহযোগত আজি বৰডুবি, আঠগাঁও, আমগুৰি, শোভনগাঁও আদি অঞ্চলত অভিযান চলাই দলটোৱে ৷

চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান (ETV BHARAT ASSAM)

উল্লেখ্য যে, গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অবৈধ চুলাই মদৰ ভাটি ৷ এই চুলাই মদৰ ভাটিয়ে সামাজিক-শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি অহাৰ লগতে ধ্বংস কৰিছে বহু পৰিয়াল ৷ কাঠফুলাৰ দৰে গঢ় লৈ উঠা এই চুলাই ভাটি সমূহ উচ্ছেদ কৰিবলৈ দীৰ্ঘদিনে দাবী জনাই আহিছে সচেতন লোকসকলে ৷ ইয়াৰ পিচতেই দেওবাৰে পুৱাই অবৈধ চুলাই মদৰ বিৰুদ্ধে চলিল আবকাৰী বিভাগৰ অভিযান ৷ আবকাৰী বিভাগে চি আৰ পি এফৰ সহযোগত গাঁৱে গাঁৱে উচ্ছেদ কৰে বহু সংখ্যক চুলাইৰ ভাটি ৷

অভিযানত 4,200 লিটাৰ চুলাই বনোৱা পাচ, ত্ৰিশ লিটাৰ চুলাই মদ, চুলাই প্ৰস্তুত কৰা সামগ্ৰী নষ্ট কৰে বিভাগে ৷ আবকাৰী বিভাগে অঞ্চলটোত অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান ভৱিষ্যতেও অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে ৷ উল্লেখযোগ্য যে আজিও মাৰ যোৱা নাই সমগ্ৰ দেশ জোঁকাৰি যোৱা গোলাঘাটৰ চুলাই কাণ্ডৰ চাঞ্চল্য ৷ গোলাঘাট নগৰৰ শালমাৰা চাহ বাগিচাকে ধৰি বিভিন্ন অঞ্চলত বিষাক্ত চুলাই মদ সেৱন কৰি মৃত্যু মুখত পৰিছিল শতাধিক লোক ৷ যাৰ পৰিপ্ৰেক্ষিতত বহু পৰিয়াল নিথৰুৱা হোৱাৰ লগতে ঘাট মাউৰা হৈছিল কণ কণ শিশু ৷ কিন্তু তাৰ পাচতো শিক্ষা লোৱা নাই একাংশ লোকে ৷ আবকাৰী বিভাগৰ লোকে বিভিন্ন সময়ত জিলাখনৰ বিভিন্ন প্ৰান্তত এনে অবৈধ চুলাই মদ প্ৰস্তুত কৰা ভাটি সমূহৰ বিৰুদ্ধে অভিযান চলায় যদিও পুনৰ ঠাই সলনি কৰি আৰম্ভ কৰে অবৈধ চুলাই প্ৰস্তুতৰ কাম ৷

লগতে পঢ়ক : সুৰাৰ প্ৰচলন বন্ধৰ দাবীত আৰক্ষী চকী ঘেৰাও ক্ষোভিত মহিলাৰ - Protest in Lakhimpur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.