ETV Bharat / state

বিলাসীপাৰাত এনকাউন্টাৰত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী

author img

By

Published : Apr 10, 2022, 11:00 AM IST

Updated : Apr 10, 2022, 3:28 PM IST

বিলাসীপাৰাৰ সাপটগ্ৰামত আৰক্ষীৰ এনকাউণ্টাৰ (Police encounter at Bilasipara) ৷ আৰক্ষীৰ গুলীত এটা পশুধন সৰবৰাহকাৰী(Cattle smuggler shot dead in police encounter) নিহত হোৱাৰ বিপৰীতে আহত হৈছে আন এটা সৰবৰাহকাৰী ৷

Cattle smuggler shot dead in police encounter at Bilasipara
সাপটগ্ৰামত আৰক্ষীৰ গুলিত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী

পশ্চিম বিলাসীপাৰা, 10 এপ্ৰিল : ৰাজ্যত এটাৰ পিছত আন এটাকৈ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা(Police encounter in Assam) । এইবাৰ বিলাসীপাৰাৰ সাপটগ্ৰামত সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা (Bilashipara police encounter)। বিলাসীপাৰাৰ সাপটগ্ৰামত দেওবাৰে পুৱা আৰক্ষী আৰু পশুধনৰ চোৰাং সৰবৰাহকাৰীৰ চাৰিজনীয়া এটা দলৰ মাজত সংঘটিত হয় গুলীয়াগুলীৰ ঘটনা ।

পশুধন সৰবৰাহকাৰীকেইটাই এখন ইণ্ডিগো বাহনেৰে বাংলাদেশ লৈ গো-ধন সৰবৰাহ কৰাৰ সময়ত নয়াহাট আৰক্ষী আৰু গো-মাফিয়াৰ মাজত প্ৰচণ্ড গুলীয়াগুলী হয় । দেওবাৰে পুৱা গো-মাফিয়াই গৰু সৰবৰাহ কৰাৰ সময়ত নয়াহাট আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত বিলাসীপাৰাৰ ভেৰভেৰীত গাড়ী ৰখাবলৈ চেষ্টা কৰে । কিন্তু আৰক্ষীৰ নিৰ্দেশক আওকাণ কৰি গো- মাফিয়াই আৰক্ষীলৈ গুলীচালনা কৰে ৷ ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়েও গো-মাফিয়ালৈ গুলীচালনা কৰে ।

সাপটগ্ৰামত আৰক্ষীৰ এনকাউণ্টাৰ

আৰক্ষীৰ গুলীত এটা পশুধন সৰবৰাহকাৰী(Cattle smuggler shot dead in police encounter) নিহত হোৱাৰ বিপৰীতে আহত হৈছে আন এটা সৰবৰাহকাৰী ৷ নিহত সৰবৰাহকাৰীটোৰ নাম ছাকান্ত আৰু আহত সৰবৰাহকাৰীটোৰ নাম নাছিৰউদ্দিন বুলি জানিব পৰা গৈছে ।

আহত সৰবৰাহকাৰীটোক ততালিকে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । আনহাতে, আটকাধীন ছাইদুল আলী নামৰ আন এটা সৰবৰাহকাৰীক আৰক্ষীয়ে নিজ জিম্মাত ৰখাৰ কথা জানিব পৰা হৈছে ৷ অৱশ্যে এটা সৰবৰাহকাৰী ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷ পলাতক সৰবৰাহকাৰীটোৰ সন্ধানত সম্প্ৰতি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়ক : Encounter at Doboka : ডবকাত আৰক্ষীৰ গুলীত আহত ডকাইত

Last Updated :Apr 10, 2022, 3:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.